আজি পৱিত্র বৰদিন : গির্জাই গির্জাই কেৰলৰ ধ্বনিত মুখৰ মহানগৰ
আজি খ্রীষ্টান ধর্মাৱলম্বীসকলৰ পৱিত্র বৰদিন৷ বৰদিন উপলক্ষে সমগ্র বিশ্বৰ লগতে গুৱাহাটী মহানগৰীতো খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে ব্যাপক প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷
মহানগৰীৰ গির্জাসমূহ পৱিত্র বৰদিন উপলক্ষে সজাই পৰাই তোলা হৈছে৷ গির্জাই গির্জাই পৱিত্র বৰদিন উপলক্ষে কেৰলৰ ধ্বনিত মুখৰ হৈ পৰিছে গুৱাহাটী মহানগৰী৷ পাণবজাৰ, ডনবস্ক’, কাহিলিপাৰা, ফাঁচীবজাৰকে ধৰি মহানগৰীৰ বিভিন্ন প্রান্তৰ গির্জাসমূহত প্রভু যীশুক আৰাধনাৰ বাবে খ্রীষ্টান ধর্মাৱলম্বী লোকসকল সাজু হৈছে৷
ইপিনে পৱিত্র বৰদিন উপলক্ষে মহানগৰীৰ বজাৰ বৰদিনৰ সামগ্রী আৰু খ্রীষ্টমাছ ট্রীৰ লগতে শান্তাক্ল’জৰ টুপী–পোছাক আদিৰে ভৰি পৰিছে৷
আজি মহানগৰীৰ গির্জাই গির্জাই খ্রীষ্টান ধর্মাৱলম্বী লোকসকলে সমৱেত হৈ বিশ্বশান্তিৰ বাবে আৰাধনা কৰাৰ লগতে প্রভু যীশুৰ বাণী বিলাই পৰস্পৰক কুশল কামনা কৰাৰ লগতে ভাতৃত্ববোধৰ বার্তা প্রেৰণ কৰিব৷
ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