ৰূপম আখ্যান : আৰক্ষীৰ মাৰাথন জেৰাত গাড়ী চুৰি চক্রৰ নাম স্বীকাৰ ৰূপমৰ
কেইবাকোটি টকীয়া গাড়ী ভাৰাত আনি গোপনে বিক্রীৰ মাষ্টাৰ মাইণ্ড ৰূপম চহৰীয়াসহ ৩জনক গ্রেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ ইয়াৰে দুজনক ন্যায়িক জিম্মালৈ প্রেৰণৰ বিপৰীতে ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ অনা হৈছে ৰূপম চহৰীয়াক৷ আৰক্ষীয়ে দিছপুৰ থানাত ৰূপমক মাৰাথন জেৰা চলোৱাৰ সময়ত বহু গুৰুত্বপূর্ণ তথ্য সদৰী কৰাৰ লগতে বিশাল ধনৰ লেনদেন, বিনিয়োগসহ জিলা পর্যায়ৰ এজেণ্টসকলৰ নাম এটা এটাকৈ প্রকাশ কৰিছে৷
ৰূপমে কোন কোন এজেণ্টৰ জৰিয়তে কিমানখন গাড়ী কোন লোকক বিক্রী কৰিছে, সেই সন্দর্ভতো ভাষ্য প্রদান কৰা বুলি আৰক্ষীৰ বিশেষ সূত্রত প্রকাশ৷ আৰক্ষীয়ে পৰিকল্পিত আৰু শৃংখলিতভাৱে পর্যায়ক্রমে তদন্তত আগবাঢ়িছে, যাতে অপৰাধী চক্রটো সাৰি নাযায়৷
উল্লেখ্য যে গাড়ী মাহিলি নিৰিখত বিলাসী বাহন ভাৰাত আনি ৰূপম শহকীয়াই নির্দিষ্ট লোকৰ যোগেদি সেইবোৰ বিক্রী কৰিছিল৷ দৰঙৰ ভিন্ন প্রান্তৰ লগতে দক্ষিণ কামৰূপৰ মির্জা, গোৱালপাৰাৰ দুধনৈ, বাক্সাৰ ভিন্ন প্রান্তৰ উপৰি ওডালগুৰি জিলাৰ বননগুৰিসহ বহু স্থানত বিলাসী বাহন অর্ধেক মূল্যত বিক্রী কৰিছিল৷ বিক্রীৰ সময়ত বেংকৰ ঋণ সময়ত দিব নোৱাৰা, ফাইনেঞ্চে টানি লোৱা বুলি আভুৱা–ভাঁৰি বিশাল ধন ঘটিছিল৷
স্বয়ং ৰূপমে ‘নিয়মীয়া বার্তা’ক জনাইছিল ৰমেন দাস আৰু কিশোৰ মজুমদাৰৰ লগতে একাংশ পৰিবহণ বিভাগৰ কর্মচাৰী জড়িত থকাৰ বিষয়ে৷ অৱশ্যে কিশোৰ মজুমদাৰ আৰু ৰমেন দাসে অস্বীকাৰ কৰিছিল৷ কিন্তু আৰক্ষীয়ে ৰূপমক যোৰহাটত কৰায়ত্ত কৰাৰ সমান্তৰালভাৱেই ৰমেন দাস আৰু কিশোৰ মজুমদাৰকো কৰায়ত্ত কৰে আৰু দুয়োকে সোধা–পোছা কৰি ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ বিপৰীতে ৰূপমক অধিক সোধা–পোছা আৰু চৰজমিন তদন্তৰ বাবে ৫ দিনৰ জিম্মাত লয়৷
ইতিমধ্যে, জিম্মাৰ সময় প্রায় উকলি যোৱাৰ সময়ত ৰূপমে আৰক্ষীৰ সমুখত অপৰাধ স্বীকাৰ কৰাৰ লগতে কোন কোন জড়িত আছে সেয়াও উল্লেখ কৰিছে৷ আৰক্ষীয়ে তদন্তৰ স্বার্থত সবিশেষ প্রকাশ কৰা নাই যদিও পৰৱর্তী সময়ত ৰূপমৰ সহযোগী জে’ললৈ যোৱাৰ আশংকা প্রকট হৈ পৰিছে৷
গোচৰটোৰ তদন্তকাৰী দক্ষ আৰু সৎ বিষয়া হিচাবে এক পৰিচয় বর্তাই ৰখালৈ চাই গোচৰটোৰ পৰা কোনো ৰেহাই নাপাব বুলি ধাৰণা কৰা হৈছে৷ ইয়াৰ মাজতে ৰূপমৰ চোৰৰ ধনৰ লেনদেনৰ লগত জড়িত দৰঙৰ এগৰাকী যুৱতীক আৰক্ষীয়ে সোধা–পোছাৰ বাবে দিছপুৰ থানাত হাজিৰ হ’বলৈ নির্দেশ জাৰি কৰা বুলি প্রকাশ পাইছে৷
যুৱতীজনীৰ দৰঙৰ ঘৰত ৰূপমে আশ্রয় লৈ অহাৰো অভিযোগলৈ চাই পৰৱর্তী সময়ত ন্যায়িক জিম্মাত প্রৱেশ কৰিলেও আচৰিত হ’বলগীয়া একো নাই৷ অৱশ্যে যুৱতীৰ পিতৃ–মাতৃকো আৰক্ষীয়ে সোধা–পোছাৰ বাবে হাজিৰ হ’বলৈ নির্দেশ দিছে যদিও অৱসৰী মাষ্টৰজনে হার্টৰ অসুখ থকাৰ অচিলাৰে আঁতৰি থকা বুলি প্রকাশ৷
ইতিমধ্যে চোৰাং বিলাসী বাহন বিক্রী কৰি লাভ কৰা ধন ওভতাই দিবলৈ বাধ্য হোৱা অৱসৰী শিক্ষকজনে শেষ বয়সত হেণ্ডকাফ হাতত ল’বলগীয়া হ’ব নেকি, সেই লৈ দৰঙত ব্যাপক চর্চা চলিছে৷
ষ্টাফ ৰিপৰ্টাৰ, দৰং, ৪ ছেপ্টেম্বৰ