নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চফ্ৰাইত অ’এনজিচিৰ বিনামূলীয়া চিকিৎসা শিবিৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে অ’এনজিচিৰ অসম সম্পদে চফ্ৰাইৰ ৯৪৫ নং ৰঙাপথাৰ প্ৰাথমিক বিদ্যালয়ত শনিবাৰে এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। শিবিৰটো উদ্বোধন কৰি চিজিএম-হেড এইচআৰ শ্ৰীএমগণেশনে স্থানীয় ৰাইজৰ কল্যাণৰ প্ৰতি অ’এনজিচিৰ দায়বদ্ধতা সন্দৰ্ভত দোহাৰে।ৰাইজৰ স্বাস্থ্যসেৱাৰ উন্নতিক কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ (চিএছআৰ) অন্যতম লক্ষ্য বুলি তেওঁ মতপ্ৰকাশ কৰে।

চিএছআৰ পদক্ষেপৰ অংশ স্বৰূপে অনুষ্ঠিত শিবিৰটোত প্ৰায় ছশতকৈ অধিক লোকে চিকিৎসা সেৱা গ্ৰহণ কৰে। এই অনুষ্ঠানতে অ’এনজিচিৰ ফালৰ পৰা ৰোগীসকলৰ মাজত এশচশমা আৰু ৪০গৰাকী জ্যেষ্ঠ নাগৰিক কলাঠী প্ৰদান কৰা হয়।ইয়াৰ লগতে অ’এনজিচিৰ চিকিৎসক আৰু কৰ্মচাৰীৰ দলটোৱে ব্লাডছুগাৰ, ৰক্তচাপ পৰীক্ষা কৰি ৰোগীসকলক বিনামূলীয়া ঔষধ প্ৰদান কৰে।
ৰাজ্যখনত ডেংগুত আক্ৰান্তলোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চিকিৎসকসকলে ডেংগুৰ লক্ষণ আৰু প্ৰতিকাৰ সম্পৰ্কে আলোকপাত কৰে।এইসন্দৰ্ভত বেনাৰৰ জৰিয়তেও ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।

ইয়াৰ পূৰ্বে বিগত ২৯অক্টোবৰত অ’এনজিচিয়ে আটছাৰ গেলেকী শাখাৰ সহযোগত আঠখেলস্থিত মজদুৰ সংঘত অনুষ্ঠিত কৰা চিকিৎসা শিবিৰত আঠশৰো অধিকলোকে চিকিৎসা সেৱা গ্ৰহণ কৰিছিল।

উক্ত শিবিৰটোতো অ’এনজিচিৰ চিকিৎসা সেৱাবিভাগৰ দ্বাৰা জ্যেষ্ঠ নাগৰিকৰ সহায়ক হোৱাকৈ ৪০ডাল লাঠী, এশচশমা বিতৰণ কৰাৰ লগতে বিনামূলীয়াকৈ ছুগাৰ, ৰক্তচাপ পৰীক্ষা কৰি ৰোগীসকলক ঔষধ প্ৰদান কৰা হয়।

উল্লেখ্য যে অসমৰ চিকিৎসাখণ্ডৰ উন্নতিৰ হকে অ’এনজিচিয়ে অলপতে ৪.৩৮কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যখনৰ নখন চিকিৎসা মহাবিদ্যালয়লৈ নখন অত্যাধুনিক সুবিধাযুক্ত এম্বুলেঞ্চ আগবঢ়াইছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেল আৰু প্ৰাকৃতিক গেছ, নিয়োগ আৰু শ্ৰমমন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই এম্বুলেঞ্চ সেৱাৰ শুভাৰম্ভ কৰে।
অ’এনজিচিৰ দ্বাৰা ৪৮৩ কোটি টকা ব্যয়েৰে শিৱসাগৰত নিৰ্মীয়মান তিনিশ বিছনাযুক্ত মাল্টিস্পেচিয়েলিটী হাস্পতালখনো সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে। ২০১৯ চনৰ মাৰ্চ মাহত প্ৰথম পৰ্যায় মুকলি কৰাৰে পৰা এতিয়ালৈকে ৬৪,০০০গৰাকী অ’পিডি ৰোগীয়ে চিকিৎসালয়খনত চিকিৎসাসেৱা লাভ কৰিছে।

You might also like