বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত কৰুণ মৃত্যু মহিলাৰ
বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল ষাঠি ঊৰ্ধৰ এগৰাকী মহিলাৰ।
মৃত মহিলাগৰাকী বাক্সা জিলাৰ গেৰুৱা সোণাপুৰ গাঁৱৰ অঞ্জলি বড়ো।
আজি পুৱতিনিশা প্ৰায় ৪ বজাত নিজ পদূলিলৈ ওলাই যোৱাৰ সময়ত ওচৰতে চোপ লৈ থকা হাতীৰ আক্ৰমণৰ বলি হয় মহিলাগৰাকী।
হাতীৰ আক্ৰমণত থিতাতে নিহত হয় অঞ্জলি বড়ো নামৰ মহিলাগৰাকী।
অঞ্চলটোত বিগত বহুদিনৰ পৰা হাতীয়ে তাণ্ডৱ চলাই আহিছে যদিও বন বিভাগে লব পৰা নাই যাৱতীয় ব্যৱস্থা।
হাতীয়ে গেৰুৱা সোণাপুৰৰ দুটিকৈ বাসগৃহৰো ক্ষতি কৰাৰ লগতে ভঁৰালৰ ধানো নষ্ট কৰে।
ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ নিহত মহিলাগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
নিয়মীয়া বাৰ্তা ডেস্ক, ৬ অক্টোবৰ