নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিএমজিএছৱাই ৰূপায়ণত কেলেংকাৰিঃ অদৃশ্য পথ ‘নিৰ্মাণে’ৰে কোটি কোটি টকা হজম

নিয়মীয়া বাৰ্তা, ২৯ জুন: পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ হকে ৰাজ্য চৰকাৰে অসমত ‘ৰোড নেটৱর্ক’ শক্তিশালীকৰণৰ অভিলাষী লক্ষ্য গ্রহণ কৰাৰ সময়তে লোকনির্মাণ (পথ) বিভাগৰ একাংশ দুর্নীতিগ্রস্ত অভিযন্তা–কর্মচাৰী–ঠিকাদাৰ নামি পৰিছে লুণ্ঠনৰাজত৷ বিশেষকৈ প্রধানমন্ত্রী গ্রাম চড়ক যোজনা (পিএমজিএছৱাই) ৰূপায়ণৰ নামত এই চক্রটোৰ মুনাফা লুটাৰ অংকৰ পৰিণতিত বিয়াগোম কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

শেহতীয়াকৈ নলবাৰী জিলাৰ বৰক্ষেত্রী বিধানসভা সমষ্টিৰ অন্তর্গত পিএমজিএছৱাইৰ দুটা পথ নির্মাণত ব্যাপক অনিয়মেৰে লুণ্ঠনকাৰী চক্রই হজম কৰিছে কোটি কোটি টকা৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– ইয়াৰে এটা পথ অদৃশ্য তথা অস্তিত্বহীন ৰূপে পৰিগণিত হৈছে৷ আনকি নাৰায়ণপুৰৰ পৰা পেৰাধৰালৈ কাগজে–কলমে ‘নির্মাণ’ কৰা দেখুওৱা ৬.৯০০ কিলোমিটাৰ দৈর্ঘ্যৰ অদৃশ্য পথটো বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে স্থানীয় ৰাইজে৷

পিএমজিএছৱাইৰ এএছ–২০১৯৭নং পেকেজৰ অধীনত ৩,৫৪,২১,৮০০ কোটি টকা ব্যয় সাপেক্ষে মধ্যম বৰক্ষেত্রী মৌজাৰ নাৰায়ণপুৰৰ পৰা পশ্চিম বৰক্ষেত্রী মৌজাৰ পেৰাধৰালৈ নির্মিত অস্তিত্বহীন পথটোৰ কামৰ আৰম্ভণি বিগত ২০২১ চনৰ ১০ মে’ত কৰাৰ বিপৰীতে চলিত বর্ষৰ ৯ ফেব্রুৱাৰীত সামৰণি পেলোৱা বুলি বিভাগীয় নথিত দেখুওৱা হৈছে৷ বাস্তৱত কোনো কাৰণতে পথটো নির্মাণ নকৰি ইয়াৰ নামত আবণ্টিত ধনৰাশি হজম কৰাৰ অভিযোগ উত্থাপন হৈছে ইয়াৰ দায়িত্বত থকা বিভাগীয় অভিযন্তা–কর্মচাৰী–ঠ্ বিৰুদ্ধে৷ প্রকৃততে নাৰায়ণপুৰৰ পৰা পেৰাধৰালৈ এটা গড়কাপ্ঢানী পথ নির্মাণৰ কোনো যুক্তিযুক্ততাই নাই৷ কিয়নো মুকালমুৱা চ’ক–বজাৰৰ উত্তৰ–পূব দিশত সংলগ্ণ হৈ থকা ৰাজহ গাঁওখনেই হ’ল নাৰায়ণপুৰ৷ নাৰায়ণপুৰৰ পৰা পেৰাধৰালৈ কোনো লোক যাবলগীয়া হ’লে আমিনগাঁও–হাজো–কলি সংযোগী ৪২৭নং ৰাষ্ট্রীয় ঘাইপথলৈ আহিব লাগে৷ তাৰ বাবে সকলো বতৰৰ উপযোগী সুচল সংলগ্ণ পথ আছে৷ ৪২৭নং ৰাষ্ট্রীয় ঘাইপথেৰে ৰামপুৰত উপস্থিত হোৱাৰ পাছতেই পেৰাধৰালৈ যোৱাৰ বাবে আছে অন্য সংলগ্ণ পথ৷ তৎসত্ত্বেও কেন্দ্রীয় গ্রামীণ বিকাশ মন্ত্রালয়ে পুঁজি আবণ্টন দিয়া পিএমজিএছৱাইৰ অধীনত লোকনির্মাণ বিভাগৰ নলবাৰী জিলা ক্ষেত্রীয় পথ সংমণ্ডলে নাৰায়ণপুৰৰ পৰা পেৰাধৰালৈ ৰাস্তাটো নির্মাণৰ বাবে কিয় প্রাক্কলন প্রস্তুত কৰি কামৰ আবণ্টন দিলে, সেয়া ৰহস্যজনক ৰূপে চিহ্ণিত হৈছে স্থানীয় ৰাইজৰ মাজত৷

