নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ পথালিপাৰাত ব্যৱসায়ীৰ ঘৰত চোৰৰ চাফাই অভিযান

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১০ নৱেম্বৰ : নগৰবেৰাৰ বিশিষ্ট ব্যৱসায়ী, মাতৃ হোটেলৰ মালিক কুমুদ মেধিৰ ঘৰত চোৰে চলালে লুটপাত | লুটি নিলে সোণ-ৰূপৰ গহনা, বয়বস্তু, নগদ ধন |

নগৰবেৰা পথালিপাৰাস্থিত ব্যৱসায়ীজনৰ বাসগৃহত নিশা দুৱাৰৰ তলা ভাঙি সোণ-ৰূপৰ গহনা, বয়বস্তু, নগদ ধন লুটি নিয়াৰ লগতে সকলো সামগ্ৰী লণ্ডভণ্ড কৰে চোৰে | কুমুদ মেধিয়ে জানিবলৈ দিয়া মতে, চোৰে নিয়া সকলো সামগ্ৰীৰ আনুমানিক মূল্য ২৫-৩০ লাখৰ ভিতৰত হ’ব |দুৱাৰত তলা লগাই ঘৰৰ সকলো গৈছিল নগৰবেৰা ৰাসত নাহিদ আফ্ৰিনৰ প্ৰ’গ্ৰেম চাবলৈ, তাৰেই সুবিধা ল’লে চোৰে |

প্ৰতিবেশীয়ে শব্দ পাই ফোন কৰাতহে ব্যৱসায়ী কুমুদ মেধিয়ে ঘৰলৈ আহি সামগ্ৰী লণ্ডভণ্ড অৱস্থাত দেখে | খবৰ পাই আৰক্ষী আৰু ৰাজহ চক্ৰ বিষয়াই নিশাৰ ভাগতেই উপস্থিত হয় পৰিয়ালটিত আৰু অনুসন্ধান চলায়| চোৰৰ তাণ্ডৱৰ পাছত নিৰাপত্তাহীনতাত ভুগিছে কুমুদ মেধিৰ পৰিয়ালটি।

You might also like