মধ্যস্থতাকাৰী ট্রাম্প
বিশ্বৰ সর্বশক্তিমান দেশ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প দুই দেশৰ যুদ্ধ সমাপ্তিত মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীর্ণ হৈছে৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে নিজেই এই কথা স্বীকাৰ কৰিছে৷ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিত ট্রাম্পে মধ্যস্থতাকাৰীৰ ভূমিকা লোৱা বিষয়টো অতি বিতর্কিত হৈ আছে৷ ট্রাম্প আৰু তেওঁৰ চৰকাৰে ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতিত ভূমিকা থকা বুলি বাৰম্বাৰ দাবী কৰি আহিছে যদিও ভাৰতে তৃতীয় পক্ষৰ কোনো ভূমিকা নাই বুলি দাবী কৰি আছে৷ ইয়াৰ পাছত ইজৰাইল আৰু ইৰানৰ ক্ষন্তেকীয়া যুদ্ধও মার্কিন ৰাষ্ট্রপতি ট্রাম্পে সমাপ্তি ঘটোৱা বুলি মুকলিকৈ ঘোষণা কৰিছে৷ ইৰান আৰু ইজৰাইলৰ যুদ্ধ পৰিসমাপ্তিত ট্রাম্পৰ ভূমিকাক লৈ কোনো বিতর্ক নাই৷ কেৱল ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধবিৰতিক লৈয়ে বিতর্ক আছে আৰু ই চলিয়েই থাকিব৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে এতিয়ালৈকে ৭ যুদ্ধবিৰতি চুক্তিত মধ্যস্থতাকাৰীৰ ভূমিকা লোৱা বুলি সংবাদ মাধ্যমযোগে দাবী কৰি আহিছে৷ ৰাষ্ট্রপতি ট্রাম্পৰ যুদ্ধ সমাপ্তিত মধ্যস্থতাকাৰীৰ ভূমিকাক লৈ বিতর্ক থাকিলেও ই নিশ্চিতকৈ ইতিবাচক দিশ বুলিব পাৰি৷ শেহতীয়াকৈ ৰাষ্ট্রপতি ট্রাম্পে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা প্রায় তিনি বছৰীয়া ৰক্তাক্ত যুদ্ধৰ পৰিসমাপ্তিৰ ক্ষেত্রত অগ্রণী ভূমিকা লৈছে৷ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত প্রতিদ্বন্দ্বিতাৰ সময়ত নির্বাচনী প্রতিশ্রুতিত ইউক্রেইন আৰু ৰাছিয়াক লৈও প্রচাৰ চলোৱা ড’নাল্ড ট্রাম্পে দ্বিতীয়বাৰৰ বাবে দেশখনৰ ৰাষ্ট্রপতিৰ দায়িত্ব লৈয়েই ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ অৱসান ঘটাবলৈ পদক্ষেপ গ্রহণ কৰে৷ প্রাৰম্ভিক পর্যায়ত ৰাষ্ট্রপতি ট্রাম্পে প্রতিনিধিৰ জৰিয়তে ৰুছ ৰাষ্ট্রপতিৰ সৈতে এই সন্দর্ভত আলোচনাৰে শান্তি চুক্তিৰ পদক্ষেপ লয় যদিও সেয়া ফলৱতী নহ’ল৷ ইউক্রেইনৰ ৰাষ্ট্রপতিৰ সৈতে অৱশ্যে প্রত্যক্ষভাৱে মিলিত হয়৷ ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধ সামৰণি ঘটাবলৈ ট্রাম্পে বিভিন্ন কূটনীতিৰ আশ্রয় লয়, অৱশেষত যুদ্ধ সমাপ্তিৰ দিশে আগবঢ়াই নিবলৈ তেওঁৰ প্রচেষ্টা কিছু ইতিবাচক হৈ পৰে৷ সেয়া হৈ উঠে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ সৈতে প্রত্যক্ষভাৱে মুখামুখি আলোচনাৰ পাছত৷
