নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিশহাৰা হাগ্রামা মহিলাৰী

-বৈকুণ্ঠনাথ গোস্বামী

যোৱা ৩০ অক্টোবৰত ভাৰতৰ ১১খন ৰাজ্যৰ তিনিটা লোকসভা সমষ্টি আৰু ২৯টা বিধানসভা সমষ্টিত উপ–নির্বাচনৰ ভোটগ্রহণ সম্পন্ন হয়৷ ভোটগণনাৰ পিছত ২ নৱেম্বৰত ফলাফল ঘোষণা কৰা হয়৷ ২৯টা বিধানসভা সমষ্টিৰ ভিতৰত বিজেপি নেতৃত্বাধীন এন ডি এই লাভ কৰিছে ১৫খন আসন, কংগ্রেছৰ দখললৈ গৈছে ৮খন আসন, তৃণমূল কংগ্রেছ ৪খন আসনত জয়ী হৈছে আৰু বাকীকেইখন আসন অন্যান্য দলে দখল কৰিছে৷
অসমৰ উপ–নির্বাচন অনুষ্ঠিত হোৱা ৫খন আসনেই বিজেপি নেতৃত্বাধীন মিত্রজোঁটে দখল কৰিছে৷ তদ্রূপ পশ্চিমবংগৰ ৪টা সমষ্টিতেই তৃণমূল কংগ্রেছৰ প্রার্থীয়ে জয়লাভ কৰিছে৷ উক্ত চাৰিওখন আসনতে বিজেপি প্রার্থীসকল শোচনীয়ভাৱে পৰাস্ত হৈছে৷ অনুৰূপভাৱে ৰাজস্থানৰ দুটা সমষ্টিত কংগ্রেছ প্রার্থীয়ে বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হৈছে৷ হিমাচল প্রদেশত এটা লোকসভা সমষ্টি আৰু ৩টা বিধানসভা সমষ্টি কংগ্রেছে দখল কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে এটা বিধানসভা সমষ্টি৷ আনহাতে, মধ্যপ্রদেশত উপ–নির্বাচন অনুষ্ঠিত হোৱা তিনিওটা বিধানসভা সমষ্টিতে শাসনাধিষ্ঠিত বিজেপি দলৰ প্রার্থীয়ে বিজয়ী হৈছে৷ এই উপ–নির্বাচনত কর্ণাটকত কংগ্রেছ দলে উল্লেখযোগ্য সফলতা লাভ কৰিছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ গৃহ জিলাখনতেই উপ–নির্বাচন অনুষ্ঠিত হোৱা সমষ্টিটোত কংগ্রেছ প্রার্থীগৰাকীয়ে বৃহৎ ভোটৰ ব্যৱধানত বিজেপিক পৰাস্ত কৰিছে৷ অন্ধ্রপ্রদেশত ৱাই এছ আৰ কংগ্রেছে এখন বিধানসভা আসন লাভ কৰিছে৷ হাৰিয়ানাৰ এটা সমষ্টিত জয়লাভ কৰিছে আই এন এল ডি প্রার্থীগৰাকীয়ে৷ তেলেংগানাৰ এখন আসন লাভ কৰিছে বিজেপিয়ে৷ বিহাৰৰ বিধানসভা উপ–নির্বাচনত দুয়োখন আসন এন ডি এৰ অংশীদাৰ দল জে ডি (ইউ) দলে দখল কৰিছে৷ হিমাচল প্রদেশত ৩টা বিধানসভা সমষ্টিৰ ভিতৰত দুখনত কংগ্রেছ আৰু এখনত বিজেপি বিজয়ী হৈছে৷ দাদৰা আৰু নগৰ হাভেলীৰ লোকসভা সমষ্টিৰ উপ–নির্বাচনত শিৱসেনাৰ প্রার্থী কলাবেন দেলকৰে জয়লাভ কৰিছে৷ মেঘালয়ৰ দুটা সমষ্টিৰ এটাত শাসকীয় নেচনেল পিপলছ পার্টী আৰু আনটোত ইউনাইটেড ডেম’ক্রেটিক পার্টীৰ প্রার্থী বিজয়ী হৈছে৷ মিজোৰামৰ এটা বিধানসভা সমষ্টি এম এন এফ দলে দখল কৰিছে৷ ৰাজস্থানত দুটা বিধানসভা সমষ্টি কংগ্রেছৰ দখললৈ গৈছে৷ মধ্যপ্রদেশৰ একমাত্র লোকসভা আসনখন বিজেপিয়ে দখল কৰিছে৷ এনেদৰে তিনিখন লোকসভা আসনৰ বিজেপি, কংগ্রেছ আৰু শিৱসেনাই প্রত্যেকে এখনকৈ আসন ভাগ কৰি লৈছে৷
