নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিশ্ৰুতি নহয়, জনসভাত প্ৰিয়ংকা গান্ধীয়ে দিলে এই পাঁচটা গেৰাণ্টী

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসমলৈ অহা প্ৰিয়ংকা গান্ধীয়ে আজি তেজপুৰত এক বিশাল জনসভা সম্বোধন কৰে। সভাত গান্ধীয়ে অসমৰ ৰাইজৰ ওচৰত দাঙি ধৰে পাঁচটা গেৰাণ্টী।

আগন্তুক নিৰ্বাচনত কংগ্ৰেছ চৰকাৰৰ হাতলৈ শাসন আহিলে এই পাঁচটা কৰ্ম কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে প্ৰতিশ্ৰুতি নহয় গেৰাণ্টী দিয়ে গান্ধীয়ে। গান্ধীয়ে প্ৰদান কৰা এই পাঁচ গেৰাণ্টী হ’ল-

(১) কংগ্ৰেছে এনেকুৱা আইন প্ৰণয়ন কৰিব যে ইয়াত কা কোনো প্ৰকাৰে প্ৰযোজ্য নহ’ব।
(২) অসমৰ গৃহিণীৰ কাৰণে গৃহিণী সন্মান ৰাশি ৰূপে প্ৰতি মাহত ২০০০ টকাকৈ দিয়া হ’ব।
(৩) বিদ্যুতৰ বাবে ২০০ ইউনিট ৰেহাই দিয়া হ’ব প্ৰতিমাহত, যাৰ বাবে একোটা পৰিয়ালৰ ৰাহি হ’ব ১৪,০০০ টকাকৈ।
(৪) চাহ বাগিচাৰ কৰ্মীক ৩৬৫ টকাকৈ পাৰিশ্ৰমিক দিয়া হব।
(৫) ৫ লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰা হব।

You might also like