নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহ মন্ত্রালয়–এনচিএছট্ সেউজ সংকেত সত্ত্বেও উত্থাপনেই নহ’ল বিধেয়ক

আৰটিআইৰ তথ্যৰ উদ্ধৃতিৰে ৰাজ্যসভাত অজিত ভূঞা

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ  ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রসংগ দেওবাৰে ৰাজ্যসভাৰ ‘স্পেচিয়েল মেনচন’ শিতানত উত্থাপন কৰে নির্দলীয় সাংসদ অজিত কুমাৰ ভূঞাই৷ তথ্য জনাৰ অধিকাৰ আইনৰ তথ্যৰ উদ্ধৃতিৰে এই সন্দর্ভত তেওঁ কার্যতঃ কেন্দ্রীয় চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লয়৷ সাংসদ ভূঞাই কয় যে অসমৰ তাই আহোম, মৰাণ, মটক, চুতীয়া আৰু আদিবাসী–চাহ জনগোষ্ঠীয়ে কেইবাদশক ধৰি জনজাতিকৰণৰ দাবী কৰি আহিছে৷ সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপনৰ পূর্বে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে ৰাজ্যসভাত বিগত ২০১৯ চনৰ ৯ জানুৱাৰীত ‘দ্য কনষ্টিটিউচন (ছিডুলড ট্রাইপছ) অর্ডাৰ (এমেণ্ডমেণ্ট) বিল, ২০১৯’ দাখিল কৰিছিল৷ নাগৰিকত্ব সংশোধনী বিধেয়ক পৰিণত হ’ল নাগৰিকত্ব সংশোধনী আইনত৷ কিন্তু জনজাতিকৰণ সম্পর্কীয় বিধেয়কখন সংসদত ভোটৰ বাবে উত্থাপন কৰা নহ’ল৷ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্যৰ ভিত্তিত কেন্দ্রীয় গৃহ মন্ত্রালয়ে গঠন কৰি দিয়া কমিটীৰ লগতে ৰাষ্ট্রীয় জনজাতি আয়োগে (এন চি এছ টি) অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সেউজ সংকেত দিয়া সত্ত্বেও কেন্দ্রই এইক্ষেত্রত ব্যৱস্থা নোলোৱাৰ তেওঁ অভিযোগ তোলে৷ এই সন্দর্ভত সাংসদ ভূঞাই কয় যে ২০১৬ চনৰ ২৯ ফেব্রুৱাৰীত কেন্দ্রীয় গৃহ মন্ত্রালয়ে গঠন কৰি দিয়া কমিটীখনে ছয় জনগোষ্ঠীক নীতিগতভাৱে জনজাতিৰ মর্যাদাৰ প্রদানৰ পৰামর্শ দিছিল৷ তদুপৰি ভাৰতৰ মহাপঞ্জীয়কৰ (আৰ জি আই) কার্যালয়ো অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত কৰাৰ প্রস্তাৱত সমর্থন আগবঢ়াইছে৷ সেইদৰে এন চি এছ টিৰ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিৰ বৈশিষ্ট্য থকাৰ কথা উল্লেখ কৰি তেওঁলোক জনজাতিৰ তালিকাভুক্ত হোৱাৰ যোগ্য বুলি মতামত আগবঢ়াইছে৷ এনে প্রেক্ষাপটত চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পর্কীয় বিধেয়কখন কেতিয়া ভোটৰ বাবে সংসদত উত্থাপন কৰিব বুলি তেওঁ প্রশ্ণ তোলে৷

You might also like