উত্থাপিত অভিযোগ অনুসৰি অনুমোদিত পুঁজি আত্মসাতৰ লক্ষ্যৰেই এনেধৰণৰ দুষ্কার্যত লিপ্ত হৈছিল নলবাৰী জিলা ক্ষেত্রীয় পথ সংমণ্ডলৰ সংশ্লিষ্ট অভিযন্তা–কর্মচাৰী৷ এই অস্তিত্বহীন পথটো নির্মাণ সন্দর্ভত বিভাগীয়ভাৱে এখন ফলক ওলমাই ৰখা হৈছে অন্য এটা পথত৷ নাৰায়ণপুৰৰ পৰা ৪২৭নং ৰাষ্ট্রীয় ঘাইপথেৰে মুকালমুৱা, চান্দা আৰু ১নং বৰতলা ৰাজহ গাঁও অতিক্রম কৰিলেই পোৱা যায় ২নং বৰতলা গাঁওখন৷ এই ২নং বৰতলা গাঁৱৰ মেইন চ’ক সংযোগ হৈ আছে কালদি ফার্ম হৈ বনপুৰালৈ যোৱা আন এটা পথ য’ত পিএমজিএছৱাইৰ এ এছ–২০১৯৭নং পেকেজৰ অধীনত ৩,৫৪,২১,৮০০ টকা ব্যয়েৰে নির্মাণ কৰা দেখুওৱা নাৰায়ণপুৰ–পেৰাধৰ্ সংযোগী অদৃশ্য পথটোৰ ফলকখন আঁৰি ৰখা হৈছে৷ ফলকখনত উল্লেখ থকা অনুসৰি ৫ বছৰৰ মেৰামতিৰ বাবদ ৪৫.৫৩ লাখ টকা ধার্য কৰা পথটো নির্মাণ কৰিছে অহেদুৰ ৰহমান নামৰ ঠিকাদাৰজনে৷ মন কৰিবলগীয়া যে ২নং বৰতলা গাঁৱৰ মেইন চ’কৰ পৰা কালদি ফার্ম হৈ বনপুৰালৈ যোৱা পথটোৰ ৩.৬০০ কিলোমিটাৰ দৈর্ঘ্য ইতিপূর্বে পিএমজিএছৱাইৰ অধীনত নির্মাণ কৰা হৈছিল৷ অভিযোগ অনুসৰি চলিত বর্ষৰ এপ্রিল মাহত এই পথটোৰ ওপৰতে পুনৰ নামমাত্র পকীকৰণ কৰে ঠিকাদাৰ অহেদুৰ ৰহমানে৷ অর্থাৎ পূর্বে নির্মিত এটা ৰাস্তাত পুনৰ কিছু নির্মাণকার্য কৰিয়েই অস্তিত্বহীন নাৰায়ণপুৰ–পেৰাধৰ্ সংযোগী পথটোৰ নামত আবণ্টিত ধনৰাশিৰ সিংহভাগ ইতিমধ্যে ঠিকাদাৰ অহেদুৰ ৰহমানে উলিয়াই নিছে৷ এই সমগ্র অনিয়মত নলবাৰী জিলা ক্ষেত্রীয় পথ সংমণ্ডল তথা মুকালমুৱা উপ–সংমণ্ডলৰ অভিযন্তা–কর্মচাৰীৰ আশীর্বাদ থকাটো নিশ্চিত বুলি দাবী কৰিছে স্থানীয় ৰাইজে৷

