নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ বাঘমাৰা চৰত দহ লক্ষাধিক টকাৰ গাঞ্জা ধ্বংস আৰক্ষীৰ

বৰপেটা জিলাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ৪নং বাঘমাৰা চৰত আৰক্ষীয়ে অবৈধ গাঞ্জা খেতিৰ বিৰুদ্ধে এক আকস্মিক অভিযান চলাই ১০ লক্ষাধিক টকাৰ ভাং গছ কাটি পেট্ৰ’ল ঢালি জ্বলাই দিয়ে |

ৰাইজৰ অভিযোগৰ ভিত্তিত আলোপতি চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত  ৰাইজৰ সহযোগত এটা বৃহৎ দলে আকস্মিক অভিযান চলাই গাঁওখনৰ প্ৰায় ৪টা পৰিয়ালৰ চোতালে চোতালে কৰা এই গাঞ্জা গছবোৰ এফালৰ পৰা কাটি পেট্ৰ’ল ঢালি জ্বলাই দিয়ে |

আৰক্ষীৰ এই অভিযানে অঞ্চলটোত অবৈধ গাঞ্জা খেতিয়কৰ মাজত তীব্ৰ ত্ৰাসৰ সৃষ্টি কৰাৰ বিপৰীতে সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে |

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২৪ জানুৱাৰী :

You might also like