নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত নাটনি হোৱা নাই ক’ভিড ভেকচিন

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ ৰাজ্যজুৰি ক’ভিডৰ সংক্রমণ দ্রুত হাৰত বৃদ্ধি পোৱাৰ সময়তে ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইয়াৰ পৰিৱর্তে ৰাজ্যবাসীক সাৱধানে থকাৰ লগতে সামান্য অসুস্থ হ’লেই পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে৷ দেওবাৰে কালাপাহাৰস্থিত ক’ভিড হাস্পতাল পৰিদর্শন কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত মন্ত্রীগৰাকীয়ে কয় যে বর্তমান ক’ভিড পৰীক্ষাৰ লগতে প্রতিষেধক প্রদানৰ ক্ষেত্রত সর্বাধিক গুৰুত্ব প্রদান কৰা হৈছে৷ এই প্রসংগতে তেওঁ কয়– ‘আজি প্রায় ৭৫ হাজাৰ পৰীক্ষা সম্পন্ন কৰা হ’ব৷ আগন্তুক ৩–৪ দিনলৈ প্রায় এক লাখকৈ নিতৌ পৰীক্ষা কৰা হ’ব৷ ইতিমধ্যে বাংগালুৰু আৰু মুম্বাইৰ পৰা অহা যাত্রীৰ ক্ষেত্রত ক’ভিডৰ পৰীক্ষা বাধ্যতামূলক কৰা হৈছিল৷ দুই–এদিনৰ ভিতৰত দিল্লী আৰু কলকাতাৰ পৰা অহা যাত্রীৰ ক্ষেত্রতো পৰীক্ষা বাধ্যতামূলক কৰা হ’ব৷ অহা সপ্তাহৰ পৰা সকলো যাত্রীৰ বিমানবন্দৰত পৰীক্ষা বাধ্যতামূলক কৰা হ’ব৷ ইয়াৰ লগে লগে ভেকচিন প্রদান দ্রুতগতিত বৃদ্ধি কৰিবলৈ আমি চেষ্টা চলাইছোঁ৷’

ইফালে, ৰাজ্যত ভেকচিনৰ নাটনি হোৱা নাই বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে দেশজুৰি আকস্মিকভাৱে ভেকচিনৰ চাহিদা বৃদ্ধি পাইছে৷ প্রথম অৱস্থাত ভেকচিন লোৱা লোকৰ অভাৱ আছিল৷ কিন্তু এতিয়া অসমতো আকস্মিকভাৱে ভেকচিনৰ চাহিদা বাঢ়িছে৷ এতিয়াও দুই লাখ ভেকচিনৰ ড’জ মজুত আছে৷ অহা ১৩ এপ্রিলৰ পৰা পুনৰ অসমে ৩–৪ লাখ ভেকচিনৰ ড’জ লাভ কৰিব৷ সমান্তৰালভাৱে ক’ভিড সংক্রমণ বৃদ্ধিৰ লগে লগে পুনৰ লকডাউন হ’ব বুলি চলা চর্চা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি মন্ত্রীগৰাকীয়ে কয়– ‘অসমত লকডাউনৰ পৰিৱেশ নাই৷ এইকেইটা দিনত আক্রান্তৰ তথ্য বিশ্লেষণ কৰিলে আমি গম পাওঁ যে আক্রান্তৰ হাৰ হৈছে ০.৫ শতাংশ৷ যেতিয়ালৈকে ক’ভিড থাকিব, তেতিয়ালৈ ০.৫ শতাংশ আক্রান্ত লোক থাকিবই৷ লকডাউন ঘোষণা কৰিলেও আক্রান্তৰ হাৰ ০.৫ শতাংশলৈকে নমাব পাৰি৷ লকডাউন দিলেও ইয়াতকৈ ভাল ফলাফল আমি নাপাম৷ লকডাউন ঘোষণা কৰিলে ক’ভিড আমাৰ মাজৰ পৰা নোহোৱা হৈ নাযায়৷ হয়তো এসপ্তাহ বা দুসপ্তাহ নোহোৱা হ’ব, কিন্তু পুনৰ আক্রান্ত হ’ব৷ সেয়েহে লকডাউনৰ কথা চিন্তা কৰা হোৱা নাই৷ আনকি আমি ৰাজ্যত বিহু অনুষ্ঠিত কৰিবলৈ অনুমতি দিছোঁ৷’

