নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ জুন, জেঠ মাহৰ ২৫ তাৰিখ
শুকুৰবাৰঃ তিথি–কৃষ্ণা ষষ্ঠী, নক্ষত্রঃ ধনিষ্ঠা, যাত্রাঃ নাই

মেষঃ প্রেমত বাধা আছে ৷ বিদ্যাত সিমান ভাল দেখা নাযায় ৷ ঘৰুৱা ক্ষেত্রত পত্নী আৰু ভনীৰ পৰা সহায় লাভ কৰিব ৷ শুভ ৰং বগা, শুভ সংখ্যা ২ ৷
বৃষঃ ব্যৱসায়ত নতুনকৈ আৰম্ভ কৰা কামটোৰ প্রতি যথেষ্ট গুৰুত্ব দিয়ক ৷ চাকৰিয়ালৰ উৎসাহ–উদ্দীপনা বৃদ্ধি পাব ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১ ৷
মিথুনঃ স্বাস্থ্যৰ ক্ষেত্রত সিমান বেয়া দেখা নাযায় ৷ দিনটোত অনাৱশ্যক খৰচৰ মাত্রা বৃদ্ধি পাব ৷ প্রেমত শুভ ৷ বিদ্যাত শুভ ফল পাব ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮ ৷
কর্কটঃ চাকৰিয়ালৰ ব্যক্তিগতভাৱে দিনটো বেয়া নাযাব ৷ মাক–দেউতাকৰ শৰীৰৰ প্রতি যত্ন লোৱা প্রভাৱ বিস্তাৰ কৰিব ৷ সন্তানৰ বিবাহৰ বিষয়ে মতামত ব্যক্ত কৰিব পাৰে ৷
সিংহঃ চুটি ভ্রমণ আছে ৷ ঘৰুৱাত মধ্যম ৷ প্রেমত শুভ ৷ বিদ্যার্থীয়ে যত্ন কৰক ৷ গুৰুস্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায় ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২ ৷
কন্যাঃ কন্যা সন্তানৰ বিবাহৰ যোগ ৷ আর্থিকত ভাল দেখা যায় ৷ কর্মত কিন্তু অসুবিধা পাব ৷ বিদ্যাত সাফল্য লাভ কৰিব ৷ ভ্রমণ নকৰাই ভাল ৷
তুলাঃ ব্যৱসায় ভাল চলিব ৷ নতুন যোগাযোগে উপকৃত কৰিব ৷ দাম্পত্যত পূর্বৰ তুলনাত ভাল দেখা যায় ৷ বন্ধুৰ পৰা সাহায্য লাভ কৰিব ৷
বৃশ্চিকঃ সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক ৷ পাৰিবাৰিক শান্তি অব্যাহত থাকিব ৷ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব পাৰে ৷
ধনুঃ সামাজিক ব্যস্ততা বৃদ্ধি হ’ব ৷ বিদ্যার্থীসকলৰ সিমান ভাল দেখা নাযায় ৷ প্রেমত শুভ ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২ ৷
মকৰঃ গৱেষণা কর্মত অগ্রগতি ৷ দিনটোত বন্ধুবর্গৰ পৰা অকৃত্রিম সহায় লাভ ৷ মাংগলিক কর্মত খৰচ হ’ব ৷ শুভ ৰং বগা, শুভ সংখ্যা ৭ ৷
কুম্ভঃ সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক ৷ পাৰিবাৰিক শান্তি অব্যাহত থাকিব ৷ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব ৷
মীনঃ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব পাৰে ৷ সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি কৰিব ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২ ৷

You might also like