নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিণিকি ভূঞা শৰ্মাৰ গোচৰত গুৱাহাটীত জেৰা কংগ্ৰেছ নেতা পৱন খেৰাক

অসম আৰক্ষীৰ অপৰাধ শাখাই কংগ্ৰেছ নেতা পৱন খেৰাক গুৱাহাটীত জেৰা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্ৰাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শৰ্মাই দাখিল কৰা ভুৱা পাছপ’ৰ্ট আৰু জালিয়াতিৰ গোচৰৰ সৈতে জড়িত হৈ এই জেৰাৰ প্ৰক্ৰিয়া চলোৱা হৈছে।

আৰক্ষীৰ তলব মৰ্মে পৱন খেৰা গুৱাহাটীত উপস্থিত হয়। যদিও উচ্চতম ন্যায়ালয়ৰ পৰা তেওঁ আগতীয়া জামিন লাভ কৰিছে, তথাপিও তদন্তত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আদালতে নিৰ্দেশ দিছিল।

উল্লেখ্য যে, ৰিণিকি ভূঞা শৰ্মাই দাখিল কৰা এজাহাৰৰ ভিত্তিত অসম আৰক্ষীৰ অপৰাধ শাখাই পৱন খেৰাৰ বিৰুদ্ধে জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰিছিল।

গুৱাহাটীৰ অপৰাধ শাখাৰ আৰক্ষী থানাৰ বাহিৰত সংবাদমাধ্যমৰ আগত পৱন খেৰাই কয়, “তদন্তকাৰী বিষয়াসকলৰ সন্মুখত উপস্থিত থাকিবলৈ কোৱা হৈছিল, সেয়েহে মই আহিছোঁ।”

পৱন খেৰাই অভিযোগ উত্থাপন কৰিছিল যে ৰিণিকি ভূঞা শৰ্মাৰ সংযুক্ত আৰব আমিৰশ্বাহী, ইজিপ্ত আৰু এণ্টিগুৱা-বাৰ্বুডাৰ নাগৰিকত্ব আৰু সক্ৰিয় পাছপ’ৰ্ট আছে। লগতে ডুবাই আৰু আমেৰিকাত সম্পত্তি থকাৰ অভিযোগো কৰিছিল।

অৱশ্যে, ৰিণিকি ভূঞা শৰ্মাই এই সকলো অভিযোগ সম্পূৰ্ণ ভুৱা আৰু ডিজিটেল মেনিপুলেচনৰ জৰিয়তে প্ৰস্তুত কৰা বুলি দাবী কৰে। তেওঁ অভিযোগসমূহক “মিছা আৰু সাজি লোৱা” বুলি অভিহিত কৰি আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

এজাহাৰ দাখিল কৰাৰ পিছত ৰিণিকি ভূঞা শৰ্মাই কৈছিল, “মোৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। মই অপৰাধ শাখাতগোচৰ দাখিল কৰিছোঁ। এতিয়া অসম আৰক্ষীয়ে তদন্ত কৰি দোষীক শাস্তি দিয়াটো নিশ্চিত কৰিব লাগে।”

ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো পৱন খেৰাৰ বিৰুদ্ধে মানহানিৰ গোচৰ আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ ঘোষণা কৰিছিল। তেওঁ অভিযোগসমূহক “দুৰভিসন্ধিমূলক, সাজি লোৱা আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত মিছা” বুলি অভিহিত কৰে।

ডিজিটেল ডেস্ক, ১৩ মে’ 

You might also like