নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতর্কক সংগী কৰি কাটাৰত আজিৰ পৰা বিশ্বকাপ ফুটবল

  • ব্যাপক হাৰত মানৱাধিকাৰ ভংগৰ অভিযোগ
  • আন্তঃগাঁথনি নির্মাণত নিয়োজিত চাৰে ছয় হাজাৰ শ্রমিকে প্রাণ দিছে

 

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: মধ্যপ্রাচ্যৰ ক্ষুদ্র দেশ এখন৷ ক্ষুদ্র দেশ কাটাৰত আজিৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ ফুটবলৰ মহাযজ্ঞ৷ আৰু মাত্র কেইটামান ঘণ্টাৰ পাছতে কাটাৰৰ ৮খন ষ্টেডিয়ামত বিশ্বৰ শক্তিশালী ফুটবল দলসমূহৰ ৰথী–মহাৰথীৰ পদস্পর্শত প্রাণ সজীৱ হ’ব কোটি কোটি ফুটবল অনুৰাগীৰ৷ প্রথমবাৰৰ বাবে অলিম্পিকৰ আর্হিত অনুষ্ঠিত হ’ব বর্ণিল উদ্বোধনী অনুষ্ঠান৷ এই অনুষ্ঠানত অংশগ্রহণ কৰিব এজাক বিশ্ববিশ্রুত তাৰকা শিল্পীয়ে৷ কিন্তু প্রতিযোগিতাখনৰ আয়োজনৰ সময়ৰ পৰাই অসংখ্য বিতর্কই সমগ্র বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰিছে৷ আচলতে ২০১০ চনৰ ২ ডিচেম্বৰত ফিফাৰ তদানীন্তন সভাপতি ছেফ ব্লাটাৰে ২০২২ৰ বিশ্বকাপ কাটাৰত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ লগে লগে সকলো বিস্মিত হৈ পৰিছিল৷ ১৯৫০ চনত প্রথম ফুটবল ক্লাব স্থাপিত হোৱা দেশখনে কিদৰে বিশ্বকাপ আয়োজন কৰিব৷ য’ত ফুটবলৰ কোনো ঐতিহ্য নাই, তেনে এখন দেশ কাটাৰে কেনেদৰে বিশ্বকাপ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিব৷ পশ্চিমীয়া দেশবোৰে এই প্রশ্ণ উত্থাপন কৰি প্রবল হৈ–চৈৰ সৃষ্টি কৰিছিল৷ এই দেশসমূহৰ সংবাদ মাধ্যমে দাবী কৰিছিল যে কাটাৰে বিশ্বকাপ আয়োজনৰ দায়িত্ব লাভ কৰাৰ আঁৰত আছে বৃহৎ আর্থিক লেনদেন৷ বহুতে অভিযোগ উত্থাপন কৰিছিল যে ১৯৯৮ চনত ব্লাটাৰক ফিফা সভাপতি নির্বাচিত কৰাৰ সময়ত ধন বিনিয়োগ কৰিছিল কাটাৰে৷ তেতিয়াই হয়তো প্রতিশ্রুতি দিয়া হৈছিল যে অদূৰ ভৱিষ্যতে কাটাৰক বিশ্বকাপ আয়োজনৰ দায়িত্ব প্রদান কৰা হ’ব৷

কাটাৰক বিশ্বকাপ আয়োজনৰ দায়িত্ব প্রদানৰ পিছতে সাজু কৰি তোলা হ’ল ৮খন সুদৃশ্য ষ্টেডিয়াম৷ ফুটবলৰ কোনোধৰণৰ আন্তঃগাঁথনি নথকা দেশখনত আছিল মাত্র এখন আন্তর্জাতিক পর্যায়ৰ ষ্টেডিয়াম৷ এই ষ্টেডিয়ামখন হ’ল খলিফা আন্তর্জাতিক ষ্টেডিয়াম৷ এইখন উন্নত আৰু মেৰামতি কৰাৰ বাহিৰে বাকী ৭খনেই নতুনকৈ নির্মাণ কৰা হৈছে৷ তদুপৰি ষ্টেডিয়ামৰ সংযোজক মেট্র’ ৰে’লৰ ব্যৱস্থা, প্রতিখন ষ্টেডিয়ামলৈ যোৱাৰ বাবে বিকল্প পথ, হোটেল ইত্যাদি সকলো নতুনকৈ সংযুক্ত কৰা হৈছে৷ এই সকলো মিলি বিশ্বকাপ আয়োজনৰ বাবে ব্যয় কৰা হৈছে ২২০ বিলিয়ন মার্কিন ডলাৰ৷ ইয়াৰ পূর্বে অনুষ্ঠিত বিশ্বকাপসমূহৰ সর্বাধিক ব্যয়বহুল আছিল ব্রাজিল বিশ্বকাপ৷ আন্তঃগাঁথনি আৰু অন্যান্য খৰচ আছিল তাত মাত্র ১৫ বিলিয়ন মার্কিন ডলাৰ৷ এই বিপুল অর্থ খৰচ কৰাৰ ক্ষমতা আছে কাটাৰ প্রশাসনৰ৷ কিন্তু ১২ বছৰৰ ভিতৰত আন্তঃগাঁথনিৰ পৰিৱর্তন ঘটোৱা ইমান সহজ নহয়৷ কাৰণ এইখন এছিয়ান গেমছ অথবা অলিম্পিক নহয়৷ তেনে প্রতিযোগিতাসমূহ এখন চহৰতে বিভিন্ন স্প’র্টিং এৰিনাত অতি কম দিনৰ ভিতৰতে আয়োজন কৰা সম্ভৱ৷ ফুটবলৰ বিশ্বব্যাপী জনপ্রিয়তাৰ বাবে কেৱল অংশগ্রহণকাৰী ৩২খন দেশেই নহয়, বিভিন্ন দেশৰ পৰা আহে দর্শক, সাংবাদিক আৰু বিশ্বকাপ সংক্রান্তীয় বাণিজ্যৰ বাবেও অজস্র মানুহ আহিব কাটাৰলৈ৷ তেওঁলোকৰ বাবেও অনুকূল আন্তঃগাঁথনিৰো প্রয়োজন৷

