নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহুধাবিভক্ত কংগ্ৰেছঃ ধুবুৰীৰ ৰাজীৱ ভৱনত সংবাদ মেলৰ মাজতে দুৰ্বাদল কাজিয়া কংগ্ৰেছীৰ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ আজি ধুবুৰীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলৰ মাজতে সৃষ্টি হয় এক হূলুস্থূলীয়া পৰিৱেশৰ। সংবাদিকৰ কেমেৰাৰ সন্মুখতে নিজৰ মাজতেই দূৰ্বাদল কাজিয়াত লিপ্ত হোৱা দেখা যায় একাংশ কংগ্ৰেছীয়ে। উল্লেখ্য যে, কেইদিনমান পূৰ্বে ধুবুৰী গ্ৰামীণ ব্ল’ক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিগৰাকীৰ এখন আদৰণী সভা অনুষ্ঠিত হৈছিল ৰাজীৱ ভৱনত। সেই সভাখনত কোনো স্থানীয় কংগ্ৰেছী নেতাই দেশী আৰু গৰিয়া–মৰিয়াক উদ্দেশ্যি তাচ্ছিল্যসূচক মন্তৱ্য কৰা বুলি সৃষ্টি হৈছিল এক বিতৰ্কৰ। অৱশ্যে সিদিনাৰ সেই সভাখনত দেশী আৰু গৰিয়া–মৰিয়াক উদ্দেশ্যি কোনোৱে কোনো ধৰণৰ মন্তব্য কৰা নাছিল বুলি দাৱী কৰিছিল জিলা কংগ্ৰেছে। পিছে সেই বিতৰ্ক মাৰ নাযাওঁতেই আজি পুনৰ সৃষ্টি হয় নতুন এক বিতৰ্কৰ। আজি দুপৰীয়াৰ পিনে ধুবুৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছী নেতা তথা ধুবুৰী জিলা পৰিষদৰ সদস্য ৰেজাউল ইছলাম ৰিংকু আৰু আন দলটোৰ আন এগৰাকী নেতা নূৰুল আজম সৰকাৰে এখন সংবাদ মেল সম্বোধন কৰাৰ সময়তে সৃষ্টি হয় সেই ঘটনাৰ। সংবাদ মেলৰ মাজতেই একাংশ কংগ্ৰেছীয়ে দুয়োকে কিবা কথাত উভতি ধৰে আৰু ফলত সৃষ্টি হয় দুৰ্বাদল এক কাজিয়াৰ। ইপিনে আজিৰ এই ঘটনাই দীৰ্ঘ বহু বছৰৰ পৰাই ভিতৰে ভিতৰে জিলা কংগ্ৰেছৰ ভিতৰচৰাত বহু কেইটা শিৱিৰত বিভক্ত বুলি থকা থকা চৰ্চা যে সঁচা সেয়াই প্ৰতীয়মান কৰা বুলিয়েই মত প্ৰকাশ কৰা পোৱা গৈছে স্থানীয় ৰাজনৈতিক বিশ্লেষক একাংশই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like