নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত ধনদাবী কৰা ৩ ভুৱা আলফা গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় ৩ ভুৱা আলফা। এই ঘটনা সংঘটিত হৈছে গহপুৰৰ অসম-অৰুণাচল সীমান্তৰ ৰাজগড়ত। উল্লেখ যে, আৰুণাচলৰ নিমাশ্ৰী নামৰ এগৰাকী প্ৰাক্তন বিধায়কৰ পত্নীক আলফাৰ নামত ২০ লাখ টকা ধন দাবী কৰিছিল। সেই অনুসৰি দাবী কৰা ধন নিবলৈ উপস্হিত হয় সীমান্তৱৰ্তী ৰাজগড়ত । পূৰ্বৰে পৰা খাপপিতি থকা অৰুণাচল আৰক্ষীৰ দলে ধন নিবলৈ অহা বাস্কা জিলাৰ সমীৰ স্বৰ্গীয়াৰী, বিশ্বনাথ জিলাৰ চতিয়া বিক্ৰম পুৰৰ জানিক বসুমতাৰী আৰু শোণিতপুৰ জিলাৰ জামুগুৰি বাকলাৰ মহম্মদ মজনিৰ ইছলামক কৰায়ত্ব কৰে । ইতিমধ্যে আৰুণাচলৰ চিম্পু থানাত Case No 1৪/21 U/S 384/506 IPC গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

input: নবজীত শইকীয়া ,গহপুৰ

You might also like