ৰং চেনেল-ত আজিৰে পৰা ৰ’দ হৈ আহানাৰ সম্প্ৰচাৰ
পৰিকল্পনা ৰিণিকি ভূঞা শৰ্মাৰ, পৰিচালনা কল্যাণজ্যোতি বৰাৰ
প্ৰয়াত অভিনেতা জয়ন্ত দাসৰ এটি সুন্দৰ কাহিনীৰ আলমত ৰং চেনেল-ৰ নতুন ধাৰাবাহিক ৰ’দ হৈ আহানা। দৰ্শকৰ বাবে সদায় নতুনত্বৰ স্বাদ দি অহা ৰং চেনেলে এই বাৰ এখন সৰ্বাংগসুন্দৰ ধাৰাবাহিক প্ৰস্তুত কৰি পৰিবেশনৰ বাবে সাজু হৈছে। সেই ধাৰাবাহিক খনৰ নাম ৰ’দ হৈ আহানা।
এই ধাৰাবাহিকখনৰ কাহিনীৰ মুল ভাৱ হ’ল সম্পর্ক, সম্বন্ধ আৰু আন্তৰিকতা। সম্পৰ্ক, সম্বন্ধ আৰু আন্তৰিকতা”- একেডাল জৰীৰে গাঁঠি থোৱা তিনিটা শব্দ। যি কেৱলমাত্ৰ উপলব্ধি কৰিব পাৰি, হৃদয়েৰে অনুভৱ কৰিব পাৰি। সম্বন্ধ এটা গঢ় দিবলৈ বৰ টান। কিন্তু সম্বন্ধ এটা ভাঙিবলৈ এক মূহুৰ্তও নালাগে।
সম্বন্ধ এটা জীয়াই ৰাখিবলৈ হ’লে প্ৰেম, ভালপোৱা, বুজাবুজি, আন্তৰিকতা, ত্যাগ আদিৰ খুবেই প্ৰয়োজন। সম্পৰ্ক কেৱল এটা ধাৰণা নহয়, বৰঞ্চ এনে এক অনুভৱ যিটো অনুভৱ কৰিব পাৰি আৰু যাৰ গভীৰতা বুজিব পাৰি। সেয়া লাগিলে তেজৰ সম্পৰ্ক নহবও পাৰে। মনৰ পৰা গঢ় লৈ উঠা এটা নিস্বাৰ্থ সম্বন্ধ ও কেতিয়াবা অতি গভীৰ হৈ পৰে।
এনে কিছু নিঃস্বাৰ্থ প্ৰেম, ভালপোৱা তথা অন্তৰিকতাৰ আঁত ধৰি জনপ্ৰিয় মনোৰঞ্জন ধৰ্মী চেনেল ৰংত আজিৰে পৰা সম্প্ৰচাৰ হ’ব এখন নতুন ধাৰাবাহিক “ৰ’দ হৈ আহানা”l
প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টছ প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাৰ পৰিকল্পনাত সাজু হৈছে ৰঙৰ অভিনৱ আয়োজন “ৰ’দ হৈ আহানা”। ধাৰাবাহিকখন পৰিচালনা কৰিছে কল্যাণজ্যোতি বৰাই।
অভিনয় কৰিছে ভাস্কৰ বৰা, অনুপ হাজৰিকা, দিব্যজ্যোতি দাস, অমিত বৰা, হিমাক্ষী কলিতা, পল্লৱী গোহাঁই পাঠক, পাহাৰী বৰগোহাঁই, শোণিত বৰা, শিল্পীশিখা বৰা আদিয়ে। লগতে আছে শিশুশিল্পী আয়ুস মহন্ত, অদিতি বৈশ্য আদি বহু ন পুৰণি শিল্পী।
চিত্ৰ গ্ৰহণ তাপস দেৱ নাথ, অজিত বড়োৰ। সহকাৰী পৰিচালক বিজিত বৰগোঁহাই। আৱহ সংগীত নৈৱেদ্য হাজৰিকা, ৰূপসজ্জা পল্লৱী হাজৰিকাৰ। পোহৰত আছে জ্যোতিষ, ৰত্ন, লক্ষণ, ৰামু, হেমন্ত, কেমেৰা সহযোগী মুনিদ্ৰ কলিতা, দৃশ্য সজ্জা-জনটি কলিতা, স্পট- সমীৰণ ৰাভা।প্ৰযোজনা নিয়ন্ত্ৰক আশিক আহমেদ।
ধাৰাবাহিকখনৰ শীৰ্ষ গীতত কণ্ঠ নিগৰাইছে নিবেদিতা কলিতাই। গীতটোৰ ৰচনা তথা গীতৰ কথা পৰীক্ষিত কলিতাৰ। গীটাৰ আৰু অতিৰিক্ত প্ৰগ্ৰেমিঙত হাত বুলাইছে নৈবেদ্য হাজৰিকাই। মিক্স এণ্ড মাষ্টাৰত আছে ভূপেশ শইকীয়া।
এটি নিপোটল কাহিনী, উন্নতমানৰ অভিনয়ৰ দ্বাৰা নিৰ্মাণ হোৱা “ৰ’দ হৈ আহানা”ক ৰঙৰ আন ধাৰাবাহিকসমূহৰ দৰে অসমৰ ৰাইজে আঁকোৱালি ল’ব বুলি ৰং পৰিয়াল একান্ত আশাবাদী।
আজিৰে পৰা সোমবাৰৰ পৰা শনিবাৰলৈ গধূলি ৯.৩০ বজাত পৰিয়ালৰ সমূহ সদস্যই একেলগে উপভোগ কৰিব পাৰিব “ৰ’দ হৈ আহানা”।