লক্ষণীয়ভাৱে বনপুৰা ৰাজহ গাঁৱৰ পৰা ১নং কাপলাবড়ী, ২নং কাপলাবড়ী, দমদমা পথাৰ, ৰামপুৰ, ১নং লাৰকুছি আৰু ২নং লাৰকুছি গাঁও অতিক্রম কৰিলেহে পেৰাধৰা পোৱা যায়৷ পিএমজিএছৱাই ৰূপায়ণত দুর্নীতি–নিয়মৰ ইমানতে অন্ত পৰা নাই৷ নলবাৰী জিলা ক্ষেত্রীয় পথ সংমণ্ডলৰ অধীনত আদাট্টাৰী–নাৰুৱাৰ পৰা ২নং নাৰুৱালৈ ৫.৯১কিলোমিটাৰ দৈর্ঘ্যৰ আন এটা পথ নির্মাণ কৰা দেখুওৱা হৈছে৷ এই পথটো নির্মাণত ২,৬৮,৯৩,৮৬৩ টকা খৰচ কৰাৰ বিপৰীতে ৫ বছৰৰ মেৰামতিৰ বাবদ ধার্য কৰা হৈছে ৩৮.৯৪ লাখ টকা৷ কিন্তু ঠিকাদাৰী প্রতিষ্ঠান এলাইড ইঞ্জিনীয়াৰিং কনষ্ট্রাকচন কর্প’ৰেচনে এএছ–২০–১৯২ পেকেজৰ অধীনত আদাট্টাৰীৰ পৰা ২নং জয়সাগৰৰ টাপাট্টাৰীলৈ এই প্রায় দুই কিলোমিটাৰ অংশত কোনোধৰণৰ নির্মাণ কার্যই নকৰিলে৷ তাৰ বিপৰীতে ২০২১ চনৰ ১ অক্টোবৰত নির্মাণকার্য আৰম্ভ কৰা আৰু চলিত বর্ষৰ ৩০ জুনত সমাপ্ত কৰা দেখুওৱা পথটোৰ কিছু কাম টাপাট্টাৰীৰ পৰা নাৰুৱালৈ কৰিয়েই ঠিকাদাৰী প্রতিষ্ঠানটোৱে দায় সামৰিছে৷

গুৰুত্বপূর্ণ কথাটো হ’ল– পথটোৰ নির্মাণকার্য আৰম্ভ হোৱা আদাট্টাৰীত ইয়াৰ ফলকখন আঁৰিব লাগিছিল৷ সেয়া নকৰি ফলকখন ঁৰা হৈছে টাপাট্টাৰীত৷ তদুপৰি ৩০ জুনলৈ মাজতে আৰু দুটা দিন আছে৷ তেনেস্থলত নির্মাণকার্য ৩০ জুনত সমাপ্ত হোৱা দেখুওৱাটোৱেই প্রমাণ কৰে ইয়াত সংঘটিত অনিয়ম৷ উল্লেখ্য যে এই দুয়োটা পথৰ নির্মাণকার্য আৰম্ভ হোৱাৰ সময়ত নলবাৰী জিলা ক্ষেত্রীয় পথ সংমণ্ডলৰ কার্যবাহী অভিযন্তাৰ দায়িত্বত দ্বিজেন পাটগিৰি আছিল৷ সম্প্রতি কার্যবাহী অভিযন্তা পদত আছে পৰেশ হালৈ৷ সেইদৰে এই সময়ছোৱাত লোকনির্মাণ (পথ) বিভাগৰ মুকালমুৱা পথ উপ–সংমণ্ডলৰ সহকাৰী কার্যবাহী অভিযন্তাৰ পদত উপগুপ্ত মড়লে কার্যনির্বাহ কৰি আছে৷ পিএমজিএছৱাই ৰূপায়ণত সংঘটিত এনে দুর্নীতি–নিয়মক লৈ ঠিকাদাৰ অহেদুৰ ৰহমান আৰু এলাইড ইঞ্জিনীয়াৰিং কনষ্ট্রাকচন কর্প’ৰেচনৰ লগতে উক্ত অভিযন্তা তিনিজন তদন্তৰ আওতালৈ আহিবনে?– এই প্রশ্ণ সম্প্রতি সমগ্র বৰক্ষেত্রীবাসীৰ মাজত ব্যাপকভাৱে চর্চিত হৈছে৷

You might also like