নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰাজীর্ণ পূব বতাহঘুলি ৰাজহুৱা বিহু মঞ্চক লৈ উদ্বিগ্ন সাংস্কৃতিক মহল

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ পদূলিমুখ পালেহি অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু৷ হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্রস্তুতি চলিছে৷ নির্বাচনী ব্যস্ততাৰ অন্ত পৰাৰ লগে লগে ৰাজ্যৰ প্রান্তে প্রান্তে চলিছে ৰঙালীৰ আয়োজন৷ ক’ৰোনা মহামাৰীৰ ভয়াৱহতাক নেওচি হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ সমগ্র ৰাজ্যৰ লগতে মহানগৰবাসীয়েও প্রস্তুতি প্রায় সম্পন্ন কৰি তুলিছে৷

ৰঙালী বিহু উপলক্ষে মহানগৰীৰ দিছপুৰ, চানমাৰি, নুনমাটি, লতাশিল, ভৰলুমুখ, জালুকবাৰী, আজাৰা আদি অঞ্চলৰ বিভিন্ন স্থানত চলিছে বিহুৰ কর্মশালা৷ হেঁপাহৰ ৰঙালী বিহুত এপাক নাচিবলৈ ডেকা–গাভৰুসকলে মহানগৰীৰ প্রান্তে প্রান্তে বিহুৰ আখৰা কৰি থকাৰ মাজত মহানগৰীৰ পূব বতাহঘুলি অঞ্চলত এক ব্যতিক্রম দৃশ্য দেখা গৈছে৷ ঢ়োল, পেঁপা আৰু গগনাৰ মাতত চৌদিশ মুখৰিত হোৱাৰ সময়তে এৰাবাৰীত পৰিণত হৈছে পূব বতাহঘুলি বিহু মঞ্চ৷

মেৰামতিৰ অভাৱত জহিখহি যোৱাৰ পিছতো ৰাজহুৱা মঞ্চখন পুনৰুজ্জীৱিত কৰিবলৈ কোনো সাংস্কৃতিক কর্মী ওলাই অহা পৰিলক্ষিত হোৱা নাই৷ বিহুৰ পূর্বে মঞ্চখনে ন–ৰূপ পাব বুলি ধাৰণা কৰা হৈছিল যদিও হেঁপাহৰ ৰঙালী বিহু পদূলিমুখ পোৱাৰ পিছতো মঞ্চখন মেৰামতিৰ বাবে কোনো বিশেষ পদক্ষেপ গ্রহণ কৰা নাই বুলি স্থানীয় লোকে আক্ষেপ কৰে৷ দীর্ঘদিন ধৰি মেৰামতিৰ অভাৱত মঞ্চখন জহিখহি যোৱাৰ উপক্রম হোৱাই নহয় শেহতীয়াকৈ গৰুৰ গোহালিত পৰিণত হৈছে৷

উল্লেখ্য যে ২০০৫ চনৰ ১৩ আগষ্টত চন্দ্রপুৰ উন্নয়ন খণ্ডৰ অন্তর্গত এছজিআৰৱাই আঁচনিৰ পুঁজিৰে নির্মাণ কৰা মঞ্চখন সেই সময়ৰ বিধায়ক কেপ্ঢেইন ৰবীন বৰদলৈয়ে আমচিং গাঁও পঞ্চায়তৰ সভানেত্রী কল্পনা বড়াৰ উপস্থিতিত উন্মোচন কৰি অসমীয়া সাংস্কৃতিক জগতখনক এই মঞ্চৰ জৰিয়তে আৰু এখোজ আগবঢ়াই নিবলৈ সক্ষম হ’ব বুলি মতামত ব্যক্ত কৰিছিল৷

You might also like