উল্লেখ্য যে ৰাজ্যত ৰঙালী বিহু উদ্যাপনৰ ক্ষেত্রত ৰাজ্য চৰকাৰে জাৰি কৰিছে এছ অ’ পি৷ নিশা ১১ বজাৰ ভিতৰত বিহুৰ কার্যসূচী সমাপ্ত কৰাৰ লগতে আন কেতবোৰ নীতি–নির্দেশনা নির্ধাৰণ কৰি দিয়া হৈছে এই এছ অ’ পিৰ জৰিয়তে৷ অৱশ্যে মহানগৰীৰ বহুসংখ্যক বিহু কমিটীয়ে ইয়াৰ বিৰুদ্ধে প্রতিক্রিয়া প্রকাশ কৰিছে৷ বিহু কমিটীসমূহৰ প্রতিক্রিয়া সন্দর্ভত সংবাদ মাধ্যমে সোধা প্রশ্ণৰ উত্তৰত মন্ত্রী ড০ শর্মাই কয়– ‘বিহুৰ এছ অ’ পিক লৈ প্রতিক্রিয়া প্রকাশ কৰাৰ কোনো প্রয়োজন নাই৷ কাৰণ নির্বাচনৰ প্রচাৰ আমি ১০ বজালৈকে কৰিছিলোঁ৷ কিন্তু বিহু ১১ বজালৈ অনুষ্ঠিত কৰিবলৈ আমি অনুমতি দিছোঁ৷ ভাৰতৰ আন ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ তেনে অৱস্থাত অসমত ওৰেনিশা বিহু অনুষ্ঠিত কৰিবলৈ অনুমতি দিলে আমাক সমালোচনা কৰিব৷ সেয়েহে আমি বহুত প্রত্যাহ্বান লৈ বিহু অনুষ্ঠিত কৰিবলৈ অনুমতি দিছোঁ৷ বিহু কমিটীসমূহ আৰু শিল্পীসকলে ইয়াক আদৰি ল’ব লাগে৷ ওৰেনিশা বিহু অনুষ্ঠিত কৰিবলৈ অনুমতি দিলে কেন্দ্রীয় চৰকাৰৰ পৰা বন্ধ কৰাৰ নির্দেশ আহি যাব৷ কিয়নো এইটো এটা ৰাষ্ট্রীয় দুর্যোগ৷’

ইফালে, ক’ভিড হাস্পতাল ৰাজ্যত সম্প্রতি বৃদ্ধি কৰাৰ প্রয়োজন নাই বুলি মন্ত্রীগৰাকীয়ে কয় যে বর্তমান জি এম চি এইচৰ উপৰি এম এম চি এইচ, সোণাপুৰ, শিঙিমাৰী আৰু কালাপাহাৰৰ হাস্পতাল সাজু হৈ আছে৷ কোনো লক্ষণ নথকা ৰোগীসকলক হাস্পতালত ৰখাৰ প্রয়োজন নাই৷ এই বিষয়টো আলোচনা কৰা হৈছে৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰে হোৱা আলোচনাত এনে ৰোগীসকলক ৰখাৰ বাবে দুখন হোটেল অথবা ধৰমশালাৰ ব্যৱস্থাৰ সিদ্ধান্ত হৈছে৷ য’ত লক্ষণ নথকা ৰোগীসকলক ৰখা হ’ব৷ এই সমগ্র ব্যৱস্থা সন্দর্ভত তেওঁ কয়– ‘বাহিৰৰ পৰা অহা ৰোগীসকলক আমি ৰাখিবও লাগিব আৰু খোৱা–বোৱাৰ ব্যৱস্থাও কৰিব লাগিব৷ সেয়েহে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ৰাখি উভতি যোৱাৰ সময়ত ৰে’লৰ টিকটৰ ধন দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ অসমত সম্প্রতি আতংকিত হোৱাৰ কোনো কাৰণ নাই৷ দৈনিক ১০ হাজাৰ ৰোগীক ৰাখিব পৰা ব্যৱস্থা বনোৱা আছে৷ এইবাৰ ক’ভিড বেছি ক্ষতিকাৰক হোৱা নাই৷ আগতে ৰোগীক ১০ দিন ৰাখিছিলোঁ৷ এতিয়া ৭ দিনতে ৰোগীক ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়৷ বর্তমান আতংকিত হোৱাৰ কোনো কাৰণ নাই৷ প্রয়োজন হ’লে আমি কথা পাতিম৷ ভালে ভালে বিহু হৈ যাওক, তাৰ পাছত আমি চাম৷’ ইফালে, বর্তমানলৈ ৰাজ্যত ১৬ লাখ লোকে ভেকচিন লৈছে বুলি উল্লেখ কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে ভেকচিন লোৱাসকলৰ কিছুসংখ্যকে দ্বিতীয় ড’জ লাভ কৰিছে৷ বেছিসংখ্যক আক্রান্ত বিমান অথবা ৰে’লযাত্রী৷ মহানগৰীত অধিক পৰীক্ষা কৰাৰ বাবে আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ আজি ৭০ হাজাৰ পৰীক্ষাৰ কৰাৰ পাছত ৬০গৰাকী আক্রান্ত পজিটিভ হৈছে৷ এয়া যথেষ্ট বুলি ক’ব পৰা নাযায়৷