উপ–নির্বাচনৰ ফলাফলে বিজেপি নেতৃত্বক চিন্তিত কৰি তুলিছে৷ অহা ২০২৪ চনত লোকসভা নির্বাচন৷ তাৰ আগতে উত্তৰ প্রদেশকে ধৰি কেইবাখনো ৰাজনৈতিকভাৱে গুৰুত্বপূর্ণ ৰাজ্যৰ বিধানসভা নির্বাচন৷ উপ–নির্বাচনৰ ফলাফল যদি ভৱিষ্যতৰ দিশ নির্ণায়ক হয়, তেন্তে বিজেপিৰ বাবে কোনো আনন্দৰ বাতৰি কঢ়িয়াই অনা নাই৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জনপ্রিয়তা হ্রাস এই উপ–নির্বাচনৰ ফলাফলে সূচিত কৰিছে৷ মোদীৰ আর্থিক নীতিয়ে দেশখনক সর্বনাশৰ পথত আগবঢ়াই নিয়া বুলি দেশৰ একাংশ লোক পতিয়ন গৈছে৷ কৃষকসকলে যোৱা এবছৰৰ ওপৰকাল চলাই থকা আন্দোলন সম্পর্কে মোদী চৰকাৰৰ আঁকোৰগোজ মনোভাবে এক বৃহৎসংখ্যক লোকক বিতুষ্ট কৰাৰ কথা উপ–নির্বাচনৰ ফলাফলত প্রতিফলিত হৈছে৷ বিজেপিৰ হিন্দুত্ববাদৰ নীতিৰ প্রতি যে অনেক হিন্দু লোকৰে সমর্থন নাই, সেই সত্যও ওলাই পৰিছে৷ বিশেষকৈ হাজাৰ চেষ্টা কৰিও পশ্চিমবংগত বিজেপি অতি শোচনীয়ভাৱে পৰাস্ত হোৱা ঘটনাই প্রমাণ কৰিছে যে ধর্মনিৰপেক্ষতাৰ পৰম্পৰা জনসাধাৰণে ত্যাগ কৰা নাই৷
উপ–নির্বাচন অনুষ্ঠিত হোৱা ১১খন ৰাজ্যৰ ভিতৰত যি তিনিখন ৰাজ্যত এন ডি এই ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে, তাৰ ভিতৰত অসম অন্যতম৷ লক্ষ্য কৰা প্রয়োজন যে ২৯খন বিধানসভা আসনৰ ভিতৰত ১৫খন আসন এন ডি এই লাভ কৰিছে যদিও প্রকৃততে বিজেপিৰ প্রতীকত ১১খন আসনতহে জয়ী হৈছে৷ অসমৰ পাঁচখন আসনৰ দুখনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ অংশীদাৰ ইউ পি পি এল দলৰ প্রার্থীয়ে শেষ হাঁহি মাৰিছে৷ বাকী তিনিখন আসন বিজেপিয়ে লাভ কৰিছে৷ মিত্রজোঁটৰ প্রার্থীসকলৰ নিকটতম প্রতিদ্বন্দ্বীৰ সৈতে ভোটৰ ব্যৱধান ইমান বেছি যে প্রধান বিৰোধী দল কংগ্রেছ অস্তিত্বৰ সংকটত পৰিছে৷ উপ–নির্বাচন অনুষ্ঠিত হোৱা মৰিয়নি আৰু থাওৰা সমষ্টি দুটা কংগ্রেছৰ দখলত আছিল আৰু ভৱানীপুৰ সমষ্টিৰ পৰা এ আই ইউ ডি এফ দলৰ প্রার্থী বিগত বিধানসভা নির্বাচনত জিকি আহিছিল৷ এইবাৰৰ উপ–নির্বাচনত উক্ত তিনিওটা সমষ্টিতে বিজেপিয়ে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে৷
