বিশেষ বাৰ্তা, ৮ নৱেম্বৰ : নগাঁও মৰিকলঙত এক নৃশংস ডকাইতিৰ ঘটনা সংঘটিত হয়। শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হৰেন্দ্ৰ নাথ বৰা দম্পতীক ছুৰীৰে আক্ৰমণ কৰি লুটি নিলে ধন। নগাঁও চহৰৰ সমীপৰ মৰিকলঙৰ হৰেন্দ্ৰ নাথ বৰা আৰু দীপ্তি বৰাৰ ঘৰত সংঘটিত হৈছে এই জঘন্য ঘটনা। বৰ্তমান চিকিৎসাধীন হৈ আছে দুয়োগৰাকী লোক। অকলশৰীয়া দম্পতীৰ ঘৰত থকা প্ৰভাত হাজৰিকাই এই ডকাইতিৰ ঘটনা সংঘটিত কৰি পলায়ন কৰে। প্ৰভাত হাজৰিকা পূৰ্বে দম্পতীটোৰ লগত কেয়াৰটেকাৰ হিচাপে আছিল।
Prev Post