নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত শোকাৱহ ঘটনাঃ দ খাৱৈত পৰি সলিল সমাধি দুই শিশুৰ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত কুমাৰকটা গাঁৱত আজি দুপৰীয়া এক শোকাবহ ঘটনা সংঘটিত হয় । ঘৰৰ সমীপতে খেলি থকাতে দুটি কণমানি শিশুৰ দ-খাৱৈত পিছলি পৰি সলিল সমাধি ঘটে । সলিল সমাধি ঘটা শিশু দুটি কুমাৰকটা চতুৰ্থ খণ্ড (বৈৰাগীপাৰা) গাঁৱৰ বৈদ্য পালৰ পুত্ৰ অপূৰ্ব পাল(৪) আৰু কংশ ৰায়ৰ পুত্ৰ কৃষ্ণ ৰায়(৫) বুলি জনা চিনাক্ত কৰিছে ।ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজি দুপৰীয়া প্ৰায় ১২ বজাত দুই কণমানি শিশুয়ে ঘৰৰ সমীপতে খেলি আছিল ।খেল থকা সময়তে কাষতে থকা দ-খাৱৈত পিছলি পৰি যায় ।পিছত স্থানীয় একাংশ লোকে শিশু দুটিক দ-খাৱৈত পৰি কোক-বকাই থকা প্ৰত্যক্ষ কৰে। স্থানীয় একাংশ লোকে  অতি মুমূৰ্ষু অৱস্থাত শিশু দুটিক উদ্ধাৰ কৰি চলন্তাপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে । চিকিৎসকে শিশু দুটাক বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসকে শিশু দুটিক মৃত বুলি ঘোষণা কৰে ।ফুল কুমলীয়া শিশু দুটিৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।

প্ৰেৰক টিংকু চন্দ্ৰ দাস

You might also like