নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা মহাবিদ্যালয়ত নাৰায়ণী সন্দিকৈ বক্তৃতানুষ্ঠান

আবেগ অবিহনে ইতিহাস সৃষ্টি সম্ভৱ নহয় -উপাচাৰ্য অৰূপ জ্যোতি চৌধুৰী

আৱেগ এক মনস্তাত্বিক আৰু শাৰীৰিক অৱস্থা। মন আৰু শৰীৰৰ এক জটিল প্ৰক্ৰিয়া হ’ল আৱেগ। ব্যক্তিগত আৰু সামূহিক দুটা ভাগত আবেগক বিভক্ত কৰিব পাৰি। আৱেগে যেতিয়া সামূহিক স্বীকৃতি পাই তেতিয়া ই ইতিহাসলৈ ৰূপান্তৰিত হয়। এই বক্তব্য মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, শিক্ষাবিদ ডঃ অৰূপ জ্যোতি চৌধুৰীৰ।

অসম চৰকাৰৰ ঐতিহাসিক আৰু পূৰাতত্বিক অধ্যয়ন সঞ্চালকাময়ৰ উদ্যোগত আৰু ঢকুৱাখনা মহাবিদ্যালয় সহযোগত ২ ছেপ্টেম্বৰত শিক্ষানুষ্ঠানখনৰ অনুষ্ঠিত নাৰায়ণী সন্দিকৈ স্মাৰক বক্তৃতাত ডঃ চৌধুৰীয়ে এইদৰে কয়।

“ইতিহাস আৰু আৱেগ : মানুহৰ অভিজ্ঞতা উপলব্ধিৰ প্ৰচেষ্টা” শীৰ্ষক বিষয়বস্তুৰ ওপৰত বক্তব্য ৰাখি তেওঁ জাৰ্মান জাতি আৱেগৰ কথা হিটলাৰৰ উদ্ধৃতিৰে ইতিহাস আৰু আবেগৰ সম্বন্ধৰ কথা অতি প্ৰাঞ্জল ভাষাৰে উল্লেখ কৰে। জাৰ্মান শ্ৰেষ্ঠ এই আবেগ সামূহিক হোৱাৰ বাবেই জাৰ্মানী এখন শক্তিশালী আৰু শ্ৰেষ্ঠ দেশ হিচাপে বিশ্বত প্ৰতিষ্ঠা আৰু খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে ভাৰতৰ স্বাধীনতা আন্দোলনত গান্ধীজীৰ অৱদান, বৃটিছক খেদিবৰ বাবে ভাৰতীয়সকলৰ স্বাধীন মনোভাৱৰ আবেগে সামূহিক ৰূপ পোৱাৰ বাবেই সফলতা লাভ কৰা আৰু বৃটিছে ভাৰত-ত্যাগ কৰিবলৈ বাধ্য হোৱাৰ ওপৰতো তেওঁ অৱলোকন আগবঢ়ায়।

১৯২১ৰ অসহযোগ ১৯২৯ চনৰ পূৰ্ণ স্বৰাজ ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনত ভাৰতীয় জনসাধাৰণৰ আবেগৰ বৰ্হি প্ৰকাশ। আবেগ অবিহনে ইতিহাস সৃষ্টি সম্ভৱ নহয়। লগতে কয় যে এটা আবেগ যুক্তিসংগত নহ’বও পাৰে।

মহাবিদ্যালয়ৰখনৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক ডঃ পাপৰি মালা ভূঞাই আঁতধৰা বক্তৃতানুষ্ঠানত আদৰণী বক্তব্য আগবঢ়ায় অধ্যক্ষ ডঃ যোগানন্দ সূতে। আদৰণী ভাষণত ড°সূতে কয় যে ইতিহাস মানৱ সভ্যতাৰ জীৱন্ত দলিল। এই ইতিহাসে কেৱল চন, মাহ, তাৰিখেই সামৰি নাৰাখে; মানুহে যুগে যুগে লাভ কৰা অভিজ্ঞতাও সমাহিত কৰি ৰাখে।

ইয়াৰ পূৰ্বে নাৰায়ণী সন্দিকৈ বক্তৃতা মালাৰ বিষয়ে আৰু ইতিহাস আৰু পূৰাতত্ব অধ্যয়ন সঞ্চালকালয়ৰ ভৱিষ্যতৰ আঁচনিৰ ওপৰত এক অৱলোকন আগবঢ়াই বিভাগটোৰ সঞ্চালক ডঃ সংগীতা গগৈয়ে। বক্তৃতাৰ শেষত উপাচাৰ্য ডঃ চৌধুৰী আৰু সঞ্চালক ডঃ সংগীতা গগৈয়ে ছাত্ৰ-ছাত্ৰী আৰু মহাবিদ্যালয়ৰ শিক্ষকৰ লগত প্ৰায় এঘণ্টা সময় মত বিনিময় কৰে।অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰ কুমাৰ কোঁচ, সদস্য সচিব যুক্তিৰত্ন শইকীয়াৰ লগতে গৰিস্থসংখ্যক অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিত থাকে।মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰাকেশ কলিতাই শলাগ জ্ঞাপন কৰাৰ পাছতে এই বক্তৃতানুষ্ঠানৰ সামৰণি পৰে।

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৩ ছেপ্টেম্বৰ

You might also like