একেদিনাই ২৯ আইপিএছক পদোন্নতি
ইংৰাজী নৱবর্ষৰ প্রথম দিনটোতে অসম আৰক্ষীত ৰদ–বদল কৰা হৈছে৷ মুঠ ২৯গৰাকী জ্যেষ্ঠ–কনিষ্ঠ আইপিএছ বিষয়াক পদোন্নতি দিয়া হৈছে৷ ৰাজ্য চৰকাৰৰ গৃহ বিভাগে জাৰি কৰা জাননীযোগে এই বিষয়াসকলৰ ভিতৰত ৬গৰাকী জ্যেষ্ঠ আইপিএছ বিষয়াক পদোন্নতিসহ বদলি কৰা হৈছে৷
গৃহ বিভাগে জাৰি কৰা নির্দেশনা অনুসৰি পদোন্নতিসহ বদলি হোৱা ৬গৰাকী জ্যেষ্ঠ আইপিএছ বিষয়া হৈছে ক্রমে শিলচৰৰ ডিআইজি কংকণজ্যোতি শইকীয়াক বিশেষ শাখাৰ আইজিপি হিচাপে পদোন্নতিসহ বদলি কৰাৰ লগতে বৰপেটাৰ ২৮নং বেটেলিয়নৰ কমাণ্ডেণ্ট জয়শ্রী খেৰছাক ডিআইজি হিচাপে পদোন্নতিসহ শিলচৰলৈ, বশিষ্ঠৰ এএফপিএফ বেটেলিয়নৰ কমাণ্ডেণ্ট ডেভিদ নাইথামক ডিআইজি হিচাপে নিৰাপত্তা শাখালৈ, চিআইডিৰ এছএছপি মুগ্ধজ্যোতি দেৱ মহন্তক ডিআইজি হিচাপে চিআইডিলৈ বদলি কৰা হৈছে৷
একেদৰে দুর্নীতি নিবাৰক শাখাৰ এছএছপি ড০ বেদান্ত মাধৱ ৰাজখোৱাক ডিআইজি হিচাপে একেটা বিভাগলৈ বদলি কৰাৰ লগতে ড০ ৰবীন কুমাৰক অতিৰিক্ত দায়িত্ব হিচাপে ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ৰ ভাৰপ্রাপ্ত সঞ্চালক হিচাপে পদোন্নতিসহ বদলি কৰা হৈছে৷
আনহাতে ডেপুটেচনত থকা বিনীতা শর্মাক উচ্চ প্রশাসনিক গ্রেডলৈ পদোন্নতি দিয়া হৈছে৷ চিডব্লিউআৰৰ ডিআইজি ইন্দ্রাণী বৰুৱাক আইজিপি হিচাপে পদোন্নতিসহ বদলি কৰাৰ লগতে ডেপুটেচনত থকা শ্রীজিৎ টিক ডিআইজিলৈ পদোন্নতি, প্রতীক থুবে, ৰমনদীপ কৰ, যুৱৰাজ, ভানৱাৰ লাল মিনা, গৌতম বৰা, ৰঞ্জন ভূঞা, প্রণৱজ্যোতি গোস্বামী, অমৃত ভূঞা, সুধাকৰ সিং আৰু ৰাজেন সিঙক ছিলেকচন গ্রেডলৈ পদোন্নতি দিয়া হৈছে৷
একেদৰে আইপিএছ বৈভৱ ৰাৱাট, তৰুণ গোৱেল, সমীক্ষা আৰ জৈন, দীনেশ প্রতাপ সিং ৰাথোড়, মনজিৎ কুমাৰ, অংশুল সিং, অভিষেক কুমাৰ যাদৱ, ঋষভ হান্স, অনু টাটু আৰু ভিকো এল আছুমিক ছিনিয়ৰ টাইম স্কেললৈ পদোন্নতি দিয়া হৈছে৷
ডিজিটেল ডেস্ক, ২ জানুৱাৰী