নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ দিল্লীত নৰ্থ ইষ্ট ফেষ্টিভেলৰ শুভাৰম্ভ

🟢উত্তৰ-পূবৰ ৰামধেনুৰঙী সংস্কৃতি-পৰ্যটনৰ সৌন্দৰ্যক আলোকিত কৰাৰ লক্ষ্য

🟢২২, ২৩ আৰু ২৪ ডিচেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচী

বাৰ্তা ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰঃ উত্তৰ-পূবৰ ৰামধেনুৰঙী সংস্কৃতি আৰু পৰ্যটনৰ সৌন্দৰ্যক আলোকিত কৰাৰ লক্ষ্যৰে কাইলৈৰ পৰা ৰাজধানী দিল্লীত আৰম্ভ হব নৰ্থ ইষ্ট ফেষ্টিভেলৰ ১১সংখ্যক সংস্কৰণ। দিল্লীৰ শেঁতা শীতক প্ৰত্যাহ্বান জনাই ৰঙীন আৰু উমাল কৰাৰ প্ৰতিশ্ৰুতিৰে বহু প্ৰত্যাশিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ ১১সংখ্যক সংস্কৰণ বৰ্ণিল সংস্কৃতি, বৈচিত্ৰময় খাদ্য আৰু সৃজনীশীলতাৰ সম্ভাৰেৰে পুনৰ ৰাজধানী দিল্লীলৈ উভতি আহিছে। জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ ১৪নং গেটত ২২, ২৩ আৰু ২৪ ডিচেম্বৰত অনুষ্ঠিত হ’ব দিল্লীৰ সৰ্ববৃহৎ উদযাপন নৰ্থ ইষ্ট ফেষ্টিভেল। এটা দশকজুৰি দিল্লীবাসীক উত্তৰ-পূবৰ বৰ্ণাঢ্যতাৰ সৈতে সংযুক্ত কৰি ৰখা নৰ্থ ইষ্ট ফেষ্টিভেলৰ ১১সংখ্যক সংস্কৰণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষি লেখিয়ে। যোৱা এটা দশকত ইতিবাচকতাৰ অনুঘটকলৈ ৰূপান্তৰ ঘটা নৰ্থ ইষ্ট ফেষ্টিভেলে পৰ্যটন, বাণিজ্য আৰু সাংস্কৃতিক সজাগতাৰ বিকাশত বিশেষ উদগনি দি আহিছে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য সংগঠক শ্যামকানু মহন্তই উল্লেখ কৰে, “নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীৰ আটাইতকৈ প্ৰাণৱন্ত আৰু জনপ্ৰিয় উদযাপন। অতুলনীয় খাদ্য, বিচিত্ৰ সংগীত আৰু অদ্বিতীয় সামগ্ৰীৰ বিস্তৃত প্ৰদৰ্শনে নৰ্থ ইষ্ট ফেষ্টিভেলক ৰাজধানী চহৰৰ এক মুখ্য অনুষ্ঠানৰ ৰূপত গঢ়ি তুলিছে। বিগত বছৰবোৰত পৰ্যটকৰ মুখ্য আকৰ্ষণলৈ ৰূপান্তৰিত হোৱা ফেষ্টিভেলটোত এইবাৰো দৰ্শনাৰ্থীৰ সংখ্যা যথেষ্ঠ বৃদ্ধি পাব বুলি আশা কৰিছো। টিকটবোৰ অনলাইন আৰু অনুষ্ঠানস্থলী দুয়োটাতে উপলব্ধ। এটা দশকৰ পাছত ১১তম সংস্কৰণত দিল্লীস্থিত বিভিন্ন বিপনীৰ সক্ৰিয় অংশগ্ৰহণে সামগ্ৰিক বৈচিত্ৰ্যতাক আৰু সমৃদ্ধ কৰিব। আমি যোৱা দহ বছৰৰ সফলতা আৰু বিকাশকো আলোকপাত কৰিম।” খ্ৰীষ্টমাছৰ সৈতে সংগতি ৰাখি উত্তৰ-পূবৰ কাৰুশিল্পৰ খ্ৰীষ্টমাছ বিশেষ প্ৰদৰ্শনী আৰু দিল্লীৰ সুস্বাদু বেকাৰীৰ বিপণীত ৰৈ দৰ্শকে খ্ৰীষ্টমাছৰ অনুভৱ পাব। ফেশ্বনৰ প্ৰতি আগ্ৰহীসকলক স্বাভাৱিকতেই উত্তৰ-পূবৰ ঐতিহ্যপূৰ্ণ থলুৱা আৰ্হিৰ বস্ত্ৰই আকৰ্ষণ কৰিব। উত্তৰ-পূব অন্বেষণকাৰী ক্ৰেতাসকলৰ বাবে থাকিব ১০০গৰাকী এম এছ এম ই উদ্যোগীৰ ‘মেইড ইন নৰ্থ ইষ্ট’ সামগ্ৰী। প্ৰায় ১৫০খন বিপনীৰ সৈতে প্ৰদৰ্শনীখনে কৃষি আৰু উদ্যানজাত সামগ্ৰী, হস্ততাঁত, হস্তশিল্প আৰু সংসাধিত খাদ্যক প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰচেষ্টা হাতত লৈছে। এইবাৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ অন্যতম লক্ষ্য লেণ্ডলক উত্তৰ-পূবৰ ধাৰণাৰ পৰিৱৰ্তে যোগাযোগ আৰু যাতায়তৰ মাধ্যমেৰে জীৱন্ত অঞ্চলটোৰ অপাৰ সম্ভাৱনাক পৰ্যটকৰ আগত প্ৰদৰ্শন কৰা। যাত্ৰা আৰু বিমান পৰিবহনৰ সুবিধাৰ সমান্তৰালভাৱে পৰ্যটনকেন্দ্ৰিক বিপনীসমূহে উত্তৰ-পূবৰ জনপ্ৰিয় আৰু কম প্ৰসিদ্ধ অঞ্চলসমূহৰ প্ৰচাৰেৰে পৰ্যটকক অঞ্চলটো ভ্ৰমণ কৰিবলৈ উৎসাহ যোগাব। অনুষ্ঠানৰ সন্ধিয়াবোৰ উজ্জ্বীৱিত কৰিব পাপন, জুবিন গাৰ্গ, শ্ৰুতি হাচান আৰু অন্যান্য শীৰ্ষ বেণ্ডৰ পৰিৱেশনে। এইবাৰৰ অনুষ্ঠানত বলিউডৰ প্ৰসিদ্ধ সংগীত শিল্পী কে কেৰ প্ৰতি উৎসৰ্গিত এক বিশেষ শ্ৰদ্ধাঞ্জলি সংগীত প্ৰদৰ্শন কৰা হ’ব। দশম সংস্কৰণৰ অভিলেখ ভংগকাৰী ১ লাখ দৰ্শনাৰ্থীৰ উপস্থিতিক দুগুণ কৰাৰ লক্ষ্যৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ ১১তম সংস্কৰণ সাজু।

You might also like