চৰাইদেউ জিলাৰ সাপেখাতী এক নং ৰহণ পথাৰত আজি নাহৰফুটুকী বাঘৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, ৰহণ অঞ্চলত বিগত কিছুদিনৰ পৰা বাঘে সন্ত্ৰাস চলাই গৰু, ছাগলী নিধন কৰি আহিছে।
যোৱানিশাও এক নং ৰহণ পথাৰ ৰহণ ধাদুমীয়া গাঁৱত তিনিটাকৈ ছাগলী নিধন কৰি দিচাং নদীৰ কাষৰ এখন হাবিত পেলাই ৰাখে। ৰহণ ধাদুমীয়া গাঁৱৰ ৰবীন গগৈ নামৰ ব্যক্তিগৰাকীয়ে ছাগলী বিচাৰি ফুৰোঁতে উক্ত স্থানত পেলাই থোৱা ছাগলীৰ ওচৰতে লুকাই থকা নাহৰফুটুকীটোৱে হঠাতে আক্ৰমণ কৰে ৰবীন গগৈক। ৰবীন গগৈয়েও নিজৰ প্ৰাণৰক্ষা কৰিবলৈ হাতত থকা দাখনেৰে বাঘটোক আক্ৰমণ কৰাত নাহৰফুটুকীটো নিধন হয় ।
আনহাতে, গুৰুতৰভাৱে আহত ৰবীন গগৈক স্থানীয় লোকে ততালিকে চিকিৎসাৰ বাবে সাপেখাতী প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় । ঘটনাস্থলীত সাপেখাতী খণ্ড বন বিষয়াৰ নেতৃত্বত এটি বন বিভাগৰ দল উপস্থিত হৈ মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰিছে ।