নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভবাতকৈ বহু পূর্বে পৃথিৱীলৈ আহিছিল প্রাণী

কানাডাৰ বিজ্ঞানী এলিজাবেথ টার্নাৰৰ গৱেষণা

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ কানাডাৰ এগৰাকী বিজ্ঞানীয়ে দাবী কৰিছে যে পৃথিৱীত ৮৯০ নিযুত বছৰ পূর্বে প্রাণীৰ বিচৰণ চলিছিল৷ ভূতাত্ত্বিক এলিজাবেথ টার্নাৰে এটা গৱেষণাৰ পৰা এই তথ্য লাভ কৰিছে৷ লৰেনটিয়ান বিশ্ববিদ্যালয়ৰ অধ্যাপক টার্নাৰে প্রাচীন শিলৰ পৰা এই তথ্য লাভ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে৷ ইতিমধ্যে এই সন্দর্ভত এক প্রতিবেদনো প্রকাশ পাইছে৷

অণ্টাৰি’ৰ বিজ্ঞানীগৰাকীৰ মতে, পূর্বতে ধাৰণা কৰাতকৈ ৩৫০ নিযুত বছৰ আগৰে পৰা প্রাণীৰ বিচৰণ ঘটিছিল পৃথিৱীত৷ অর্থাৎ প্রাণীৰ উৎপত্তি পূর্বৰ বিজ্ঞানীসকলে ধাৰণা সময়তকৈ আগতে হৈছিল৷ নেচাৰ জার্নালত প্রকাশ পাইছে টার্নাৰৰ এই প্রতিবেদন৷ এই প্রতিবেদন প্রকাশ পোৱাৰ লগে লগে বিশ্বজুৰি বিজ্ঞানীসকলৰ মাজত বিষয়টোক লৈ চিন্তা–চর্চা চলিছে৷ জীৱাশ্মাৰ ওপৰত দীর্ঘদিন ধৰি গৱেষণা কৰি আহিছে টার্নাৰে৷

You might also like