নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যিকোনো মুহূৰ্ততে উত্তৰ অসমত হ’ব পাৰে জলপ্ৰলয়ঃ NHPCৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী

নিয়মীয়া বাৰ্তা, ২৯ জুন: পুনৰ ভয়ংকৰ দুৰ্যোগৰ মুখলৈ গতি কৰিছে উত্তৰ অসমৰ কেইবাখনো জিলা। কেইদিনমানৰ পূৰ্বৰ পৰা প্ৰবল বানত ককবকাই থকা লখিমপুৰ জিলাখন অধিক বিপৰ্যস্ত হোৱাৰ দিশে গতি কৰিছে। কালি বিয়লি ৰঙানদী প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হোৱা আৰু জলাধাৰৰ সুৰক্ষাৰ স্বাৰ্থতে প্ৰকল্পৰ পানী এৰি দিয়া হ’ব পাৰে বুলি নীপকোৱে লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্কবাৰ্তা প্ৰেৰণ কৰে। তাৰ পাছতেই নীপকোৱে প্ৰকল্পৰ ৫ নং গেট খুলি দি ৰঙানদীত পানী এৰি দিয়ে। ফলত বিপদজনক ৰূপত নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পাইছে।

উল্লেখ্য জিলাখনত ইতিমধ্যে কেইবাখনো নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে। ব্ৰহ্মপুত্ৰই জামুগুৰিত, সোৱণশিৰিয়ে শিলিখাগুৰি আৰু ঘনচৰাইত, ডিক্ৰং নদীয়ে চিচাপথাৰত আৰু পাভ নদীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিপদ সীমা অতিক্রম কৰিছে। নদীসমুহে এনে বিপদজনক ৰূপ ধাৰণ কৰাৰ সময়ত নীপকোৱে মোকোলাই দিয়া পানীয়ে ৰঙানদীকো বলিয়া কৰি তুলিছে।

ইফালে আন এক ভয়ংকৰ দুৰ্যোগ নমাই আনিছে নিৰ্মীয়মান সোৱনশিৰি প্ৰকল্পই। কালিৰ পৰা প্ৰকল্পটোত সৃষ্টি হোৱা মাত্ৰাধিক জলপ্ৰবাহে আজি পাৰ ভাঙি যায়। ভয়ংকৰ ৰূপত প্ৰকল্পটোৰ মুল বান্ধব ওপৰেদি আজি পানী বাগৰি যায়। যাৰ বাবে প্ৰকল্প টোৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া হৈছে। মূল বান্ধৰ ওপৰেৰে ভয়ংকৰ ৰূপত বাগৰি অহা পানীয়ে বিশেষকৈ ঘুনাসুতি অঞ্চলত তাণ্ডব চলোৱাৰ সম্ভাবনা আছে। যাৰ বাবে এতিয়া সোৱণশিৰি পৰীয়া অথবা ৰঙানদী পৰীয়া ৰাইজে প্ৰমাদ গনিব লগীয়া হৈছে।

উল্লেখ্য জিলা প্ৰশাসনৰ তথ্য মতে কালি সন্ধিয়া লৈ জিলাখনৰ এশখন গাঁও বানৰ কবলত পৰিছে৷ বিহপুৰীয়া ৰাজহ চক্র এলেকাত ৪২ খন, কদমত ৯ খন, ঢকুৱাখনাত ৩ খন, নাৰায়ণ পুৰত ২০ খন, লখিমপুৰ ত ৭ খন, নাওবৈচাত ৪ খন আৰু সোৱণশিৰি ৰাজহ চক্র ৰ এলেকাত ১৫ খন গাও বানৰ কবলত পৰিছে৷ এই বানত প্ৰায় ১০ হেজাৰ লোকৰ ক্ষতি হোৱাৰ উপৰি ৭৩৯’৪০ হেক্টৰ শস্য পথাৰ বিনষ্ট হৈছে। বানত ১১ হেজাৰোধিক পোহনীয়া জীৱ-জন্তুৰ ক্ষতি হৈছে। বহু পথৰ ওপৰেৰে নদীৰ পানী বাগৰি যোৱাত যাতায়ত পৰ্যন্ত বিঘ্নিত হৈছে। জিলাখনৰ এনে শোচনীয় অৱস্থাৰ মাজতে নীপকোৱে পানী মোকোলাই দিয়াৰ উপৰি সোৱণশিৰি প্ৰকল্পৰ ওপৰেৰে পানী বাগৰি অহাৰ ফলত জিলাখন চৰম এক দুৰ্যোগৰ মুখলৈ গতি কৰিছে। এনে বিপদজনক অৱস্থাৰ সময়ত বিশেষকৈ নদী পৰীয়া অঞ্চলৰ ৰাইজ আতংকিত হৈ পৰিছে৷

You might also like