নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত স্বাধীনতা ৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ ৰায়দান…

ডিজিটেল ডেস্ক, ৮ নৱেম্বৰ : ব্যক্তিগত স্বাধীনতা ৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে গুৰুত্বপূর্ণ ৰায়দান কৰিছে৷ দেশৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত দুজনীয়া বিচাৰপীঠে এই নির্দেশ জাৰি কৰিছে৷ সংবিধানৰ ২২ (১) অনুচ্ছেদৰ অধীনত গ্রেপ্তাৰৰ কাৰণ জনাটো অভিযুক্তৰ মৌলিক অধিকাৰ বুলি উল্লেখ কৰিছে মুখ্য ন্যায়াধীশ গাভাই আৰু ন্যায়াধীশ এ জি মাছিহে৷ এই অধিকাৰ সকলো ধৰণৰ অপৰাধৰ ক্ষেত্রত প্রযোজ্য৷

ৰায়দান অনুসৰি গ্রেপ্তাৰৰ সময়ত এজন অভিযুক্তক গ্রেপ্তাৰৰ কাৰণ সকলো তদন্তকাৰী সংস্থাই লিখিতভাৱে অৱগত কৰিব লাগিব৷ তদুপৰি অভিযুক্তগৰাকীৰ বোধগম্য হোৱাৰ বাবে প্রয়োজন হ’লে স্থানীয় ভাষাত গ্রেপ্তাৰৰ কাৰণ অৱগত কৰিব লাগিব৷ নিৰক্ষৰ লোকৰ ক্ষেত্রত অৱশ্যে মৌখিকভাৱে জনোৱাটো দৰকাৰ বুলি ৰায়দানত উল্লেখ কৰে৷

বিচাৰপীঠে লগতে কয় যে যদি অভিযুক্ত ব্যক্তিগৰাকীক গ্রেপ্তাৰৰ কাৰণ সঠিকভাৱে অৱগত কৰোৱা নহয় তেন্তে সেই গ্রেপ্তাৰ অবৈধ বুলি গণ্য কৰা হ’ব৷ এনে ক্ষেত্রত অভিযুক্তই মুক্তিৰ দাবীও কৰিব পাৰে৷ ২০২৪ চনত মুম্বাইৰ ৱর্লি অঞ্চলত বিএমডব্লিউ বাহন দুর্ঘটনাৰ গোচৰত অভিযুক্ত মাহীৰ ৰাজে বনাম মহাৰাষ্ট্র চৰকাৰৰ গোচৰৰ শুনানিৰ সময়ত আদালতে এই নির্দেশ জাৰি কৰে৷

You might also like