নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ১৮ শতাংশৰ পৰা ৪.৫ শতাংশলৈ হ্রাস আক্রান্তৰ হাৰ

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ   মাৰাত্মক ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংক্রমণৰ হাৰ ক্রমাৎ হ্রাস পাইছে ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীত৷ শেহতীয়াকৈ মহানগৰীখনত ক’ৰোনাত আক্রান্তৰ হাৰ ১৮ শতাংশৰ পৰা ৪.৫ শতাংশলৈ হ্রাস পাইছে৷ সমান্তৰালভাৱে গুৱাহাটীত পজিটিভ ৰোগীৰ সংখ্যাও হ্রাস পাবলৈ আৰম্ভ কৰিছে৷ টুইটাৰযোগে এই কথা সদৰী কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ একেটা টুইটৰ জৰিয়তে তেওঁ যোৱা ১৬ জুলাইৰ পৰা ৮ আগষ্টলৈ মহানগৰীত আক্রান্তৰ হাৰ আৰু পজিটিভ ৰোগীৰ সংখ্যাৰ বিস্তৃত তথ্যও দাঙি ধৰিছে৷ সেই অনুসৰি যোৱা ২৫ জুলাইত মহানগৰীত সর্বাধিক আক্রান্তৰ হাৰ আছিল ১৮ শতাংশ৷ ৮ আগষ্টত এই হাৰ ৪.৫ শতাংশলৈ হ্রাস পাইছে৷ উল্লেখ্য যে ১৬ জুলাইত মহানগৰীত ক’ভিডৰ আক্রান্তৰ হাৰ আছিল ১৬.৭ শতাংশ৷ ১৭ জুলাইত এই হাৰ আছিল ১৬.২ শতাংশ৷ একেদৰে ১৮ জুলাইত ১৫.৭ শতাংশ, ১৯ জুলাইত ১২.১ শতাংশ, ২০ জুলাইত ৯.৭ শতাংশ, ২১ জুলাইত ১৩.৯ শতাংশ, ২২ জুলাইত ১০.৪ শতাংশ, ২৩ জুলাইত ৬.৯ শতাংশ, ২৪ জুলাইত ১৬ শতাংশ আক্রান্তৰ হাৰ আছিল গুৱাহাটীত৷ ২৫ জুলাইত এই হাৰ সর্বাধিক ১৮ শতাংশলৈ বৃদ্ধি পায়৷ ইয়াৰ পাছত অৱশ্যে এই হাৰ ক্রমাৎ নিম্নগামী হ’বলৈ আৰম্ভ কৰে৷ সেই অনুসৰি ২৬ জুলাইত ১১.৭, ২৭ জুলাইত ৮.৮, ২৮ জুলাইত ১০, ২৯ জুলাইত ৭.৪, ৩০ জুলাইত ৫.১, ৩১ জুলাইত ৪.৫, ১ আগষ্টত ৫.৯, ২ আগষ্টত ৯.১, ৩ আগষ্টত ৬.৪, ৪ আগষ্টত ৫.৪, ৫ আগষ্টত ৪, ৬ আগষ্টত ৫.৬, ৭ আগষ্টত ৫.১ আৰু ৮ আগষ্টত ৪.৫ শতাংশ আক্রান্তৰ হাৰে মহানগৰীখনত ক’ভিড পৰিস্থিতি উন্নীত হোৱাৰ ইংগিত প্রদান কৰে৷ ইপিনে, ১৬ জুলাইত মহানগৰীত সর্বাধিক ৫৯৮গৰাকী লোক আক্রান্ত হৈছিল ক’ৰোনা ভাইৰাছত৷

উল্লেখ্য যে ক’ভিডত আক্রান্ত হোৱাৰ পাছত হোম আইছ’লেচন অর্থাৎ ঘৰতে থাকিব বিচৰা ৰোগীসকলৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছে স্বাস্থ্য বিভাগে৷ কাইলৈৰ পৰা হোম আইছ’লেচনত থাকিব বিচৰা ৰোগীসকলক বিনামূলীয়াকৈ পালছ অক্সিমিটাৰ যোগান ধৰিব স্বাস্থ্য বিভাগে৷ আজি এক টুইটযোগে এই কথা সদৰী কৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অৱশ্যে এই সুবিধা প্রথমে কেৱল গুৱাহাটী মহানগৰীতহে উপলব্ধ হ’ব৷ পৰৱর্তী সময়ত ৰাজ্যৰ আন প্রান্তলৈও এই সুবিধাসমূহ সম্প্রসাৰণ কৰা হ’ব বুলি টুইটত উল্লেখ কৰিছে স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ ইপিনে, পালছ অক্সিমিটাৰৰ লগতে হোম আইছ’লেচনত থকা ৰোগীক প্রৰম্ভিক পর্যায়ৰ ঔষধ বিনামূলীয়াকৈ যোগান ধৰা হ’ব৷ তদুপৰি হোম আইছ’লেচনত থকা ৰোগীৰ বাবে উপলব্ধ হ’ব টেলি মেডিচিন সেৱা৷ ১০৪ৰ জৰিয়তে ৰোগীসকলে এই সেৱা লাভ কৰিব পাৰিব৷

গুৱাহাটীত নির্মাণ নহয় টুইন টাৱাৰ

You might also like