পূর্বৰ ক’ভিডৰ সময়ৰ দৰেই এইবাৰ আতংকিত হ’ব নালাগে বুলি উল্লেখ কৰি ড০ শর্মাই কয়– ‘এইবাৰ চিকিৎসক–নার্ছৰ বাবে আমাৰ ভয় নাই৷ সকলোৱে ভেকচিন লাভ কৰিছে৷ পি পি ই কিট, টেষ্টিং কিটৰ দাম যথেষ্ট হ্রাস পাইছে৷ তদুপৰি দেশত এইসমূহ সামগ্রী যথেষ্ট পৰিমাণে উপলব্ধ৷ আই চি ইউ বিছনাৰ অভাৱ নাই৷ সেয়েহে আতংকিত হোৱাৰ কোনো কাৰণ নাই৷ শিক্ষানুষ্ঠান বন্ধ ৰাখিলেও কিমান দিনলৈ শিক্ষানুষ্ঠান বন্ধ কৰি ৰাখিব পৰা যাব৷ ক’ভিড থাকিবই৷ কেন্দ্রীয় চৰকাৰে সময় মতে বিভিন্ন প্রৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব৷ আমি ভয় কৰি থাকিলে অসমৰ শিক্ষার্থীসকলে এই প্রৱেশ পৰীক্ষাসমূহত অৱতীর্ণ হ’ব নোৱাৰিব৷ সেয়েহে শিক্ষকসকলক ভেকচিন প্রদান কৰাৰ ক্ষেত্রত আমি অধিক গুৰুত্ব দিছোঁ৷ অহা কেইমাহমানৰ ভিতৰত ৬–৮টা নতুন ভেকচিন বজাৰলৈ আহিব৷ আমি আৰু কিছুদিন ধৈর্যসহকাৰে অতিক্রম কৰিব লাগিব৷ চিকিৎসক–নার্ছসক প্রশিক্ষিত৷ সেয়েহে ভয় খোৱাৰ কোনো কাৰণ নাই৷ ৪৫ বছৰ ঊর্ধ্বৰ সকলো ব্যক্তিক ভেকচিন ল’বলৈ মই আহ্বান জনাইছোঁ৷ ৰাইজ সাৱধানে থাকক৷ অসুস্থ অনুভৱ কৰিলেই পৰীক্ষা কৰাওক৷ এক লাখকৈ পৰীক্ষা কৰিব পাৰিলে ক’ভিড ৰাজ্যত বিয়পিব নোৱাৰে৷’ আনহাতে, মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ক’ভিডৰ সংক্রমণৰ বাবে সময় মতে অনুষ্ঠিত হ’ব নে নহয়, তাক লৈ শিক্ষার্থীৰ মাজত উদ্বিগ্ণতা সৃষ্টি হৈছে৷ ইয়াৰ মাজতে আজি এই সন্দর্ভত স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয় যে এই পৰীক্ষাসমূহ সময় মতে অনুষ্ঠিত হ’ব৷ পৰীক্ষা নহ’লে শিক্ষার্থীসকলৰ এটা শৈক্ষিক বর্ষ লোকচান হ’ব৷ দুখীয়া পৰিয়ালৰ শিক্ষার্থীসকলে পৰীক্ষা দিব নোৱাৰে৷ সামাজিক দূৰত্ব মানি এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে৷ মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলে শিক্ষার্থীসকলৰ এটা বছৰ পুনৰ লোকচান হ’ব

You might also like