নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপত পাকিস্তানৰে ভাৰতক খেলাৰ অনুমতি ক্রীড়া মন্ত্রালয়ৰ

🔹 চুবুৰীয়া ৰাষ্ট্রৰে কোনো দ্বি–পাক্ষিক শৃংখলা খেলাৰ অনুমতি দিয়া নহ’ব

নিউজ ডেস্ক, ২১ আগষ্ট : অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ টি–২০ ক্রিকেট প্রতিযোগিতা৷ এই প্রতিযোগিতাখনক লৈ ইতিমধ্যে ক্রিকেটপ্রেমীৰ মাজত আৰম্ভ হৈছে ব্যাপক জল্পনা–কল্পনা৷ বিশেষকৈ ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনক কেন্দ্র কৰি অধিক চর্চা পৰিলক্ষিত হৈছে৷

পেহেলগামত আক্রমণৰ পিছতে দুয়ো দেশৰ মাজৰ সম্পর্ক পূর্বতকৈ অধিক তিক্ত হয়৷ দুয়ো দেশৰ এই ৰাজনৈতিক সম্পর্কৰ প্রভাৱ পৰে ক্রীড়াক্ষেত্রতো৷ এনে পৰিস্থিতিতে এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হ’বনে, ইয়াক লৈ ক্রিকেট অনুৰাগীৰ মাজত ব্যাপক চর্চা হৈছে৷ ভাৰতীয় দলে পাকিস্তানৰ বিপক্ষে মেচত অংশ লোৱা উচিত নহয় বুলিও একাংশ লোকে মত প্রকাশ কৰিছিল৷ এক কথাত ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখনক কেন্দ্র কৰি ক্রিকেটপ্রেমীৰ মাজত আছিল সন্দেহৰ কলীয়া ডাৱৰ৷ অৱশেষত এই সকলো সন্দেহ তথা চর্চাৰ ওৰ পেলাইছে ভাৰত চৰকাৰৰ ক্রীড়া মন্ত্রালয়ে৷ ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগা মেচখনৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে দিছে সেউজ সংকেত৷

সংবাদ প্রতিষ্ঠানৰ প্রতিবেদন অনুসৰি, ভাৰত-পাকিস্তানৰ মাজত কোনো দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত নহ’ব যদিও বহুদেশীয় প্রতিযোগিতাত দুয়ো দলৰ মাজত মেচ বন্ধ নহয় বুলি ক্রীড়া মন্ত্রালয়ে স্পষ্ট কৰি দিছে৷ ক্রীড়া মন্ত্রালয়ৰ মতে, ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে কোনো দ্বিপাক্ষিক শৃংখলা খেলিব নোৱাৰিব৷ লগতে ভাৰতীয় দলটো কোনো প্রতিযোগিতা বা মেচৰ বাবে পাকিস্তানলৈ নাযায়৷ সমান্তৰালকৈ পাকিস্তানী ক্রিকেট দলকো ভাৰতত খেলিবলৈ দিয়া নহ’ব৷

মন্ত্রালয়ে স্পষ্টকৈ কৈছে, ভাৰতীয় ক্রিকেট দলক এছিয়া কাপ খেলিবলৈ আমি বাধা নিদিওঁ, কাৰণ ই বহুদলীয় প্রতিযোগিতা৷ ক্রীড়া মন্ত্রালয়ৰ এই নীতি কেৱল ক্রিকেটৰ ক্ষেত্রতহে যে প্রযোজ্য হ’ব, এনে নহয়৷ আন আন ক্রীড়াও এই নীতিৰ অন্তর্ভুক্ত হ’ব৷ অর্থাৎ এতিয়া কোনো পাকিস্তানী খেলুৱৈয়ে কোনো প্রতিযোগিতাৰ বাবে ভাৰতলৈ আহিব নোৱাৰিব আৰু কোনো ভাৰতীয় খেলুৱৈয়েও পাকিস্তানৰ মাটিত ভৰি নিদিয়ে৷ অৱশ্যে আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত দুয়োটা দল বা খেলুৱৈয়ে পৰস্পৰৰ লগত খেলা দেখা যাব৷

You might also like