চীনত মুকলি বিশ্বৰ দীর্ঘতম এক্সপ্রেছৱে সুৰংগ
আন্তঃগাঁথনিৰ ক্ষেত্রত চমকপ্রদ উন্নতিৰ সোপান দেখুৱাই আহিছে চুবুৰীয়া ৰাষ্ট্র চীনে৷ শেহতীয়াকৈ দেশখনৰ জিনজিয়াং প্রদেশত চীনে শুকুৰবাৰে মুকলি কৰে ২২.১৩ কিলোমিটাৰ দৈর্ঘ্যৰ এটা পথ সুৰংগ৷
উত্তৰ–পশ্চিম চীনৰ জিনজিয়াং উইঘুৰ স্বায়ত্তশাসিত মণ্ডলৰ মধ্য টিয়ানছান পর্বতৰ মাজেৰে পাৰ হৈ যোৱা ‘দ্য টিয়ানছান ছেংলি টানেল’ নামৰ এই সুৰংগটো নির্মাণ হোৱাৰ পিছত মাত্র ২০ মিনিটতে কেইবাঘণ্টাজোৰা বিপদসংকুল পাহাৰীয়া যাত্রা পাৰ হৈ যাব পৰা হ’ল বুলি চৰকাৰী সংবাদ মাধ্যমৰ বাতৰিত প্রকাশ পাইছে৷
চাইনা কমিউনিকেচন কনষ্ট্রাকচন কোম্পানীৰ অধ্যক্ষ চং হেইলিয়াঙে প্রকাশ কৰা মতে এই নৱনির্মিত আৰু ৰাজহুৱা ব্যৱহাৰৰ বাবে মুকলি কৰা সুৰংগটোৱে দুটাকৈ বিশ্ব ৰেকর্ড গঢ়িবলৈ সক্ষম হৈছে৷ চীনৰ এই আধুনিক সুৰংগটোৱে দেশখনৰ যোগাযোগ ব্যৱস্থাত বিশেষ বৰঙণি যোগাব বুলি কোৱা হৈছে৷
ডিজিটেল ডেস্ক, ২৭ ডিচেম্বৰ