নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ৰাষ্ট্রীয় শিক্ষানীতি ৰাজ্যৰ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আদৰণি

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা নতুন ৰাষ্ট্রীয় শিক্ষানীতিক উষ্ম আদৰণি জনাইছে অসমৰ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই সম্পর্কত তেওঁ কয় যে নতুন শিক্ষানীতিয়ে শিকন আৰু শিক্ষণৰ পৰিৱেশত এক নতুনত্ব আনিব৷ এই নতুন শিক্ষানীতিয়ে সামগ্রিক দৃষ্টিৰে সকলোকে সামৰি ল’ব৷ নতুন ৰাষ্ট্রীয় শিক্ষানীতিত মাতৃভাষা আৰু আঞ্চলিক ভাষাৰ ওপৰত গুৰুত্ব প্রদান কৰাটো প্রশংসনীয়৷

ইয়াৰ বাবে তেওঁ কেন্দ্রীয় মানৱ সম্পদ উন্নয়নমন্ত্রী ড০ ৰমেশ পোখৰিয়াল নিশাংকক ধন্যবাদ জ্ঞাপন কৰে৷ সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে নতুন শিক্ষানীতিৰ স্বৰূপটো ৰাজ্য চৰকাৰে অধ্যয়ন কৰিব৷ তাৰ পিছত অসমত কেনেধৰণৰ পৰিৱর্তন আনিব লাগিব, সেই সম্পর্কত আলোচনা কৰি অচিৰেই বিষয়টো কেবিনেটলৈ অনা হ’ব৷ সেইদৰে ৰাজ্যত শিক্ষানুষ্ঠান খোলা সম্পর্কত তেওঁ কয় যে অহা ৩১ আগষ্ট পর্যন্ত ভাৰত চৰকাৰে সমগ্র দেশতে শিক্ষানুষ্ঠান বন্ধ কৰি ৰাখিছে৷ অহা ১ ছেপ্ঢেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ সম্পর্কত ৰাজ্য চৰকাৰে এছঅ’পি সাজু কৰি ৰাখিছে৷ ভাৰত চৰকাৰে ১ ছেপ্ঢেম্বৰত যদি শিক্ষানুষ্ঠান খোলাৰ ব্যৱস্থা কৰে অসমেও যাতে লগে লগে শিক্ষানুষ্ঠানসমূহ খুলিব পাৰে, তাৰ বাবে প্রস্তুতি সাজু কৰি ৰাখিছে৷

You might also like