নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ জানুৱাৰীত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্রী মোদীয়ে

অসমলৈ ইটোৰ পাছত সিটো উপহাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ অহা ১৭ জানুৱাৰীত বহুপ্রত্যাশিত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প্রধানমন্ত্রী মোদীৰ আগন্তুক অসম ভ্রমণৰ বিষয়ে জানিবলৈ দিয়ে স্থানীয় বিধায়ক তথা কৃষিমন্ত্রী অতুল বৰাই৷

কালি বোকাখাতত কৃষিমন্ত্রী অতুল বৰাই প্রধানমন্ত্রী মোদীৰ আগমনৰ বিষয়ে উল্লেখ কৰি কয় যে ২০২৫ বর্ষৰ শেষত অসমক প্রধানমন্ত্রী মোদীয়ে দুটাকৈ বৃহৎ উপহাৰ দিছে৷ পুনৰ নতুন বছৰৰ আৰম্ভণিতে ১৭ জানুৱাৰীত আন এক বৃহৎ উপহাৰ দিব প্রধানমন্ত্রী মোদীয়ে৷ বহুপ্রত্যাশিত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্রীগৰাকীয়ে৷

উল্লেখ্য যে ইতিমধ্যে কেন্দ্রীয় কেবিনেটে কলিয়াবৰৰ পৰা নুমলীগড়লৈকে মুঠ ৮৬ কিঃমিঃ চাৰিলেনযুক্ত পথ আৰু কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ বাবে ৬,৯৫৭ কোটি টকাৰ অনুমোদন জনাইছে৷ এই পথছোৱাতে হ’ব এলিভেটেড কৰিড’ৰ৷

কৃষিমন্ত্রী অতুল বৰাই কয় যে এলিভেটেড কৰিড’ৰ নির্মাণৰ ফলত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বন্যপ্রাণীসমূহ সুৰক্ষিত হ’ব৷ প্রধানমন্ত্রী মোদীয়ে এটা নিশা কাজিৰঙাত কটাই যোৱাৰ লগে লগে পর্যটকৰ সোঁত বৈছে৷

নিয়মীয়া বার্তা, কাজিৰঙা, ২৫ ডিচেম্বৰ :

You might also like