নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলত্যাগৰ আশংকাত কংগ্রেছ–ইউডিএফৰ ভেটিত কঁপনি

বিজেপিৰে যোগাযোগ ১৫ বিৰোধী বিধায়কৰ

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ এজন–দুজন নহয়, বিৰোধীৰ ১৫জনকৈ বিধায়কে বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰাৰ খবৰে কংগ্রেছ আৰু এআইইউডিএফৰ ভেটিত কঁপনি তুলিছে৷ উল্লেখ্য যে কালি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উপ–নির্বাচন অনুষ্ঠিত কৰিব বিচাৰিলে তেওঁ ১৫টা সমষ্টিত উপ–নির্বাচনৰ কথা ভাবিব পাৰে বুলি উল্লেখ কৰি নিশাৰ ভাগত তেওঁৰ বাসভৱনত কেনেদৰে বিৰোধী বিধায়কৰ ভিৰ হয়, সেই বিষয়ে সাংবাদিকসকল আহিলেই জানিব পাৰিব বুলি প্রকাশ কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাৰ সেই মন্তব্যৰ পিছতেই বিৰোধী কংগ্রেছ আৰু এআইইউডিএফৰ ভিতৰচ’ৰাত তীব্র আলোড়নৰ সৃষ্টি হৈছে৷ ইয়াৰ মাজতে আজি ঢ়েকীয়াজুলিত মন্ত্রী পীয়ূষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যত পুনৰ উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ সর্বানন্দ সোণোৱাল যিহেতু কেন্দ্রীয় মন্ত্রী হ’ল, গতিকে মাজুলীত উপ–নির্বাচন হ’বই৷ বিজেপিত আহিবলৈ অন্য দলৰ বহু বিধায়কে বিচাৰি আছে৷ কিছুসংখ্যক বিধায়ক নিয়মতহে কংগ্রেছ বা আন দলত আছে৷ এতিয়া কংগ্রেছ দলত মনে–প্রাণে কংগ্রেছ কৰা বিধায়ক নাই৷ কংগ্রেছ দলৰ আটাইখিনিয়েই পাৰিলে বিজেপিত যোগদান কৰিব বিচাৰে৷ গৰিষ্ঠসংখ্যক কংগ্রেছী বিধায়কে কংগ্রেছত থাকিব নিবিচাৰে৷

ইপিনে, বিৰোধী দলপতি দেৱব্রত শইকীয়াই আজি দিছপুৰত এখন সংবাদ মেলত পোনছাটেই কংগ্রেছৰ নতুনকৈ কোনো বিধায়ক বিজেপিলৈ নাযায় বুলি ক’ব নোৱাৰিলে৷ যিসকলৰ কংগ্রেছ দলৰ নীতি–আদর্শৰ প্রতি দৃঢ়তা আছে, তেওঁলোকে দল এৰি নাযায় বুলি মন্তব্য কৰি কয় যে প্রলোভন, ব্লেকমেইলিঙেৰে কাৰোবাক বিজেপিলৈ নিয়াটো বেলেগ কথা৷ তিতাবৰৰ কংগ্রেছ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা বিজেপিলৈ যাব বুলি চলা চর্চাৰ প্রসংগত বিৰোধী দলপতি শইকীয়াই কয় যে বৰুৱা আদর্শগতভাৱে কংগ্রেছী, তেওঁ এজন ভদ্রলোক৷ তেওঁ কংগ্রেছ এৰি বিজেপিলৈ নাযায়৷ অৱশ্যে বিজেপিয়ে ব্লেকমেইলিং কৰিলে বেলেগ কথা৷ সেইদৰে মুখ্যমন্ত্রীয়ে ১২৬টা সমষ্টিত বিজেপিৰ পতাকা উৰুওৱাৰ প্রসংগত তেওঁ কয় যে মুখ্যমন্ত্রীৰ সেই সপোন কল্পনা হৈয়েই ৰ’ব৷ সময়ত ৰাইজে বেলটেৰে তাৰ উত্তৰ দিব৷ তেওঁৰ সমষ্টিলৈও বিজেপিৰ হাৱা কাইলৈ আহিব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে মই কিন্তু তেনে হাৱাত উটি–ভাহি যাবলগীয়া নহয়৷ মোৰ ভৰিৰ তলত মাটি আছে৷ নিজৰ বিজেপি গমনৰ প্রসংগত কটাক্ষ কৰি তেওঁ কয় যে তেওঁ বর্তমানৰ বিজেপিৰ নীতি–আদর্শত বিজেপিত যোগদান নকৰে৷ কিন্তু বিজেপিয়ে যদি কংগ্রেছৰ নীতি–আদর্শ গ্রহণ কৰে, তেতিয়াহ’লে ১৩০–১৩৫ বছৰীয়া কংগ্রেছ দলটোৰ পৰা গৈ বিজেপিত যোগদান কৰিব৷ বিজেপিত নেতৃত্ব গ্রহণৰ গুণগত মানুহ নাই বাবেই কংগ্রেছৰ পৰা মানুহ নিবলগীয়া হৈছে বুলিও তেওঁ কটাক্ষ কৰে৷ বিজেপিয়ে এটা জাতি, এটা দল, এটা ধর্মৰ নীতিৰে ফেচিষ্ট আৰু অগণতান্ত্রিক ব্যৱস্থাৰ প্রসাৰ কৰিব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে৷

