নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাত ৰে’লৱে সুৰংগ পথে জীয়াতু ভোগাইছে পথচাৰীক

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ : বিশ্বৰ বৃহত্তম ৰে’লসেৱাৰ অন্যতম ভাৰতীয় ৰে’লসেৱা। যোগাযোগ ব্যৱস্থাৰ অন্যতম ভাৰতীয় ৰে’লসেৱাৰ বিসংগতিপূৰ্ণ নিৰ্মাণৰ বাবে গোৱালপাৰা জিলাৰ বিভিন্ন সুৰংগ পথে জীয়াতু ভোগাইছে পথচাৰীক । উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী-কামাখ্যা- গোৱালপাৰা চহৰ-বঙাইগাও সংযোগী ৰে’লপথৰ প্ৰায়সংখ্যক সুৰংগ পথত এজাক বৰষুণ পৰিলেই পানী ভৰি পৰাৰ বাবে পথটোৰে যাতায়াত কৰিব নোৱাৰা হৈ পৰাত এক অৱবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হ’য়। পথসমূহেৰে যাতায়াত কৰা বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, চিকিৎসা সেৱাকে আদি কৰি সকলো যাতায়াত বন্ধ হৈ পৰে। সুৰংগ পথত পানী জমা হোৱা বাবে বহু অঞ্চলত ৰে’লপথৰ মুকলি অঞ্চলেৰে বিপদসংকুলভাৱে যাতায়াত কৰাত জিলাখনৰ বহু অঞ্চলত দুৰ্ঘটনা সংঘটিত হৈ বহু লোকৰ মৃত্যু হোৱাৰ লগতে বহুসংখ্যক জীৱ-জন্তুৰ মৃত্যু হৈছে। জিলাখনৰ ধূপধৰা চহৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নগৰবেৰা সংযোগী পথ, খেকাপাৰা-আমবাৰী-পদুপাৰা সংযোগী পথ, সাৰাপাৰা টিপলাই সংযোগী পথ, কৃষ্ণাই মৰনৈ সৈনিক স্কুল সংযোগী পথত নিৰ্মাণ কৰা সুৰংগ পথে বাৰুকৈয়ে জ্বলাকলা খুৱাইছে পথচাৰীক। সেয়েহে আগন্তুক বাৰিষাৰ আগতে সুৰংগ পথসমূহৰ নিৰ্মাণত থকা বিসংগতিসমূহ দূৰ কৰি সুচল যাতায়াতৰ ব্যৱস্থা কৰাৰ বাবে ৰে’লৱেৰ  ঊৰ্ধ্বতন কৰ্তৃপক্ষক দাবী জনাইছে ভুক্তভোগী ৰাইজে।

প্ৰেৰক জ্যোতিষ নাথ

You might also like