ভুল চিকিৎসাৰ বলি হৈ মৃত্যু ৰোগীৰ? চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি
হঠাত মহিলাগৰাকীৰ চিকিৎস্যালয়তে মৃত্যু হোৱাত উত্তেজিত হৈ পৰে পৰিয়ালৰ লোক। পৰিয়ালৰ অভিযোগ যে ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হয় মহিলাগৰাকীৰ
মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চিকিৎসা কৰিবলৈ অহা ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎস্যালয়খনত। মৃত্যু হোৱা ৰোগীগৰাকীৰ নাম হাজেৰা খাতুন। তেওঁৰ ঘৰ তাঁতীকটা গাঁৱত।
মহিলাগৰাকী নিউমনীয়া ৰোগত আক্রান্ত হোৱাত মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।কিন্তু হঠাত মহিলাগৰাকীৰ চিকিৎস্যালয়তে মৃত্যু হোৱাত উত্তেজিত হৈ পৰে পৰিয়ালৰ লোক। পৰিয়ালৰ অভিযোগ যে ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হয় মহিলাগৰাকীৰ।
পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলূত মৈৰাবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখ্য যে মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়খনত প্ৰায়েই এনে ধৰণৰ ঘটনা সংঘটিত হৈয়ে থাকে।
ডিজিটেল ডেস্ক, ৮ ডিচেম্বৰ
লগতে এইটোও পঢ়ক —- ‘নিয়মীয়া বার্তা’ৰ চীফ ৰিপ’ৰ্টাৰ হেমন্ত কুমাৰ মজুমদাৰলৈ জাফা এচিভার্ছ বঁটা