সংবাদ মেলখনত তেওঁ মূল্যবৃদ্ধি নিয়ন্ত্রণৰ ক্ষেত্রত ৰাজ্য চৰকাৰখন ব্যর্থ হোৱাৰ অভিযোগ কৰি কয় যে ২০১৭–১৮ চনৰ বাজেট উপস্থাপন কৰোঁতে মূল্যস্থিৰকৰণ পুঁজিৰ বাবে ১৫০ কোটি টকা ব্যয় কৰা হ’ব বুলি কৈছিল৷ কিন্তু চৰকাৰে সেই টকা এতিয়ালৈ ক’ত কেনেকৈ খৰচ কৰি মূল্যবৃদ্ধি ৰোধৰ ব্যৱস্থা কৰিলে, সেই বিষয়ে কোনেও নাজানে৷ এই সন্দর্ভত চৰকাৰক এখন শ্বেতপত্র প্রকাশ কৰিবলৈ দাবী জনায়৷ ৰাজ্যখনৰ নিজা কৰ সংগ্রহৰ পৰিমাণো হ্রাস পোৱাৰ বিষয়ে সদৰী কৰি তেওঁ কয় যে ২০১৮–১৯ বর্ষত ২০ শতাংশ নিজা কৰ বৃদ্ধি হোৱাৰ বিপৰীতে ২০১৯–২০ বর্ষত মাত্র ৪ শতাংশ আৰু ২০২০–২১ বর্ষত ২ শতাংশ বৃদ্ধি হয়৷ ২০২০–২১ বর্ষত ১৯,৪৫০ কোটি টকা ৰাজহ সংগ্রহ হোৱাৰ লগতে ২০২১–২২ বর্ষৰ ৩০ ছেপ্টেম্বৰলৈকে ১০,০৪৩ কোটি টকাহে সংগ্রহ হৈছে৷ সেইদৰে বিজেপিৰ যোৱা ৫ বছৰীয়া শাসনকালত বিভিন্ন বিভাগত হোৱা নিযুক্তিত দুর্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পৰিপ্রেক্ষিতত যোৱা ৫টা বছৰত হোৱা সকলো নিযুক্তিৰ উচ্চ পর্যায়ৰ তদন্ত কৰাৰো দাবী জনায়৷

আনহাতে ৰাজ্যৰ বিভিন্ন নিগম–নিকায়ৰ অধ্যক্ষ হিচাপে ৩৫গৰাকী ৰাজনৈতিক ব্যক্তিক নিযুক্তি দিয়াৰ সমালোচনা কৰি বিৰোধী দলপতি শইকীয়াই সাম্প্রতিক অর্থনৈতিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত তেওঁলোকক জাতি–মাটিৰ স্বার্থত দায়িত্ব নল’বলৈ আহ্বান জনায়৷ ৰাজনৈতিক লাভালাভ আৰু দলীয় স্বার্থ পূৰণ কৰিবলৈ ৰাজনৈতিক ব্যক্তিক নিগম–নিকায়ৰ অধ্যক্ষ পদত নিযুক্তি দি ৰাজ্যবাসীৰ ওপৰত অতিৰিক্ত অর্থনীতিৰ বোজা জাপি দিয়া বুলি তেওঁ সমালোচনা কৰে৷ ইফালে, এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে আজি সংবাদ মাধ্যমৰ আগত বিৰোধীৰ ১৫ বিধায়কে বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰা সম্পর্কত কয় যে কালি মুখ্যমন্ত্রীয়ে কোৱা সেই কথা তেওঁ শুনিছে৷ এআইইউডিএফক শেষ কৰি, কংগ্রেছক শেষ কৰি প্রতিটো সমষ্টিতে অকল বিজেপিক জিকোৱাৰ পৰিকল্পনা চৰকাৰৰ থাকিব পাৰে বুলিও তেওঁ সন্দেহ ব্যক্ত কৰে৷

You might also like