নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ বকুৱাজাৰীত দিন-দুপৰতে চুৰিকাণ্ড

🔹 চোৰে লুটি নিলে নগদ ধনসহ সাত লক্ষাধিক টকাৰ আ-অলংকাৰ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ : নলবাৰী জিলাৰ বকুৱাজাৰীত আজি দিন-দুপৰতে চুৰিকাণ্ড সংঘটিত হয়৷ বকুৱাজাৰী গাঁৱৰ অৱসৰী শিক্ষক গোবিন্দ বৰ্মনৰ বাসগৃহত দিন-দুপৰতে চোৰে চলালে লুটপাত। পৰিয়ালটোৰ সদস্যসকল নলবাৰীলৈ যোৱাৰ সময়তে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে ঘৰৰ গ্ৰীল, দৰ্জা আৰু লোৰ দুটা আলমিৰাৰ তলা ভাঙি লুটপাত চলাই সাত লক্ষাধিক টকাৰ আ -অলংকাৰৰ লগতে ডেৰ লক্ষাধিক নগদ ধন লুট কৰি লৈ যায় । পিছত ঘটনাস্থলীত আৰক্ষী বিষয়া পৰেশ চন্দ্ৰ দাসৰ নেতৃত্বত অহা টিহু আৰক্ষীৰ এটি দলে উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷

প্ৰেৰক শৈলেন বৰ্মন

You might also like