নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁওস্থিত বন্দ্যা ইণ্টাৰনেচনেল স্কুলত কেৰিয়াৰ কাউন্সেলিংঃ অনুষ্ঠানত শিক্ষক–শিক্ষার্থীৰে মত বিনিময় মুখ্যমন্ত্রীপুত্র নন্দিল বিশ্ব শর্মাৰঃ মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শর্মা

নিয়মীয়া বার্তা, ১১ জুনঃ অসম তথা উত্তৰ পূর্বাঞ্চলত প্রথমবাৰৰ বাবে আমিনগাঁওস্থিত বন্দ্যা ইণ্টাৰনেচনেল স্কুলত আন্তঃৰাষ্ট্রীয় আই চি– ৩ ৰিজ’নেল ফ’ৰামৰ কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠিত হয়৷  অনুষ্ঠানত দেশৰ ১৬খন বিশ্ববিদ্যালয়ৰ প্রতিনিধিৰ লগতে অসমৰ আগশাৰীৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষক–শিক্ষার্থীয়ে অংশগ্রহণ কৰে৷ অনুষ্ঠানত অংশগ্রহণ কৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিডেটৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই কয় যে বন্দ্যা নেণ্টাৰনেচনেল স্কুলত জীৱনমুখী দক্ষতা আহৰণৰ বহুমুখী পাঠ্যক্রমেৰে শিক্ষা প্রদানৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ এই লক্ষ্য ৰাখিয়েই আজি এই কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠিত কৰা হয়৷ নৱপ্রজন্মক শিক্ষাৰ সমান্তৰালকৈ দক্ষতা বিকাশৰ বাবে ছাত্র–ছাত্রীয়ে ৰুচি আৰু লক্ষ্য নির্ধাৰণ কৰি অধ্যয়নৰ সুবিধা ল’ব পাৰিব৷ এই কেৰিয়াৰ কাউন্সেলিঙৰ জৰিয়তে শিক্ষার্থীসকলৰ লগতে গৱেষক–শিক্ষক সকলো উপকৃত হ’ব৷ দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং কার্যসূচীৰ বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য অলক কুমাৰ বুঢ়াগোহাঁইয়ে৷ ইয়াৰ পিছত আদৰণী ভাষণ প্রদান কৰে বন্দ্যা ইণ্টাৰনেচনেল স্কুলৰ অধ্যক্ষ ডঃ ম’না খান্নাই৷ বিশেষকৈ একাদশ আৰু দ্বাদশ শ্রেণীৰ শিক্ষার্থীসকলক দিক নির্দে

শনা দিয়াৰ বাবে অনুষ্ঠিত কৰা কেৰিয়াৰ কাউন্সেলিঙৰ প্রথম সত্রত আই চি–৩ৰ ৰিজনেল ফ’ৰামৰ

কৃতিকা বালাজীয়ে দ্যা কাউন্সেলিং লেব’ৰে’ট’ৰীঃ ৰেলেভেণ্টছ এণ্ড ইমপেক্ট বিষয়ত বক্তৃতা প্রদান কৰে৷ দ্বিতীয় সত্রত বিল্ডিং এ কাউন্সেলিং কাৰিকুলাম ফৰ ইণ্ডিয়ান স্কুল শীর্ষক বিষয়ত ডঃ ম’না খান্না আৰু সুময়া ত্রিপাঠীয়ে বত্তৃণতা প্রদান কৰে৷ তৃতীয় সত্রত হাও টু এক্সপ্লেইন লিবাৰেল আর্টছ টু পেৰেন্স শীর্ষ বিষয়ত মিণু আৰোৰাই বত্তৃণতা প্রদান কৰে৷ চতুর্থ সত্রত পেনেল ডিছকাছনত অংশগ্রহণ কৰে মুখ্যমন্ত্রীপুত্র নন্দিল বিশ্ব শর্মা, অনুভা গোৱেল, ডঃ ম’না খান্না, নৱনীতা মিত্র আৰু সুময়া ত্রিপাঠীয়ে৷ পেনেল ডিছকাছনত অংশগ্রহণ কৰি নন্দিল বিশ্ব শর্মাই কেৰিয়াৰ কাউন্সেলিঙে তেওঁৰ জীৱনত কিদৰে প্রভাৱ পেলাইছিল আৰু কেনেদৰে লাভান্বিত হৈছিল সেয়া ব্যাখ্যা কৰে৷ লগতে বর্ডিং স্কুলত পোৱা অভিজ্ঞতাৰ কথাও সুঁৱৰি শিক্ষক–শিক্ষার্থীসকলৰ সৈতে মত বিনিময় কৰে৷

You might also like