আমেৰিকা যুক্তৰাষ্ট্রৰ আলাস্কাত মার্কিন ৰাষ্ট্রপতি ট্রাম্প আৰু ৰুছ ৰাষ্ট্রপতি পুটিনৰ মাজত তিনিঘণ্টা বৈঠক অনুষ্ঠিত হৈ যায়৷ ইউক্রেইন সন্দর্ভত এই বৈঠকত দুয়োগৰাকী নেতাই আলোচনা কৰিলেও যুদ্ধবিৰতিক লৈ কোনো সিদ্ধান্তত উপনীত হ’ব পৰা নাছিল৷ ট্রাম্পে বৈঠক ফলপ্রসূ আৰু পুটিনে বুজাবুজি আৰু গঠনমূলক আলোচনা হোৱা ঘোষণা কৰিছিল৷ ট্রাম্প আৰু পুটিনৰ বৈঠকক লৈ অসন্তুষ্ট হ’লেও ইউক্রেইনৰ ৰাষ্ট্রপতি জেলেনস্কীয়ে মার্কিন ৰাষ্ট্রপতিক হোৱাইট হাউছত সাক্ষাৎ কৰে আৰু ট্রাম্পৰে বৈঠকত প্রায় সন্তুষ্টি ব্যক্ত কৰি ত্রিপাক্ষিক আলোচনাত সন্মতি প্রদান কৰে৷ অর্থাৎ আমেৰিকা, ৰাছিয়া আৰু ইউক্রেইনে মুখামুখিকৈ বহি আলোচনাৰ বাবে আগ্রহ প্রকাশ কৰে জেলেনস্কীয়ে৷ হোৱাইট হাউছত জেলেনস্কীৰে বার্তালাপৰ পাছত ট্রাম্পে সেইদিনাই পুটিনৰ সৈতে টেলিফোনিক বার্তালাপ কৰে৷ সেই বার্তালাপত পুটিনে ইউক্রেইনৰ সৈতে যুদ্ধবিৰতিত সন্মতিৰ একধৰণৰ ইংগিত দিয়ে৷ ট্রাম্পৰে টেলিফোনিক বার্তালাপৰ পাছত পুটিনে ইউক্রেইনৰ ৰাষ্ট্রপতিৰ সৈতে মিলিত হ’বলৈ আগ্রহ প্রকাশ কৰে৷ জেলেনস্কীৰ সৈতে পুটিনে মুখামুখিকৈ বহি আলোচনাৰ সন্মতি প্রকাশ কৰাটোৱেই ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ অৱসানৰ ইংগিত হ’ব পাৰে৷ আমেৰিকা, ৰাছিয়া আৰু ইউক্রেইনৰ ত্রিপাক্ষিক বৈঠকত ইউৰোপীয় সংঘয়ো আগ্রহ দেখুৱাইছে৷ নাটোৰ অধীনৰ ইউৰোপীয় দেশৰ সমর্থন অবিহনে শান্তি আলোচনা সফল হ’ব নোৱাৰে৷ সেয়েহে এই ত্রিপাক্ষিক বৈঠকত ইউৰোপীয় সংঘৰ সদিচ্ছা শুভ লক্ষণ৷ মন কৰিবলগীয়া যে ১৫ আগষ্টত আলাস্কাত ট্রাম্প–পুটিনৰ বৈঠক আৰু বৈঠকৰ পাছত পুটিনে পৰৱর্তী বৈঠকত মস্কোত অনুষ্ঠিত কৰাৰ ঘোষণা৷ ইয়াৰ পাছত ১৮ আগষ্টত হোৱাইট হাউছত ট্রাম্প আৰু জেলেনস্কীৰ আলোচনা৷ এই আলোচনাতে নাটোৰ সদস্য ইউৰোপৰ দেশৰ প্রতিনিধিৰ অংশগ্রহণ৷ এই বৈঠকৰ সিদ্ধান্তত ত্রিপাক্ষিক বৈঠকত সহমতত উপনীত হোৱা৷ উল্লিখিত পর্যায়ে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা তিনি বছৰীয়া ৰক্তাক্ত যুদ্ধৰ সামৰণি পেলাব নেকি- বিশ্বজুৰি চর্চিত আৰু উদ্বেগৰ বিষয়৷ ট্রাম্পে দুয়োখন দেশৰ মাজত যুদ্ধৰ অৱসান ঘটাবলৈ মধ্যস্থতাকাৰীৰ ভূমিকা লোৱা বিষয়টো বিভিন্ন দৃষ্টিকোণেৰে গুৰুত্বপূর্ণ৷ ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতিৰ পাছত শান্তিৰ ন’বেল বঁটাৰ বাবে ট্রাম্পৰ নাম মনোনয়নৰ প্রক্রিয়া চলিছে৷ ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যেহুৱেও ট্রাম্পৰ নাম শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনয়ন কৰিছে৷ শান্তিৰ ন’বেল হওক কিম্বা আমেৰিকাৰ স্বার্থতেই হওক, বিশ্ব শান্তিৰ বাবে ট্রাম্পৰ মধ্যস্থতাকাৰীৰ ভূমিকা প্রশংসাসূচক৷ যদিও ট্রাম্পৰ কূটনীতি বিতর্কমূলক৷