AI -ক অন্ধভাৱে বিশ্বাস কৰিলে ঠগ খাব লাগিব, গুগলৰ মুখ্য কার্যবাহীৰ তাৎপর্যপূর্ণ মন্তব্য
নিউজ ডেস্ক, ২১ নৱেম্বৰ : বর্তমানৰ যুগটোক এআইৰ যুগ বুলি কোৱা হয়৷ সম্প্রতি আমি প্রায়বোৰ ক্ষেত্রতেই কৃত্রিম বুদ্ধিমত্তা বা এআইৰ ওপৰত ইমানেই নির্ভৰশীল হৈ পৰিছোঁ যে আমাৰ জীৱনৰ বহু ক্ষেত্রতে ইয়াৰ প্রভাৱ পৰিবলৈ লৈছে৷ কৃত্রিম বুদ্ধিমত্তাই ক্রমান্বয়ে প্রযুক্তিৰ জগতখনত চমকৰ পিছত চমক সৃষ্টি কৰিবলৈ ধৰিছে৷ এই কৃত্রিম বুদ্ধিমত্তাৰ সহায় লৈ আমি বহু ক্ষেত্রতে সকাহ লাভ কৰিবলৈ ধৰিছোঁ বা উপকৃত হৈছোঁ৷ কিন্তু এই কৃত্রিম বুদ্ধিমত্তাক অন্ধভাৱে বিশ্বাস কৰিলে আমি যে কেতিয়াবা শ’লঠেকত পৰিবলগীয়াও হ’ব পাৰে এই কথা আমি এতিয়াও যেন ভাবিব পৰা নাই ৷ কিন্তু সেইটোকে সত্য বুলি মন্তব্য কৰিছে গুগলৰ মুখ্য কার্যবাহী বিষয়া সুন্দৰ পিচায়ে৷
এটা আন্তঃৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠানক দিয়া সাক্ষাৎকাৰত তেওঁ মন্তব্য কৰিছে যে কৃত্রিম বুদ্ধিমত্তাক অন্ধভাৱে বিশ্বাস কৰিলে আমি হয়তো ঠগ খাবলগীয়াও হ’ব পাৰে৷ তেওঁ কয় যে এআইৰ পৰা কোনো তথ্য বিচাৰিলেও এআয়ে প্রদান কৰা তথ্যক চালি–জাৰি নোচোৱাকৈ মানি লোৱাটো উচিত নহয়৷ এইক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাৰ প্রয়োজনীয়তা ক’ত৷
এই সন্দর্ভত তেওঁ কয়- ‘যদি আপুনি মৌলিক কিবা লিখিবলৈ বিচাৰে তেনেহ’লে এআই টুলে আপোনাক সহায় কৰিব পাৰে৷ কিন্তু আপুনি এই কথা মন কৰিব লাগিব যে কোনটো বিষয় সঠিক হ’ব৷ সকলো বিষয়তে এআই-এ দিয়া তথ্যকে সত্য বুলি বিশ্বাস কৰিব লাগিব বুলি কোনো মানে নাই৷ যথাসম্ভৱ সঠিক তথ্য দিয়াৰ বাবে আমি (গুগল) যিমান পৰিশ্রম কৰোঁ তাক লৈ গর্বিত৷ কিন্তু বর্তমান অত্যাধুনিক এআই প্রযুক্তিত কিছু ত্রুটিৰ সম্ভাৱনা ৰৈ গৈছে৷ এইখিনিতেই সৃষ্টি হৈছে বিতর্কৰ৷ বিশেষজ্ঞসকলে কৈছে যে বহু সময়ত এআয়ে চেষ্টা কৰে যাতে উত্তৰটো ইউজাৰৰ মনোমত হয় সেয়া নিশ্চিত কৰা৷ স্বয়ং সুন্দৰ পিচায়ে এনেদৰে সতর্ক কৰি দিয়াত এআইৰ কার্যকাৰিতা সন্দর্ভত স্বাভাৱিকতে প্রশ্ণ উঠিছে৷