নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রলৈ ‘ভাৰত ৰত্ন’ৰ বাবে গুৰুদেৱ কালিচৰণৰ নাম প্রস্তাৱ বিটিচিৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ গুৰুদেৱ কালিচৰণ ব্রহ্মদেৱক ভাৰত ৰত্ন বটা প্রদান কৰ্বি লাগে৷ এই দাবী বিটিচিপ্রধান প্রমোদ বডোৰ৷ দেওবাৰে বাক্সা জিলাৰ ন্বস্তিত দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত ১১২সংখ্যক মাঘী পূর্ণিমা উদ্যাপন আৰু ১৩সংখ্যক স্বৰূপ স্থিতি প্রচাৰ সংসদ, উত্তৰ পূর্বাঞ্চলৰ বার্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কয় যে দেশৰ আদর্শৱান ব্যক্তিক যেনেদৰে ভাৰত ৰত্ন বটা প্রদান কৰা হৈছে, ঠিক তেনেদৰে গুৰুদেৱ কালিচৰণ ব্রহ্মকো ভাৰত ৰত্ন প্রদান কৰ্বি লাগে৷ পুনৰ কয় যে বর্তমান নির্মাণৰত ৰূপসী বিমানবন্দৰৰ নামকৰণো গুৰুদেৱ কালিচৰণ ব্রহ্মৰ নামেৰে কৰ্বি লাগে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰলৈ বিটিচি প্রশাসনৰ তৰফৰ পৰা পত্র প্রেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷

আনহাতে, সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিটিচিপ্রধানগৰাকীয়্ কয় যে আগন্তুক বিধানসভা র্ন্বিাচনত ইউ পি পি এলে নিজাববীয়াকৈ প্রার্থিত্ব প্রদান কৰ্বি৷ আনহাতে, আগন্তুক সময়ত ৰাজ্যত কোন দলে চৰকাৰ গঠন কৰ্বি বুলি সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত তেওঁ কয় যে কেন্দ্রত যি দলে চৰকাৰ গঠন কৰিছে এই দলেই ৰাজ্যত পুনৰ চৰকাৰ গঠন কৰ্বি৷ বিটিচিতো যিটো দলে চৰকাৰ চলাই আছে সেই দলেই বিটিচিৰ প্রতিটো সমষ্টিত জয়লাভ কৰ্বি বুলি দাবী কৰে মুখ্য কার্য্বাহী সদস্যজনে৷ সভাত বিটিচিৰ অধ্যক্ষ কাতিৰাম বডোৱে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷

You might also like