নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীত জোনমণিৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবীত প্ৰতিবাদী সমদল

নিয়মীয়া বাৰ্তা, ২৫ মে’ : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি ওদালগুৰিৰ খৈৰাবাৰীতো এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্ত আৰু দোষীক উচিত শাস্তিৰ দাবীত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়। আৰছু, ৰাভা মহিলা পৰিষদ, ৰাভা জাতীয় পৰিষদ, ৰাভা সাহিত্য সভাকে ধৰি কেইবাটাও ৰাভা জাতীয় সংগঠনে খৈৰাবাৰী চহৰৰ মাজেৰে উলিওৱা এই প্ৰতিবাদী সমদলত শ শ লোকে অংশ গ্ৰহণ কৰে। সমদলকাৰী সকলে জোনমণিৰ হত্যা কাৰীক গ্ৰেপ্তাৰ কৰক, আৰক্ষী অধীক্ষক লীনা দলেক গ্ৰেপ্তাৰ কৰক, জোনমণিৰ হত্যাকাৰীক ফাঁচি দিয়ক, আমাক ন্যায় লাগে ইত্যাদি ধ্বনি দি খৈৰাবাৰী চহৰ উত্তাল কৰি তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত ৰাভা জাতীয় সংগঠন সমূহৰ নেতা- কৰ্মী সকলৰ লগতে অঞ্চলটোৰ শ শ পুৰুষ, মহিলাই অংশ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে খৈৰাবাৰী টাউন হাই স্কুল খেল পথাৰত জোনমণি ৰাভালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হয়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাভা জাতীয় সংগঠন সমূহৰ নেতৃবৃন্দৰ লগতে বি টি চিৰ পৰিষদীয় সদস্য ভবেন্দ্ৰ বড়ও অংশ গ্ৰহণ কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সমদলকাৰীসকলে জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত খৈৰাবাৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰও প্ৰেৰণ কৰে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like