মৰিয়নি সমষ্টিত কংগ্রেছৰ বিদায়ী বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিজেপি প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰি ৫৫,৪৮৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছৰ লুইত কোঁৱৰে পায় ১৫,৩৮৫টা ভোট৷ থাওৰা সমষ্টিতো বিজেপিৰ বিজয়ী প্রার্থী সুশান্ত বৰগোহাঁইৰ হাতত ৰাইজৰ দলৰ প্রার্থী ধৈর্য কোঁৱৰ ৩০,৫৬১টা ভোটৰ ব্যৱধানত পৰাস্ত হয়৷ কংগ্রেছ প্রার্থী মনোৰঞ্জন কোঁৱৰে লাভ কৰে ৫,৮৯২টা ভোট৷ উজনি অসমৰ দুয়োটা সমষ্টিতে কংগ্রেছ প্রার্থী শোচনীয়ভাৱে পৰাজিত হোৱাৰ বিপৰীতে নামনিৰ ভৱানীপুৰত কংগ্রেছে কিছু উন্নত ফল প্রদর্শন কৰিবলৈ সক্ষম হয়৷ এ আই ইউ ডি এফ এৰি বিজেপিৰ প্রতীকত প্রার্থিত্ব আগবঢ়োৱা ফণীধৰ তালুকদাৰে ৬৪,২০০ ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছ প্রার্থী শৈলেন্দ্র নাথ দাসে লাভ কৰে ৩৮,৫৫৯টা৷ এ আই ইউ ডি এফৰ দখলত থকা সমষ্টিটোত সেই দলৰ প্রার্থী জব্বৰ আলীয়ে লাভ কৰে ৬,৩৬৮টা ভোট৷ প্রায় ৫৩,০০০ সংখ্যালঘু মুছলমানৰ ভোট থকা সমষ্টি ভৱানীপুৰত এ আই ইউ ডি এফ প্রার্থীগৰাকীৰ এনে শোচনীয় প্রদর্শনে প্রমাণ কৰিছে যে সংখ্যালঘুসকলে দলটোৰ সংগ ত্যাগ কৰিছে৷ আনহাতে, বিটিআৰৰ অন্তর্গত গোসাঁইগাঁও সমষ্টিত বিজেপিৰ মিত্রদল ইউ পি পি এলৰ প্রার্থী জিৰণ বসুমতাৰীয়ে ৫৮,৭৬৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছৰ জুৱেল টুডুৱে লাভ কৰে ৩০,৫১৭টা ভোট৷ বি পি এফৰ প্রার্থী ধ্রুৱ কুমাৰ নার্জাৰীয়ে পায় ২০,৪৩৫টা ভোট৷ তামুলপুৰ সমষ্টিত ইউ পি পি এলৰ জলেন দৈমাৰীয়ে সর্বাধিক ৮৬,৬৭৮টা ভোট লাভ কৰি বিজয়ী হয়৷ কংগ্রেছৰ ভাস্কৰ দাহালে ৭,৭৬৩টা ভোটহে সংগ্রহ কৰিবলৈ সক্ষম হয়৷ এই সমষ্টিটোত দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্রমে নির্দলীয় আৰু গণ সুৰক্ষা পার্টীৰ প্রার্থীয়ে৷
এটা উপ–নির্বাচনৰ ফলাফলৰ আধাৰত সমগ্র ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি সঠিকভাৱে বিশ্লেষণ কৰা সম্ভৱ নহয়৷ কিন্তু বহলভিত্তিক চিত্র এখন লাভ কৰাটো সম্ভৱ হ’ব পাৰে৷ প্রথম কথা, এই উপ–নির্বাচনত স্বতন্তৰীয়াকৈ কাম কৰাৰ সুযোগ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লাভ কৰিছিল৷ উপ–নির্বাচনৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি প্রার্থী বাছনিলৈকে কোনো বিষয়তে বিজেপি হাইকমাণ্ডে হস্তক্ষেপ কৰা নাছিল৷ ফলত ড০ হিমন্ত বিশ্ব শর্মাৰ বাবে এয়া এক অগ্ণিপৰীক্ষা আছিল আৰু সঠিক ৰাজনৈতিক কৌশল, ইছ্যু বাছনি আৰু ‘মাইক্র’ লেভেল মেনেজমেণ্ট’ৰ প্রয়োগ কৰি এই পৰীক্ষাত এশ শতাংশ নম্বৰ পাই উত্তীর্ণ হ’ল ড০ হিমন্ত বিশ্ব শর্মা৷ অকল দলৰ হাইকমাণ্ডৰ সুদৃষ্টি লাভ কৰাই নহয়, ৰাজ্যখনৰ সাধাৰণ জনতাৰ মনতো সোমাই পৰিল মুখ্যমন্ত্রীগৰাকী৷ এনে জনসমর্থনে ড০ হিমন্ত বিশ্ব শর্মাৰ কার্যদক্ষতা বৃদ্ধি কৰাত সহায় কৰিব৷ লগতে অদূৰ ভৱিষ্যতে দলৰ ভিতৰত বিসম্বাদ সৃষ্টি হোৱাৰ আশংকা মষিমূৰ হ’ব৷
