নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটাৰ পৰিচয় পত্র হ’ল ভাৰতীয় নাগৰিকত্বৰ প্রমাণ

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃভোটাৰ পৰিচয়–পত্র থকালৈকে এজন অবৈধ বাংলাদেশীও ভাৰতৰ নাগৰিক হ’ব পাৰে৷ ৰাষ্ট্রীয় নাগৰিকপঞ্জীত নাম থাকক বা নাথাকক আপোনাৰ হাতত যেতিয়ালৈকে ভোটাৰ পৰিচয়–পত্র আছে, তেতিয়ালৈকে আপুনি নিঃসন্দেহে ভাৰতৰ নাগৰিক৷ অতি গুৰুত্বপূর্ণ এই ঘোষণা দেশৰ নির্বাচন আয়োগৰ৷ নাগৰিকত্বক লৈ দেশজুৰি চলি থকা বিতর্কৰ মাজতে তথ্য জনাৰ অধিকাৰ (আৰ টি আই) আইনৰ অধীনত প্রদান কৰা এক উত্তৰত নির্বাচন আয়োগে শেহতীয়াকৈ অতি তাৎপর্যপূর্ণ এই কথা প্রকাশ কৰিছে৷ আয়োগৰ স্পষ্ট বক্তব্য– ভোটাৰ কার্ড হৈছে ভাৰতীয় নাগৰিকত্বৰ অন্যতম প্রমাণ৷ উল্লেখ্য যে জনৈক প্রাণজিৎ দে’ নামৰ এজন ব্যক্তিয়ে অলপতে ভাৰতৰ নাগৰিকত্ব সন্দর্ভত নির্বাচন আয়োগৰ ওচৰত এক প্রশ্ণৰ অৱতাৰণা কৰিছিল৷ সমাজকর্মী হিচাপে পৰিচিত দে’ৰ প্রশ্ণ আছিল– ভোটাৰ পৰিচয়–পত্র নাগৰিকত্বৰ প্রমাণ হ’ব পাৰেনে?

ইয়াৰ উত্তৰত নির্বাচন আয়োগৰ স্পষ্ট বক্তব্য– ভাৰতৰ নাগৰিক নহ’লে কোনেও ভোটাৰ পৰিচয়–পত্র পাব নোৱাৰে৷ অর্থাৎ সংশ্লিষ্ট ব্যক্তিৰ ওচৰত ভোটাৰ পৰিচয়–পত্র থকাটোৱেই তেওঁৰ ভাৰতীয় নাগৰিকত্বৰ প্রমাণ৷ ৰাষ্ট্রীয় নাগৰিকপঞ্জীক কেন্দ্র কৰি দেশজুৰি সৃষ্টি হোৱা বিতর্কৰ আঁত ধৰি আৰ টি আই প্রশ্ণকর্তাজনে নির্বাচন আয়োগৰ সন্মুখত দুটা বক্র প্রশ্ণ উত্থাপন কৰিছিল৷ প্রথমটো আছিল– একমাত্র ভাৰতীয় নাগৰিকেই যে দেশৰ সংসদীয় নির্বাচনত ভোটদান কৰিব পাৰে, তাৰ কি প্রমাণ আছে সেয়া তথ্যসহকাৰে প্রদান কৰা হওক৷ দ্বিতীয় প্রশ্ণটো আছিল– একমাত্র ভাৰতীয় নাগৰিকেই যে ভোটাৰ পৰিচয়–পত্র লাভ কৰিব পাৰে তাৰ কি প্রমাণ আছে, সেয়া তথ্যসহকাৰে প্রদান কৰা হওক৷ ইয়াৰ উত্তৰত নির্বাচন আয়োগৰ বক্তব্য– ভাৰতীয় সংবিধানৰ ৩২৬সংখ্যক অনুচ্ছেদে এজন ভাৰতীয় নাগৰিকক ভোটাৰ হিচাপে পঞ্জীভুক্ত হোৱাৰ কর্তৃত্ব প্রদান কৰিছে৷ সংশ্লিষ্ট ব্যক্তিয়ে ভোটাৰ তেতিয়াই হ’ব পাৰে যেতিয়া তেওঁ ভাৰতৰ নাগৰিকত্ব প্রমাণ কৰিব পাৰে৷ স্বাভাৱিকতেই এতিয়া প্রশ্ণ উত্থাপিত হৈছে নিজকে ভাৰতীয় প্রমাণ কৰাৰ পিছত ভোটাধিকাৰ লাভ কৰা এজন ব্যক্তিক ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াৰে কেনেকৈ ভাৰতৰ অনাগৰিক তথা বিদেশী বুলি ক’ব পাৰি?

কিয়নো নির্বাচন আয়োগেই এজন ব্যক্তিৰ নাগৰিকত্ব চালিজাৰি চাইহে ভোটাধিকাৰ তথা ভোটাৰ পৰিচয়–পত্র প্রদান কৰে৷ আৰ টি আই প্রশ্ণৰ উত্তৰত আয়োগে লগতে জনাই দিছে যে ১৯৫০ চনৰ জনগণৰ প্রতিনিধিত্ব আইনৰ ১৬, ১৭, ১৮ আৰু ১৯নং ধাৰা অনুসৰি এজন ব্যক্তিৰ ভোটাধিকাৰ খর্ব কৰাটোও সম্ভৱ৷ অৱশ্যে এজন অবৈধ নাগৰিকে কেনেকৈ ভোটাৰ পৰিচয়–পত্র লাভ কৰিব পাৰে তাৰ কোনো সদুত্তৰ নির্বাচন আয়োগে কাহানিও প্রদান কৰিব পৰা নাই৷ অন্ততঃ আনুষ্ঠানিকভাৱে আয়োগৰ তৰফত আজিকোপতি এইক্ষেত্রত কোনো ধৰণৰ বিবৃতি প্রদান কৰা হোৱা নাই৷

You might also like