ৰাষ্ট্ৰপতিৰ আমন্ত্ৰণ লাভ দৰঙৰ কৃষি উদ্যোগী মহিলা দীপ্তি চহৰীয়াৰ
নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’ব লগীয়া এক বিশেষ অনুষ্ঠানৰ বাবে বিশেষ ভাবে আমন্ত্ৰিত দৰঙৰ প্ৰগতিশীল কৃষি উদ্যোগী মহিলা দীপ্তি চহৰীয়া। দেশৰ বিভিন্ন ৰাজ্যৰ অন্যান্য সাতগৰাকী কৃষকৰ লগতে অসমৰ পৰা একমাত্ৰ কৃষক হিচাপে দৰঙৰ জলজলী -গৰিয়াপাৰাৰ উদ্যোগী মহিলা দীপ্তি চহৰীয়া তালিকা ভুক্ত হোৱাৰ পিছত কৃষক গৰাকীৰ লগতে পৰিয়াল আত্মীয় স্বজন আৰু সমগ্ৰ জিলা বাসীয়েই উৎফুল্লিত হৈ পৰিছে।
উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ দিনাই ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত ৰাষ্ট্ৰপতি দ্রুপদী মুৰ্মুয়ে সাক্ষাৎ কৰিব দেশৰ নিৰ্বাচিত এই ৮ গৰাকী কৃষকক ।নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত স্বাধীনতা দিৱস উপলক্ষে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’বলগীয়া “এট হোম’শীৰ্ষক অভ্যর্থনা অনুষ্ঠানত অংশগ্রহণৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে বিশেষ ভাবে প্ৰেৰণ কৰা নিমন্ত্রণী পত্ৰ ইতিমধ্যে লাভ কৰিছে দীপ্তি চহৰীয়াই।
ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰেৰিত নিমন্ত্রণী পত্র ডাকোৱালৰ লগতে মঙলদৈ সদৰ ডাক ঘৰৰ বিষয়া নিজে জলজলীৰ গৰিয়াপাৰাৰ দীপ্তি চহৰীয়াৰ বাসগৃহত উপস্থিত হৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰিছে।লক্ষণীয় যে বৰ্তমান চিৰ সেউজ মহিলা কৃষক উৎপাদক কোম্পানীৰ পৰিচালন সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰগতিশীল মহিলা কৃষক দীপ্তি চহৰীয়াই গ্রাম্য মহিলাসকলক কৃষিৰ জৰিয়তে সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ ভাবে অনুপ্ৰেৰণা যোগোৱাৰ লগতে কৃষি বিভাগৰ বিভিন্ন চৰকাৰী আচনিৰে সংযুক্ত কৰাই অৰ্থনৈতিক উত্তৰণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে।
অৱশ্যে মহিলা বুলিয়েই নহয় কৃষি ক্ষেত্ৰত জড়িত পুৰুষ সকলকো আগবঢ়ায় নিয়াত অহোপুৰুষাৰ্থ কৰি আহিছে দীপ্তি চহৰীয়াই।কৃষক পিতৃ মাতৃৰ সন্তান হিচাপে জন্মৰে পৰা পথাৰৰ সান্নিধ্য পাই অহা এই গৰাকী মহিলাই স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছতো এগৰাকী কৃষি সৈনিক হিচাবে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। অৱশ্যে প্ৰথম অৱস্থাত সহায়কাৰী হিচাপে পথাৰৰ লগত সম্পৰ্কিত হৈ থকাৰ পিছত বিগত কুৰি বছৰ একাণপটীয়াকৈ আত্ম নিয়োগ কৰিছে কৃষি ক্ষেত্ৰখনত।
অতি সুলভ মূল্যত বীজ, কৃষি সঁজুলি আৰু কীটনাশক, সাৰ আদি লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি অহাৰ লগতে বহনক্ষম কৃষি পদ্ধতিৰ জৰিয়তে গাৱৰ মহিলা কৃষক সকলৰ উন্নতিৰ বাবেও নিষ্ঠা সহকাৰে কাম কৰি অহা বাবেই এই অসাধাৰণ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে প্ৰগতি শীল মহিলা দীপ্তি চহৰীয়াই।
দেশৰ শীৰ্ষতম পদাধিকাৰী গৰাকীক লগ পোৱাৰ এই বিৰল সূযোগ লাভ কৰাৰ প্ৰাক ক্ষণত “নিয়মীয়া বাৰ্তা”ৰ শুভেচ্ছা গ্ৰহণ কৰি দীপ্তি চহৰীয়াই এই সূযোগ লাভ কৰি নিজক সৌভাগ্যৱতী বুলি বিবেচনা কৰাৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ভাৰতবৰ্ষৰ কৃষক আন্দোলনৰ ৰক্তাক্ত পটভুমি দৰঙৰ ঐতিহাসিক পথৰুঘাটৰ ভুমিলৈও নিমন্ত্ৰণ জনাব বূলি প্ৰকাশ কৰে।
আনহাতে অসমৰ প্ৰতিখন পথাৰত যাতে জলসিঞ্চন আচনি উপলব্ধ হয় সেই বিষয়টোৱো ৰাষ্ট্ৰপতিৰ দৃষ্টি গোচৰ কৰাৰ আশা মনত পুহি ৰখা বুলিও প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তাৰ সন্মুখত।লক্ষণীয় যে এগৰাকী খিলঞ্জীয়া শিক্ষিত মহিলা এনেদৰে কৃষি ক্ষেত্ৰত একাত্ম ভাবে জড়িত হৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো উজ্বলি উঠাৰ খবৰে কৃষি খণ্ডৰ লগত জড়িত সকলক অধিক উজ্জীৱিত কৰি তুলিছে।উদ্যোগী মহিলা দীপ্তি চহৰীয়াৰ লগতে দৰং বাসীয়েও এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে ১৫আগষ্টৰ সেই বিশেষ গধুলিটোলৈ।
ৰণজিত কুমাৰ নাথৰ প্ৰতিবেদন, ছিপাঝাৰ, ৯আগষ্ট, ২০২৫