দ্বিতীয়তে, উপ–নির্বাচনৰ ফলাফলে কংগ্রেছ কর্মীসকলক হতাশ কৰিব আৰু নেতৃত্বৰ মাজত উপদলীয় সংকট গভীৰ হ’ব৷ এই উপ–নির্বাচন অনুষ্ঠিত হোৱা সময়ত দামবৃদ্ধিৰ হেঁচাত জর্জৰিত হৈ আছিল সাধাৰণ জনতা৷ নিবনুৱা সমস্যাই ভয়ংকৰ পর্যায় পাইছিলগৈ৷ কেইহাজাৰমান চৰকাৰী চাকৰিৰ বাহিৰে আন খণ্ডত নিয়োগৰ সুযোগ সৃষ্টি কৰাত ব্যর্থ হৈছিল চৰকাৰ৷ ক’ভিডোত্তৰ পৰিস্থিতিত দেশৰ অর্থনীতি সংকুচিত হোৱাত অসংগঠিত খণ্ডৰ কথাই নকওঁ, গুৰু উদ্যোগৰ কর্মচাৰীও চাটাই হৈছে৷ অজস্র মজলীয়া আৰু ক্ষুদ্র উদ্যোগ, ব্যৱসায়িক প্রতিষ্ঠান বন্ধ হৈ গৈছে৷ ৰাজহুৱা খণ্ডক বিলুপ্ত কৰাৰ প্রক্রিয়াই নতুন গতি লাভ কৰিছে৷ কৃষিখণ্ডক সংকটৰ পৰা উদ্ধাৰ কৰাৰ বাবে কৃষকবান্ধৱ নীতি গ্রহণ কৰাৰ কোনো পৰিকল্পনা নাই৷ এই অৱস্থাৰ সুযোগ গ্রহণ কৰাত ব্যর্থ হ’ল কংগ্রেছ নেতৃত্ব৷ এই ব্যর্থতাৰ দায়িত্ব কংগ্রেছ নেতৃত্বই মূৰ পাতি ল’বই লাগিব৷ যিয়ে নহওক, উপর্যুপৰি দুটা বিধানসভা নির্বাচনত মুখথেকেচা খোৱাৰ পিছত উপ–নির্বাচনতো হতাশজনক ফলাফলে অদূৰ ভৱিষ্যতে কংগ্রেছৰ উত্থানৰ সম্ভাৱনা নাইকিয়া কৰিলে৷ এপিচিচিৰ নতুন নেতৃত্ব প্রথমটো পৰীক্ষাত বিফল হ’ল৷ প্রয়াত তৰুণ গগৈৰ দেহাৱসানৰ পিছত অসম কংগ্রেছত সৃষ্টি হোৱা নেতৃত্বৰ সংকট এতিয়া আৰু গভীৰ হ’ল৷
মুছলমান সংখ্যালঘু বিশেষকৈ অভিবাসী মুছলমানসকলৰ মাজত মৌলানা বদৰুদ্দিন আজমলৰ প্রাসংগিকতা হ্রাস পাবলৈ ধৰিছে৷ ভৱানীপুৰ সমষ্টিৰ ফলাফলে সেই কথা প্রমাণ কৰিছে৷ আনহাতে, হাগ্রামা মহিলাৰীৰ বি পি এফ দল উপ–নির্বাচনৰ পিছত সংকটত পৰিল৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটত যোগদান কৰিবলৈ অনেক অনুনয়–বিনয় কৰিও সঁহাৰি নোপোৱাত দিশাহীন হৈ পৰিছে হাগ্রামা৷ ইউপিপিএল এতিয়া প্রধান প্রতিদ্বন্দ্বী হৈ পৰিছে বিপিএফৰ৷ বিজেপিৰ আশীর্বাদ লাভ কৰি প্রমোদ বড়োৰ দলটোৱে দিনে দিনে শক্তি বৃদ্ধি কৰি আছে৷
বিজেপিৰ গ্রহণযোগ্যতা বাঢ়িছে, তাৰ বিপৰীতে বিজেপিবিৰোধী দলবোৰৰ শক্তি হ্রাস পাইছে, এই সত্যটো উপ–নির্বাচনৰ ফলাফলে আমাৰ সন্মুখত দাঙি ধৰিছে৷

You might also like