নাইজেৰিয়াৰ স্কুলত ভয়ংকৰ আক্ৰমণ দুষ্কৃতিকাৰীৰ, শিক্ষকক হত্যা কৰি ২৫গৰাকী ছাত্ৰীক অপহৰণ
ডিজিটেল ডেস্ক, ১৮ নৱেম্বৰ : দুষ্কৃতিকাৰীৰ সন্ত্ৰাসে চৰম ৰূপ লৈছে আফ্ৰিকাৰ দেশ নাইজেৰিয়াত। এইবাৰ দেশখনত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা। বলপূৰ্বক স্কুলত সোমাই ২৫গৰাকী ছাত্ৰীক অপহৰণ কৰি নিয়ে সশস্ত্ৰ দুষ্কৃতিকাৰীৰ এটা দলে। এই কাৰ্যত বাধা দিয়া স্কুলখনৰ ভাইচ প্ৰিন্সিপালক গুলীয়াই হত্যা কৰে দুষ্কৃতিকাৰীয়ে। তদুপৰি দুষ্কৃতিকাৰীৰ গুলীত আন বহুতো লোক আহত হৈছে।
পুলিচৰ সূত্ৰই জনোৱা মতে, সোমবাৰে পুৱা এই আক্ৰমণ চলিছিল উত্তৰ-পশ্চিম নাইজেৰিয়াৰ কেব্বি ৰাজ্যত। তাৰে এখন ছোৱালীৰ ব’ৰ্ডিং স্কুলত অত্যাধুনিক অস্ত্ৰৰে সজ্জিত হৈ আক্ৰমণ চলায় আততায়ীয়ে। কোনোৱে কিবা বুজি উঠাৰ আগতেই গুলী চলাবলৈ আৰম্ভ কৰে তেওঁলোকে। ঘটনাত বাধা প্ৰদান কৰা স্কুলখনৰ ভাইচ প্ৰিন্সিপালগৰাকী ঘটনাস্থলীতে নিহত হয় । লগতে স্কুলৰ আন কেইবাজনো কৰ্মী আহত হয়। এই পৰিস্থিতিৰ মাজতে স্কুলখনৰ পৰা ২৫গৰাকী ছাত্ৰীক বলপূৰ্বক জংঘলৰ পথেৰে লৈ যায় দুষ্কৃতীকাৰীয়ে। খবৰ পাই পুলিচ ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰায়। কোনে এই আক্ৰমণ চলালে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। গোটেই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে পুলিচে।