নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগবৈত কুখ্যাত তেল চোৰ গগন ভূঞাক গ্ৰেপ্তাৰ

🔴 দুই হাজাৰ লিটাৰ কণ্ডেনচেট তেলসহ বিভিন্ন সজুলি জব্দ

নিয়মীয়া বাৰ্তা, ৮ জুনঃ অৱশেষত ডিগবৈৰ কুখ্যাত তেল চোৰ গগন ভূঞাক আজি ডিগবৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ডিগবৈ দুলীয়াজানৰ পথৰ কাষৰ বৰজানস্থিত গগনৰ বাসগৃহৰ কাষতে থকা এটা চোৰাং তেলৰ গুদামত ডিগবৈ থানাৰ অ’চি দিব্যজ্যোতি দত্তৰ নেতৃত্বত অভিযান চলাই গ্ৰেপ্তাৰ কৰে । অভিযান কালত গগনৰ গুদামৰ পৰা ২ হাজাৰ লিটাৰ কণ্ডেনচেট , কেইবাটাও ড্ৰাম, তেল চুৰি কাৰ্যত ব্যৱহৃত সামগ্ৰী আৰু এ এছ-২৩ ডব্লিউ-৮৮৫২ নম্বৰৰ বগা ৰঙৰ এখন ইঅন গাড়ী জব্দ কৰে । উল্লেখ্য যে তেল চোৰ গগনে দীৰ্ঘদিন ধৰি বিভিন্ন কৌশলেৰে অইলৰ তেল চুৰি কৰি আহিছিল। জাগুন, অৰুণাচল তথা দাঁতিকাষৰীয়া আদি বিভিন্ন অঞ্চলত হাজাৰ হাজাৰ লিটাৰ চুৰি তেল যোগান ধৰি এখন বৃহৎ চোৰাং তেলৰ বজাৰ চলাই আছিল গগনে । কিন্তু মুকলিকৈ এনেদৰে তেলৰ চোৰাং ব্যৱসায় চলাই থকাৰ পাছতো গগনক অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তাৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নোহোৱাত ৰহস্যৰ সৃষ্টি হৈছে । এই চোৰাং কাৰ্যৰ লগত অইলৰ নিৰাপত্তাৰক্ষীৰো গোপন বুজাবুজি থকা বুলি সন্দেহ কৰা হৈছে । ডিগবৈ আৰক্ষীয়ে অধিক তথ্য আহৰণৰ বাবে ক্ষিপ্ৰ গতিত তদন্ত আৰম্ভ কৰিছে । গগনৰ লগত এটা বৃহৎ তেল চোৰ চক্ৰ জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে চক্ৰটোক পুলিয়ে পোখাই উভালিবলৈ অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে গগনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০বি/৪২৭/৩৭৯/৪১১ধাৰাত পেট্ৰলিয়াম এক্টৰ অধীনত ১২৫/২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰিছে ।

প্ৰেৰক ৰমণী বুঢ়াগোহাঁই

You might also like