নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই সমষ্টিত বিজেপিৰ কৰ্মীৰ ভুবন পেগুৰ বিৰুদ্ধে মুকলি প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ জোনাই সমষ্টিৰ বিজেপি দলৰ কৰ্মকৰ্তাৰ মাজত বিধায়ক ভুবন পেগুক লৈ  বহুদিনৰ পৰা চলি আছে বিদ্ৰোহ। জোনাই সদৰত আজি পূব জোনাই বিজেপি মণ্ডল কৰ্মীৰ নিৰ্বাচনকেন্দ্ৰিক প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷

ভুবন পেগুক দলীয় টিকট দিয়াক লৈ উত্তেজিত হয় পুৰণি বিজেপি কৰ্মীসকল৷ উল্লেখ্য যে জোনাই সমষ্টিত বিজেপি দলে ভুবন পেগুক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো পুৰণি বিজেপি কৰ্মীয়ে নিবিচাৰে। ভুবন পেগুক দলীয় টিকট দিলে বিজেপি জোনাই সমষ্টিত পৰাজিত হ’ব বুলিও মত প্ৰকাশ কৰে বিজেপি কৰ্মীসকলে।

আজি জোনাইত বিজেপি কৰ্মীয়ে বিজেপি জিন্দাবাদ, ৰঞ্জিত দাস জিন্দাবাদ, ফণী শৰ্মা জিন্দাবাদ ধ্বনি দিয়াৰ লগতে ভুবন পেগু গ’বেক, প্ৰদান বৰুৱা গ’বেক ধ্বনি দিয়ে। শতাধিক কৰ্মীয়ে জোনাই মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত দলীয় পতাকা লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগুৱে বিজেপিত যোগদানৰ পিছৰে পৰা দলীয় কাৰ্যকৰ্তাৰ মাজত তীব্ৰ অসন্তুষ্টি পৰিলক্ষিত হৈছে, যাৰ বিৰুদ্ধে এতিয়া জোনাই সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীয়ে ন-বিজেপি ভুবন পেগুৰ বিৰুদ্ধে মুকলিকৈ প্ৰতিবাদ কৰিছে ৷

You might also like