নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোঁৰাৰ পিঠিত উঠি বিদ্যালয়লৈ যোৱা যুৱৰাজ ৰাভাক ৰাজু মেচৰ সাহায্য

দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল বৰবাকাৰা গাঁৱৰ সৰ্বেশ্বৰ ৰাভা আৰু মিনা ৰাভাৰ তৃতীয় শ্ৰেণীত অধ্যয়নৰত যুৱৰাজ ৰাভালৈ সাহায্য প্ৰদান ভাৰতীয় জনতা পাৰ্টীৰ যুৱ নেতা, বিশিষ্ট সমাজকৰ্মী ৰাজু মেচৰ।

উল্লেখ্য যে, দক্ষিণ পাণ্টান জনজাতীয় মধ্য ইংৰাজী বিদ্যালয়ৰ তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ যুৱৰাজ ৰাভাই প্ৰায় চাৰি কিলোমিটাৰ পাহাৰীয়া দুৰ্গম পথৰে বৰবাকাৰা গাঁৱৰ পৰা নিজে ঘোঁৰাৰ পিঠিত উঠি দৈনিক বিদ্যালয়লৈ পঢ়িবলৈ আহে। আৰু বিষয়টিয়ে সম্প্ৰতি সাংঘাটিক ধৰনে চৰ্চা লাভ কৰিছে।

মাত্ৰ ৯ বছৰীয়া অত্যন্ত গৰীব কণমানি যুৱৰাজ ৰাভাৰ ‌এই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈছিল। তাৰ পিছতে আজি ৰাজু মেচে যুৱৰাজৰ বৰবাকাৰাৰ নিজ গৃহত উপস্থিত হৈ সাহসী যুৱৰাজে যাতে পঢ়াৰ ক্ষেত্ৰত উৎসা দুগুনে বৃদ্ধি পায় সেই উদ্দেশ্যে আগত ৰাখিয়ে শিশুগৰাকীলৈ আৰ্থিক সাহায্যৰ চেক, চাইকেল, স্কুল বেগ আৰু এটি ফুটবল প্ৰদান কৰে। অনাগত দিনতো যুৱৰাজক ৰাজু মেচে সহায়ৰ আস্বাস প্ৰদান কৰে।ইফালে যুৱৰাজ ৰাভাৰ পৰিয়ালৰ লগতে বৰবাকাৰা গাওঁবাসীয়ে বিপুল আদৰণি জনায়।

নিয়মীয়া বাৰ্তা, কুকুৰমাৰা, ৩ ছেপ্টেম্বৰ

You might also like