শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ বিৰাটৰ
সুদীর্ঘ ১৫ বছৰৰ পাছত বিজয় হাজাৰে ট্রফীত প্রত্যাৱর্তন কৰি কিংবদন্তি ক্রিকেটাৰ শচীন তেণ্ডুলকাৰৰ এক অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে৷
প্রতিযোগিতাখনৰ প্রথমখন মেচতেই শতক অর্জন কৰে দিল্লীৰ তাৰকা বেটাৰগৰাকীয়ে৷ অন্ধ্রৰ বিপক্ষে খেলা মেচখনত ১০১টা বলত দর্শনীয় ১৩১ ৰান কৰা কোহলিয়ে লিষ্ট এ ক্রিকেটত ১৬ হাজাৰ ৰান সম্পূর্ণ কৰে৷
৩৩০টা ইনিংছত ১৬ হাজাৰ ৰান সম্পূর্ণ কৰি তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে টীম ইণ্ডিয়াৰ জ্যেষ্ঠ তাৰকা বেটাৰগৰাকীয়ে৷ শচীনে ৩৯১টা ইনিংছত ১৬ হাজাৰ ৰানৰ মাইলষ্ট’নত প্রৱেশ কৰিছিল৷
কোহলিয়ে মাত্র ১ ৰান সংগ্রহ কৰাৰ লগে লগে লিষ্ট এ ক্রিকেটত ১৬ হাজাৰ ৰানৰ মাইলষ্ট’নত প্রৱেশ কৰে৷ ইপিনে, লিষ্ট এ ক্রিকেটত ১৬ হাজাৰ ৰান সম্পূর্ণ কৰা কোহলি হ’ল বিশ্বৰ নৱমগৰাকী ক্রিকেটাৰ৷
ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