তদুপৰি কাটাৰত গ্রীষ্মকালীন তাপমাত্রাই দিনৰ ভাগত কমেও ৫০ ডিগ্রীৰ ওচৰ চাপে৷ এই বিপুল পৰিমাণৰ আন্তঃগাঁথনি নির্মাণৰ বাবে প্রয়োজন আছিল বিপুল পৰিমাণৰ শ্রমিক৷ প্রয়োজন হৈছিল শ্রমিক আইনৰ পৰিৱর্তন ঘটোৱাৰ৷ ২০১০ চনতে কাটাৰ প্রশাসনে শ্রম আইনৰ পৰিৱর্তন ঘটাই অদক্ষ শ্রমিকৰ বাবে নূ্যনতম মজুৰি মাহে ২৭৫ ডলাৰকৈ নির্ধাৰণ কৰা হয়৷ শ্রমিক স্বার্থৰ পৰিপন্থী বিভিন্ন নিয়ম বিলুপ্তও কৰা হয় দেশখনত৷ কিন্তু তাপমাত্রা, কামৰ চাপ আৰু অন্যান্য পাৰিপার্শ্বিক ব্যৱস্থাৰ উন্নতি ঘটোৱা সম্ভৱপৰ নাছিল৷ দ্য গার্ডিয়ানৰ প্রতিবেদন অনুসৰি কাটাৰত ফুটবলৰ আন্তঃগাঁথনিৰ কামত নিয়োজিত চাৰে ছয় হাজাৰ শ্রমিকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ এইসকল শ্রমিকক মূলতঃ ভাৰতীয় উপ–মহাদেশৰ পৰা অনা হৈছিল দুটামান টকাৰ লোভ দেখুৱাই৷ অতিশয় তাপমাত্রাৰ লগতে আছিল শ্রমিকসকল পাৰিশ্রমিক আত্মসাৎ কৰা, থকা–খোৱাৰ অব্যৱস্থা আৰু প্রায় অমানুষিক পৰিস্থিতিত কাম কৰাৰ প্রবল হেঁচা৷ সমান্তৰালভাৱে উত্থাপিত হৈছে কাটাৰৰ বিৰুদ্ধে ব্যাপক মানৱাধিকাৰ ভংগৰ অভিযোগ৷ হিউমেন ৰাইট ৱাছ নামৰ আন্তর্জাতিক বেচৰকাৰী সংগঠন এটাৰ মতে কাটাৰত এতিয়াও মহিলাসকল সমানাধিকাৰৰ পথত বহুখিনি পিছপৰি আছে৷ কাটাৰৰ মহিলা নাগৰিকসকলে এতিয়াও দেশ এৰাৰ বাবে পুৰুষ অভিভাৱকৰ পৰা অনুমতি পত্র দাখিল কৰিবলগীয়া হয়৷ সমকামিতা কাটাৰত বে–আইনী আৰু শাস্তিযোগ্য অপৰাধ৷ ইয়াৰ প্রভাৱ পৰিছে বিশ্বকাপতো৷

বিশ্বকাপ চলাকালীন সমকামীসকল একেলগে হোটেলত থাকিব নোৱাৰিব৷ কেৱল পতি–পত্নীকহে সেই সুযোগ দিয়া হ’ব৷ আনকি কাটাৰৰ ৰাজপৰিয়ালৰ নির্দেশত ষ্টেডিয়ামসমূহত সুৰা নিষিদ্ধ কৰা হৈছে৷ যাৰ বাবে বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলৈ আগবাঢ়িছে ফুটবলৰ মুৰব্বী সংস্থা ফিফা৷ কেৱল এয়াই নহয়, টিকটৰ অত্যধিক মূল্যয়ো কাটাৰ বিশ্বকাপক শিৰোনামলৈ আনিছে৷ এইবাৰ বিশ্বকাপ ফাইনেলৰ টিকটৰ মূল্য ৬৬ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে৷ এনে অজস্র বিতর্কৰ মাজেৰে কাইলৈৰ পৰা মহা আড়ম্বৰেৰে অনুষ্ঠিত হ’ব কাটাৰ বিশ্বকাপ৷ কাইলৈ প্রথমখন মেচত আয়োজক কাটাৰৰ মুখামুখি হ’ব ইকুৱেডৰ৷ এই মেচখনৰ পূর্বে অনুষ্ঠিত হ’ব বর্ণিল উদ্বোধনী অনুষ্ঠান৷ কিন্তু শেষ মুহূর্তলৈ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰিবলগীয়া তাৰকা শিল্পীসকলৰ নাম প্রকাশ কৰা নাই আয়োজকসকলে৷

You might also like