ৰাজ্যত ১৮ ঊর্ধ্বৰ লোকে নাপাব আধাৰ কার্ড
🔹 বাংলাদেশৰ পৰা অনুপ্রৱেশ ৰোধৰ লক্ষ্য ৰাজ্য চৰকাৰৰ
বিশেষ বাৰ্তা, ২২ আগষ্ট : বাংলাদেশী অনুপ্রৱেশকাৰীয়ে যাতে আধাৰ কার্ডৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব নোৱাৰে, সেইক্ষেত্রত প্রতিবন্ধকতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যিক কেবিনেটে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ এতিয়াৰে পৰা অসমত ১৮ বছৰ ঊর্ধ্বৰ লোকৰ বাবে নিষিদ্ধ কৰা হৈছে নতুনকৈ আধাৰ পঞ্জীয়ন৷ যিকোনো অনুপ্রৱেশকাৰীৰ সম্ভাব্য প্রৱঞ্চনামূলক আধাৰ পঞ্জীয়ন ৰোধ কৰিবলৈ ৰাজ্যত ১৮ বছৰ বয়সৰ ঊর্ধ্বৰ নাগৰিকৰ আধাৰ পঞ্জীয়নৰ বাবে সংশোধিত মানক পৰিচালনা বিধি (এছঅ’পি) ‘ষ্টেট গভর্নমেণ্ট প’র্টেল’ৰ অধিসূচনা তথা ৰূপায়ণত ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে৷
কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত কেবিনেট বৈঠকত গ্রহণ কৰা এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কেবিনেট বৈঠকৰ অন্তত অনুষ্ঠিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই কয়- বিগত এটা বছৰত বাংলাদেশৰ পৰা অহা অনুপ্রৱেশকাৰীক আমি নিৰন্তৰ ধৰা পেলাই আছোঁ৷ কালিৰ দিনটোতো ৭জন অনুুপ্রৱেশকাৰীক ঘূৰাই পঠিওৱা হৈছে৷ কিন্তু সকলোকে ধৰিব পৰাটোত আমি নিশ্চিত নহয়৷ সেয়েহে আমি এটা সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰিব বিচাৰিছোঁ, যাতে অসমৰ ভিতৰত সোমাই আধাৰ কার্ড লৈ অনুপ্রৱেশকাৰীয়ে ভাৰতীয় নাগৰিক হ’ব নোৱাৰে। সীমান্তৰ সিপাৰৰ পৰা অহা কোনো অনুপ্রৱেশকাৰীয়ে প্রৱঞ্চনাৰে আধাৰ কার্ড লাভ কৰিব নোৱাৰাৰ বাবে এছঅ’পিৰ প্রয়োজন৷ ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকক নতুনকৈ আধাৰ কার্ড দিয়া নহ’ব৷ অৱশ্যে এই নিষেধাজ্ঞা অনুসূচিত জাতি–জনজাতি, চাহ জনগোষ্ঠীৰ ব্যক্তিৰ ক্ষেত্রত এবছৰৰ বাবে প্রযোজ্য নহ’ব বুলি তেওঁ সদৰী কৰে৷
মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, অনুসূচিত জাতি–জনজাতি, চাহ জনগোষ্ঠীৰ আধাৰ কার্ড নথকা ব্যক্তিসকলৰ আধাৰ পঞ্জীয়ন এবছৰৰ ভিতৰত সম্পূর্ণ হ’ব৷ কিয়নো এই সম্প্রদায়কেইটাৰ লোকসকলৰ ৯৬ শতাংশইহে বর্তমানলৈকে আধাৰ কার্ড লাভ কৰিছে৷ ইয়াৰ বিপৰীতে সামগ্রিকভাৱে অসমৰ মুঠ জনসংখ্যাৰ ১০২ শতাংশ লোকৰ আধাৰ পঞ্জীয়ন ইতিমধ্যে সম্পন্ন হোৱা বুলি তেওঁ জানিবলৈ দিয়ে৷
মুখ্যমন্ত্রী ড০ শর্মাই পুনৰ কয়- অন্য সম্প্রদায়ৰ কোনো লোকে যদি এতিয়াও আধাৰ কার্ড পাবলৈ বাকী আছে, তেওঁলোকক ছেপ্টেম্বৰ মাহৰ ভিতৰত আবেদন কৰিবলৈ মই আহ্বান জনাম৷ কিয়নো কেবিনেটৰ সিদ্ধান্তৰ অধিসূচনা অক্টোবৰৰ পৰা কার্যত পৰিণত হ’ব৷ একেবাৰে বিৰল ক্ষেত্রত ১৮ বছৰ বয়সৰ ঊর্ধ্বৰ নাগৰিকৰ বাবে আধাৰ পঞ্জীয়নৰ কর্তৃত্ব জিলা আয়ুক্তক দিয়া হৈছে৷ জিলা আয়ুক্তই অসম আৰক্ষীৰ বিশেষ শাখা আৰু বিদেশী ন্যায়াধিকৰণৰ লগত কথা পাতিহে তেনে লোকক আধাৰ কার্ড দিব পাৰিব৷ ইয়াৰ বিপৰীতে ১৮ বছৰ অনূর্ধ্বৰ তথা নতুনকৈ জন্মলাভ কৰাসকলৰ ক্ষেত্রত সকলোৰে বাবে আধাৰ পঞ্জীয়ন তথা আধাৰ কার্ড লাভৰ পথ মুকলি থাকিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