কাইলৈ বিহাৰ-ৰ দ্বিতীয় পর্যায়ৰ নির্বাচন, ভোটাৰ ৩.৭০ কোটি, প্ৰাৰ্থী ১,৩০২গৰাকী
২০২০ চনত এই ১২২খন আসনৰ ভিতৰত বিজেপিয়ে ৪২খন আসনত জয়লাভ কৰিছিল
কাইলৈ বিহাৰ বিধানসভাৰ দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ ২০খন জিলাৰ ১২২খন আসনত অনুষ্ঠিত হ’ব নির্বাচন৷ এই পর্যায়ৰ ভোটগ্রহণ হ’বলগীয়া আটাইতকৈ স্পর্শকাতৰ ভোটকেন্দ্র হিচাপে পৰিগণিত হৈছে মগধ, মিথিল, চম্পাৰণ আৰু ভাগলপুৰৰ সীমাঞ্চল৷
দ্বিতীয় পর্যায়ত ১২২খন আসনত প্রতিদ্বন্দ্বিতা কৰিছে ১,৩০২গৰাকী প্রার্থীয়ে৷ মুঠ ৩.৭০ কোটি ভোটাৰে এইসকল প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷
২০২০ চনত এই ১২২খন আসনৰ ভিতৰত বিজেপিয়ে ৪২খন আসনত জয়লাভ কৰিছিল৷ আৰজেডিয়ে পাইছিল ৩৩খন, জেডিইউয়ে ২০খন আৰু কংগ্রেছে পাইছিল ১১খন আসন৷ এইবাৰ ১২২টা সমষ্টিত আৰজেডিয়ে সর্বাধিক ৭০খন আসনত প্রতিদ্বন্দ্বিতা কৰিছে৷ বিজেপিয়ে ৫৩খন আৰু জেডিইউয়ে ৪৪খন আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ অঞ্চলটোত এছআইআৰৰ বাবে সর্বাধিক ভোটাৰৰ নাম বাদ পৰিছে৷
ইয়াৰ অধিকাংশ লোকেই সংখ্যালঘু৷ সেই হিচাপত এইসকল ভোটাৰে বিশেষ গুৰুত্ব লাভ কৰিব৷ এছআইআৰ প্রৱর্তনৰ পিছত সংখ্যালঘু ভোটাৰসকল একত্রিত হোৱা বুলি ধাৰণা কৰা হৈছে৷ এনে পৰিপ্রেক্ষিতত মহাজোঁটবন্ধনৰ সপক্ষে এইসকল ভোটাৰে ভোটদান কৰিলে পৰিৱেশ সলনি হোৱাৰ সম্ভাৱনা আছে বুলি ৰাজনীতিৰ বিশেষজ্ঞসকলে মত পোষণ কৰিছে৷
অৱশ্যে তিৰোত্তৰা, চাৰণ আৰু মিথিলাৰ এটা অংশত বিজেপি, ভাগলপুৰত জেডিইউৰ ভেটি শক্তিশালী৷ নির্বাচন আয়োগেও প্রথম পর্যায়ৰ দৰে সুচাৰুৰূপে ভোটগ্রহণ অনুষ্ঠিত কৰাৰ বাবে প্রচেষ্টা হাতত লৈছে৷
ডিজিটেল ডেস্ক, ১০ নৱেম্বৰ